September 21, 2025 11:47 AM

views 77

শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত সমগ্ৰ ৰাজ্য শোকস্তব্ধ

জনতাৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ আছে। শিল্পীগৰাকীৰ বিয়োগৰ বাতৰি পোৱাৰ পাছৰে পৰা অগণন লোক স্বতঃস্ফূর্তভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথসমূহত সমবেত হয়। ম্রিয়মান জনতাই শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ কণ্ঠত আওঁৰাই তেওঁৰ প্ৰতি ৰাজ্যৰ প্ৰান্তে প্রান্তে শ্রদ্ধা নিবেদিছে। শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিগৰাকী অনুৰাগী শোকাহত আৰু স্তম্ভিত হৈ পৰিছে। শিৱসাগৰত কালি জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয়। বহুসংখ্যক অনুৰাগী আৰু গুণমুগ্ধৰে ভৰি...

September 21, 2025 11:01 AM

views 35

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা

অসমৰ সংগীত জগতত বিশাল শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ লৈ অনা হৈছে। বিমান বন্দৰত অজস্ৰ অনুৰাগীয়ে কালি নিশাৰে পৰা প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰদেহৰ বাবে অপেক্ষা কৰি আছিল ৷ কালি দিনৰ ভাগত শিল্পীগৰাকীৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা দিল্লীলৈ বিমানেৰে অনাৰ পাছতে দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই শ...

September 20, 2025 9:14 PM

views 6

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্মানার্থে আজিৰে পৰা তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা

সমগ্ৰ অসমজুৰি হাহাকাৰ আৰু শূন্যতা। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অভাৱনীয় আৰু আকস্মিক বিয়োগৰ যন্ত্ৰণাত ৰাজ্যত যেন চকুলোৰ নৈ বৈছে। চৌদিশে কেৱল হুমুনিয়াহ আৰু বিষাদ। অসমৰ সংগীত জগতত বিশাল শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্মানার্থে আজিৰে পৰা তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান, আনুষ্ঠানিক কাৰ্যসূচী আৰু ৰাজহুৱা উৎসৱ স্থগিত থাকিব। শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আজ...

September 19, 2025 8:39 PM

views 89

ছিংগাপুৰত অসমৰ ৰাইজৰ হিয়াৰ আমঠু, জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ দেহাৱসান

◊ অসমৰ ৰাইজৰ হিয়াৰ আমঠু, জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ছিংগাপুৰত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ সাগৰত সাঁতোৰাৰ সময়ত হঠাৎ অসুস্থ হৈ মৃত্যুক আঁকোৱালি লয় ক্ষণজন্মা শিল্পীগৰাকীয়ে। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতত অপ্ৰতিদ্বন্দ্বী হৈ ৰোৱা কণ্ঠশিল্পী জুবিন গাৰ্গে কেৱল অসমীয়াই নহয়, বাংলা, হিন্দী আৰু আন কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্রমুগ্ধ কৰি থৈ গৈছে। প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি কেৱল ৫৩ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ দেহাৱসানত...

September 19, 2025 6:54 PM

views 330

অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই…

অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰৰ সাগৰত সাতোঁৰাৰ সময়ত আজি দুপৰীয়া জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰে। তেওঁক ততালিকে ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ নিয়া হয়। চিকিৎসকসকলে তেওঁক বচাবলৈ চলোৱা সকলো প্রচেষ্টা ব্যর্থ হয় আৰু ভাৰতীয় সময় অনুসৰি দিনৰ ২ বাজি ৪৫ মিনিটত চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতত এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াই নহয়, বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্রমুগ্ধ কৰি থৈ গৈছে। প...