February 12, 2025 6:31 PM

views 34

বিশ্ব অনাতাঁৰ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্রৰ আকাশী লহৰ শীর্ষক বিশেষ অনুষ্ঠানৰ আয়োজন

কাইলৈ বিশ্ব অনাতাঁৰ দিৱস। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্রই কাইলৈ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ চানমাৰিত থকা অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ প্রেক্ষাগৃহত আকাশী লহৰ শীর্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বিশ্ব অনাতাঁৰ দিৱসৰ এই বছৰৰ প্রতিপাদ্য বিষয় "ৰেডিঅ' আৰু জলবায়ু পৰিৱর্তন বিষয়ত বক্তৃতা ...

February 12, 2025 5:11 PM

views 39

এছিয়া মিক্সড টীম বেডমিণ্টনত মাকাউৰ বিৰুদ্ধে ভাৰতৰ ৫-০ ফলাফলত জয়েৰে অভিযান আৰম্ভ

ভাৰতে চীনৰ চিংড়াওত অনুষ্ঠিত এছিয়া মিক্সড টীম বেডমিণ্টন প্রতিযোগিতাত মাকাউৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণ আৰু আদ্যা বৰীয়াথে মিক্স ডাৱলছৰ প্ৰথমখন খেলত ইয়ক ছং লিয়ং আৰু ৱেং চি এন জিক ২১-১০, ২১-৯ গেমত পৰাস্ত কৰে। ইয়াৰ পাছত লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ এখন খে...

February 12, 2025 5:05 PM

views 35

অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণীৰে বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণীৰে বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইত ধাৰাষাৰ বৰষুণ বা তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে।

February 12, 2025 5:03 PM

views 21

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত

অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত আছে। এই সন্মিলনৰ অংশহিচাপে অহা ২৪ ফেব্ৰুৱাৰীত সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত...

February 12, 2025 5:01 PM

views 20

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে আজি অসমৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, দৰং জিলা প্ৰশাসন, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সদৌ ডিব্ৰুগড় জিলা কোচ ৰ...

February 12, 2025 4:48 PM

views 45

মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে অব্যাহত আছে

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে চলি আছে। কল্পবাসৰ প্ৰথাৰ সামৰণি প্ৰতীকস্বৰূপ এই স্নানৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত কল্পবাস সম্পূৰ্ণ কৰা ১০ লাখৰো অধিক লোকে এই স্নানত ভাগ ল'ব। ধৰ্মীয় বিশ্বাস অনুসৰি ত্ৰিবেণী সংগমৰ পাৰত মাঘি পূর্ণিমালেকে মহাকুম্ভৰ সময়ত কল্পবাস খা...

February 12, 2025 4:46 PM

views 27

সমগ্ৰ দেশত আজি সন্ত ৰবীদাসৰ জয়ন্তী পালন

সমগ্ৰ দেশত আজি সন্ত ৰবীদাসৰ জয়ন্তী পালন কৰা হৈছে। ৰবীদাস চতুৰ্দশ শতিকাৰ এগৰাকী মহান সন্ত আৰু উত্তৰ ভাৰতৰ শক্তি আন্দোলনৰ প্ৰতিষ্ঠাতা আছিল। হিন্দু দীনপঞ্জী অনুসৰি মৰ্ঘ মাহৰ পূৰ্ণিমাৰ দিনা ৰবীদাস জয়ন্তী পালন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয...

February 12, 2025 4:44 PM

views 37

কৃত্রিম বুদ্ধিমত্তা ক্ষেত্ৰত ভাৰতে যথেষ্ট প্ৰগতি কৰিছেঃ প্ৰধানমন্ত্ৰী

ভাৰতে কৃত্রিম বুদ্ধিমত্তা ক্ষেত্ৰত যথেষ্ট প্ৰগতি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুগলৰ মুখ্যকাৰ্যবাহী বিষয়া সুন্দ পিচাইক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। শ্রীমোদীয়ে লগতে বিশ্বক ভাৰতত বিনিয়োগ কৰিবলৈ আৰু ভাৰতৰ যুৱ শক্তিৰ প্ৰতি বিশ্বাস ৰাখিবলৈ আহ্বান জ...

February 12, 2025 4:38 PM

views 44

অসমৰ নয়নমণি শ‍ইকীয়াই অনন্য অভিলেখ গঢ়ি ক্রমাগত ৫ খন ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণ পদক জয়

অসমৰ নয়নমণি শ‍ইকীয়াই অনন্য অভিলেখ গঢ়ি ক্রমাগত ৫ খন ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণ পদক জয় কৰিছে। উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমোৰোহৰ মহিলাৰ ল'ন বলৰ ডাবলছত সোণৰ পদক অৰ্জন কৰি ক্রীড়াবিদগৰাকী এই কৃতিত্বৰ অধিকাৰী হয়। একেদৰে ৰাজ্যৰ আন এগৰাকী ল'নবল খেলুৱৈ বনগীতাই সৰ্বাধি...

February 12, 2025 4:35 PM

views 80

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যত কাইলৈৰ পৰা হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মুঠ ৩ লাখ ৬ হাজাৰ ৮৪১ গৰাকী পৰিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ৰাজ্যৰ মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ...