February 10, 2025 6:34 PM

views 35

চলিত বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰথম বাৰৰ বাবে ১ লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি

চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰথম বাৰৰ বাবে ১ লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। এখন ইংৰাজী দৈনিক কাকতত প্ৰকাশিত এটা বাতৰিৰ আঁত ধৰি ইলেকট্ৰনিক আৰু তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য প্ৰকাশ কৰে।এই সফলতাৰ বাবে তেওঁ চৰকাৰৰ উৎপাদনশীলতাৰ সৈতে সংযুক্ত উদগণিমূলক আঁচনিসমূহ...

February 10, 2025 6:10 PM

views 37

গ্রাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত ৩ লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছেঃ কেন্দ্ৰীয় মন্ত্রী চি আৰ পাৰ্টিল

কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলে আজি কয় যে গ্রাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত ৩ লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছে। ৰাজ্যসভাৰ শূণ্য কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযানৰ অধীনত ৰূপায়ণ কৰা সজাগতামূলক কাৰ্যসূচীসমূহৰ ফলত শৌচাগাৰ ব...

February 10, 2025 5:49 PM

views 19

কাইলৈ পেৰিছত ২০২৫ বৰ্ষৰ ‘কৃত্রিম বুদ্ধিমত্তা সন্মিলন’ত প্রধানমন্ত্ৰী মোদীয়ে সহ অধ্যক্ষতা কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। চাৰিদিনীয়া ভ্ৰমণ সূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ফ্ৰান্সৰ পেৰিছত কাইলৈ হ'বলগীয়া ২০২৫ বৰ্ষৰ কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰিব। তেওঁ লগতে ফ্ৰান্সৰ ৰাষ...

February 10, 2025 5:26 PM

views 18

সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজনত গুৰুত্ব আৰোপ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ লগতে অসমৰো বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰি এই বিষয়ে প্ৰকাশ কৰিছে। আজি এটা ভিডিঅ’ মুকলি কৰ...

February 10, 2025 5:01 PM

views 46

মহাকুম্ভ মেলাত ৰাষ্ট্ৰপতি মুৰ্মুৰ পূজা-অৰ্চনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত হৈ গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰি পূজা-অৰ্চনা আগবঢ়ায়। ৰাষ্ট্ৰপতিগৰাকী নাৱেৰে ত্রিবেণী সংগমত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুৱে প্ৰয়াগৰাজৰ অক্ষয়া আৰু বড়ে হনুমান মন্দিৰতো পূজা-অৰ্চনা আগবঢ়ায়। ...

February 10, 2025 1:37 PM

views 35

তেজপুৰৰ শতবৰ্ষ গৰকা সামাজিক অনুষ্ঠান অসমীয়া ক্লাবৰ ঐতিহ্য পদযাত্রা শীর্ষক কাৰ্যসূচী

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বিজাড়িত তেজপুৰৰ শতবৰ্ষ গৰকা সামাজিক অনুষ্ঠান অসমীয়া ক্লাবে ঐতিহ্য পদযাত্রা শীর্ষক এটা কাৰ্যসূচী গ্ৰহণ কৰে। শিক্ষাৰ্থীক লৈ ঐতিহাসিক স্থান পর্যবেক্ষণৰ উদ্দেশ্যে গ্ৰহণ কৰা এই কাৰ্যসূচী বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰ জিলাৰ আৰক্ষী অধী...

February 10, 2025 1:35 PM

views 23

বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠান আৰম্ভ

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান কালিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি এই উপলক্ষে মহাবিদ্যালয়খনত প্ৰাক্তন ছাত্ৰীসকলৰ মহামিলন আৰু অন্তৰংগ সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কালি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হয়। আজি দিনৰ ভাগত অসম সাহ...

February 10, 2025 1:34 PM

views 12

কাইলৈৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজন

কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কাইলৈৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তই এই গ্রন্থমেলা উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। অনুষ্ঠানত সা...

February 10, 2025 1:25 PM

views 29

আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ সামৰণি

শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ কালি সামৰণি পৰে। এই উপলক্ষে দৰগাহলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী অগণন লোকৰ সমাগম হয়। স্থানীয় হিন্দু ধৰ্মাৱলম্বী লোকসকলে দৰগাহলৈ প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰি আজ...

February 10, 2025 1:24 PM

views 23

ধেমাজিত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক অধিবেশনৰ সামৰণি

ধেমাজি জিলাৰ জিয়াচলত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক ধেমাজি অধিবেশনৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ তিনি শহস্রাধিক লোকে নিজৰ কৃষ্টি প্ৰদৰ্শন কৰে। এই শোভাযাত্ৰাত মিচিং, দেউৰী, গাৰোকে ধৰি কেইবাটাও জনগোষ্ঠীৰ লোকে অংশ লয়। সাংস্কৃতি...