December 10, 2025 11:14 AM

views 35

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়নক লৈ উচ্চতম ন্যায়ালয়ৰ নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়ন কৰাক লৈ উচ্চতম ন্যায়ালয়ে নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰীয়ে যোৱা ১ ডিচেম্বৰত ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়ালয়ে এই জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰে গঠিত খণ্ড বিচাৰপীঠে কালি দেশৰ নিৰ্বাচন আয়োগৰ লগতে অসম চৰকাৰলৈ জাননী জাৰি কৰি এসপ্তাহৰ ভ...

November 2, 2025 11:55 AM

views 32

হোজাই জিলাৰ যমুনা-মৌডেঙা বনাঞ্চলৰ দখলিকৃত ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত স্থিতাবস্থা বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

ৰাজ্য চৰকাৰে জাননী জাৰি কৰা হোজাই জিলাৰ যমুনা-মৌডেঙা বনাঞ্চলৰ দখলিকৃত ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত স্থিতাবস্থা বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে। যোৱা ১৩ অক্টোবৰত হোজাই বন সংমণ্ডলৰ ডবকাৰ এই ভূমি দখল হোৱা বুলি চিহ্নিত কৰি প্ৰশাসনে ১৫ দিনৰ ভিতৰত বাসস্থান খালী কৰাৰ বাবে ৬০০ পৰিয়াললৈ জাননী জাৰি কৰিছিল। এই জাননীক প্রত্যাহ্বান জনাই দাখিল কৰা ৩৫০ আৱেদনৰ ভিতৰত এখন শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ খণ্ড বিচাৰপীঠে আৱেদনখন নিষ্পত্তি নোহোৱা পর্যন্ত ...

July 5, 2025 12:30 PM

views 33

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪গৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ অনুমোদন

● উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ যোৱা ১ জুলাইত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ অধিবক্তা অঞ্জন কলিতা আৰু ৰাজেশ মজুমদাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কলেজিয়ামে অসম ন্যায়িক সেৱাৰ জ্যেষ্ঠ বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ শৰ্মাকো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে এই চাৰিগৰাকী ব্যক্তিৰ নিযুক্তিৰ ক্ষেত...

May 20, 2025 8:33 PM

views 42

উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব

উচ্চতম ন্যায়ালয়ে আজি ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব। আজিৰ শুনানিত এই গোচৰটোত অন্তৱৰ্তীকালীন নির্দেশ সংক্রান্তীয় তিনিটা মূল বিষয় – আদালতে ৱক্‌ফ সম্পত্তি বুলি ঘোষণা কৰা সম্পত্তি ঘূৰাই দিয়াৰ ক্ষমতা, ভোগ কৰি থকা ৱক্‌ফ সম্পত্তিৰ মালিকানা আৰু বিক্ৰীৰ জৰিয়তে ৱক্‌ফ সম্পত্তি সম্পর্কত আদালতে বিবেচনা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যিক ৱক্‌ফ ব'ৰ্ড আৰু কেন্দ্ৰীয় ৱক্‌ফ পৰিষদৰ গঠন প্ৰক্ৰিয়া সম্পৰ্কত আবেদনকাৰীসকলে দাখিল কৰা আপত্তি সম্পর্কেও সর্ব...

May 5, 2025 8:30 PM

views 24

ৱকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ সৈতে জড়িত বিষয়টো চলিত মাহৰ ১৫ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ৱকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ সৈতে জড়িত বিষয়টো চলিত মাহৰ ১৫ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ দ্বাৰা গঠিত বিচাৰপীঠে এই আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কয়, যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে দিয়া শপতনামা সুক্ষ্মভাৱে অধ্যয়ন কৰা নাই। তেওঁ কয়, যে এই বিষয়টো পৰৱৰ্তী মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃ...

April 15, 2025 2:43 PM

views 38

ৱাকফ সংশোধনী আইন ২০২৫ৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত সংঘটিত ঘটনাৰ তদন্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন দাখিল

পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত ৱাক্‌ফ সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ বিজেপিয়ে ৰাজ্যপাল ড০ চি ভি আনন্দ বসুক আহ্বান জনাইছে। ৰাজ্যপালগৰাকীলৈ লিখা এখন পত্ৰত ৰাজ্যিক সভাপতি ড০ সুকান্ত মজুমদাৰে ঘটনা সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে এই ঘটনা সংক্রান্তত আদালতৰ নিৰীক্ষণত বিশেষ তদন্তকাৰী দলৰ তদন্তৰ আহ্বান জনাই শশাংক শেখৰ ঝা নামৰ এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। ইফালে কালি সী...

March 23, 2025 7:53 PM

views 44

সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰিঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাই

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাইয়ে আজি কয় যে সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰি। ইম্ফলত মণিপুৰ উচ্চ ন্যায়ালয়ৰ দ্বাদশ বার্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি ন্যায়াধীশগৰাকীয়ে আলোচনাৰ শক্তি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে সকলো পক্ষ আগবাঢ়ি আহিলে সমাধান সম্ভৱ হৈ উঠে। দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰা উচ্চতম ন্যায়ালয়ৰ ৫ গৰাকী ন্যায়াধীশৰ দলটোক নেতৃত্ব তেওঁ গোষ্ঠীগত সংঘৰ্ষই প্ৰভাৱিত কৰা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত নিজৰ মত প্রকাশ কৰে। তেওঁ কয় যে এই ভ্...

March 23, 2025 6:12 PM

views 37

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ ৩ জনীয়া অভ্যন্তৰীণ তদন্ত কমিটি গঠন

উচ্চতম ন্যায়ালয়ে যোৱা নিশা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগ সন্দৰ্ভত ফটো, ভিডিঅ'সহ অভ্যন্তৰীণ প্রতিবেদন ৱেবছাইটত আপলোড কৰে। সর্বোচ্চ ন্যায়ালয়ে এই ঘটনা সন্দৰ্ভত ন্যায়াধীশ বাৰ্মাৰ উত্তৰো জাৰি কৰিছে। ন্যায়াধীশ বার্মাই তেওঁৰ উত্তৰত অভিযোগসমূহ খণ্ডন কৰি জুই লগা তথা নগদ ধন উদ্ধাৰ হোৱা কথাটো মূল ভৱনৰ অংশ নাছিল আৰু বাহিৰৰ কোঠা আছিল বুলি উল্লেখ কৰিছে। ন্যায়াধীশগৰাকীয়ে লগতে কোঠাটোত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ কোনো সদস্য বাস নকৰা বুলি দাবী কৰে। তদ...

February 27, 2025 4:35 PM

views 37

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্টঃ উচ্চতম ন্যায়ালয়

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞাৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰে কালি উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰে। শপতনামাত চৰকাৰে এনেধৰণৰ দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্ট বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আজীৱন নিষেধাজ্ঞা আৰোপৰ বাবে অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত এগৰাকী অধিবক্তাই এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনত ফৌজদাৰী গোচৰত দোষ...

February 26, 2025 12:06 PM

views 33

অসমত চিনাক্ত হোৱা অবৈধ বিদেশী প্রত্যাপৰ্ণৰ বিষয়টো সর্বোচ্চ পৰ্যায়ত বিবেচনাধীন হৈ আছে বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰে কেন্দ্ৰীয় চৰকাৰে

অসমত চিনাক্ত হোৱা অবৈধ বিদেশী প্রত্যাপৰ্ণৰ বিষয়টো সর্বোচ্চ পৰ্যায়ত বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক কালি অৱগত কৰে। ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্বল ভূঞাৰ বিচাৰপীঠক কালি চ’লিছিটৰ জেনেৰেল তুষাৰ মেহতাই এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে চিনাক্ত হোৱা বিদেশীৰ প্ৰত্যাপর্ণ সন্দৰ্ভত ২১ মাৰ্চৰ ভিতৰত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে। শ্রীমেহতাই বিষয়টো সন্দৰ্ভত আদালতৰ পৰা সময় বিচাৰে আৰু আদালতে তেওঁৰ অনুৰোধ মঞ্জুৰ কৰি ২১ মাৰ্চলৈ শুনানি স্থগিত ৰাখে। উল্লেখযোগ্য যে যোৱা ৪ ফেব্ৰু...