উচ্চতম ন্যায়ালয়ে আজি ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব। আজিৰ শুনানিত এই গোচৰটোত অন্তৱৰ্তীকালীন নির্দেশ সংক্রান্তীয় তিনিটা মূল বিষয় – আদালতে ৱক্ফ সম্পত্তি বুলি ঘোষণা কৰা সম্পত্তি ঘূৰাই দিয়াৰ ক্ষমতা, ভোগ কৰি থকা ৱক্ফ সম্পত্তিৰ মালিকানা আৰু বিক্ৰীৰ জৰিয়তে ৱক্ফ সম্পত্তি সম্পর্কত আদালতে বিবেচনা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যিক ৱক্ফ ব’ৰ্ড আৰু কেন্দ্ৰীয় ৱক্ফ পৰিষদৰ গঠন প্ৰক্ৰিয়া সম্পৰ্কত আবেদনকাৰীসকলে দাখিল কৰা আপত্তি সম্পর্কেও সর্বোচ্চ আদালতে বিবেচনা কৰিব। উল্লেখযোগ্য যে আবেদনকাৰীসকলে তেওঁলোকৰ আবেদনকেইখনত কেৱল মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়েহে এইসমূহৰ সদস্য হ’ব লাগে বুলি যুক্তি দর্শাইছে।
ৱক্ফ সংশোধনী আইন ২০২৫-ত উল্লেখ কৰা অনুসৰি অনুসন্ধানৰ পাছত জিলা দণ্ডাধীশে কোনো ৱক্ফ সম্পত্তিক চৰকাৰী সম্পত্তিৰূপে গণ্য কৰাৰ ক্ষমতাকো আবেদনকাৰীসকলে প্ৰত্যাহ্বান জনাইছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে মুখ্য ন্যায়াধীশ বি আৰ গৱাই আৰু ন্যায়াধীশ আগষ্টিন জর্জ মাখিয়ে এই সম্পৰ্কীয় গোচৰৰ শুনানি যোৱা ১৫ মে’ত স্থগিত ৰাখিছিল। ১৫ মে’ৰ শুনানিত মুখ্য ন্যায়াধীশ গৱাইয়ে ১৯৯৫ চনৰ মূল ৱক্ফ আইনখনক প্ৰত্যাহ্বান জনোৱা সম্পৰ্কীয় কোনো বিষয় বিবেচনা নকৰে আৰু বিচাৰ প্ৰক্ৰিয়া কেৱল ২০২৫ চনৰ ৱক্ফ সংশোধনী আইনৰ ব্যৱস্থাৱলীৰহে আইনী পৰ্যালোচনা কৰা হ’ব বুলি স্পষ্ট কৰি দিছে।
Site Admin | May 20, 2025 8:33 PM | Akashvani Guwahati | Supreme Court of India | waqf
উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব
