September 25, 2025 10:22 PM

views 34

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। প্রান্তে প্রান্তে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাইলৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰিব ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰৰ নিৰ্মীয়মান উদ্যানখন জুবিন গার্গ ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। উদ্যানখনত আজি শিল্পীগৰাকীৰ শিল্পী চিতাভষ্ম স্থাপন কৰাৰ লগতে দুটা নাহৰৰ পুলি...

September 24, 2025 10:08 PM

views 38

প্রিয় শিল্পী জুবিন গাৰ্গৰ সকলো সামগ্ৰী সংৰক্ষণ কৰা হ’ব বুলি পত্নী গৰিমা গাৰ্গৰ সদৰী

প্রিয় শিল্পী জুবিন গাৰ্গৰ সকলো সামগ্ৰী সংৰক্ষণ কৰা হব বুলি পত্নী গৰিমা গাৰ্গে আজি সদৰি কৰিছে। তেওঁ কয় যে ছিংগাপুৰৰ পৰা আহি শিল্পীগৰাকীয়ে ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনৰ ডাবিঙৰ কাম কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল। জুবিন গাৰ্গৰ ইচ্ছা অনুসৰি ৩১ অক্টোবৰত চলচ্চিত্ৰখন মুক্তি দিয়াটো তেওঁ বিচাৰে বুলি মন্তব্য কৰে। তেওঁ লগতে শিল্পীগৰাকীৰ প্ৰতি ৰাইজৰ অপাৰ মৰম স্নেহৰ বাবে আন্তৰিকতা জ্ঞাপন কৰে। এই ঘটনাৰ তদন্ত সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে চৰকাৰ আৰু আইনৰ ওপৰত তেওঁৰ আস্থা আছে।

September 24, 2025 9:11 PM

views 24

ৰাজ্যত শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত সংগঠন বা সংস্থাৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা

অসম চৰকাৰে ব্যৱসায়ী আৰু নিজকে সাংস্কৃতিক কৰ্মী বুলি দাবী কৰা শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত যিকোনো সংগঠন বা সংস্থাই ৰাজ্যখনৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰে সেই ব্যক্তিজনৰ সৈতে জড়িত কোনো অনুষ্ঠানক প্রত্যক্ষ বা পৰোক্ষভাৱে কোনোধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন, বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনোধৰণৰ বিত্তীয় সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ক...

September 23, 2025 11:09 AM

views 46

সোণাপুৰৰ কমাৰকুছিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য

আজি অসমবাসীৰ হৃদয় উকা কৰি গানৰ জ্যোতিষ্ক নিৰ্বাপিত হ'ব। সুৰৰ আঁচল ধৰি বহু দূৰলৈ গুচি যোৱা বিৰল প্ৰতিভাৰ আজি কায়িকভাৱে মহা অৱসান ঘটিব। ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তেষ্টিক্রিয়া আজি দিনৰ ভাগত যোৰাবাটৰ সমীপৰ কমাৰকুছিত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। ইয়াৰাবাবে অন্ত্যেষ্টিক্রিয়াস্থলীত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।  অনুৰাগীসকলে কালিও অভূতপূৰ্ব ৰূপত প্রিয় শিল্পীক শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শে...

September 23, 2025 11:07 AM

views 25

জনতাৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ আজি পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেল যোগে এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে বাৰম্বাৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বাধ্য হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আজি শেষকৃত্য সময়ৰ কিছু সালসলনি হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লে...

September 22, 2025 7:57 PM

views 28

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব

ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এখন সংবাদমেল যোগে এই বিষয়ে নিশ্চিত কৰে। তেওঁ কয়, যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে বাৰম্বাৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বাধ্য হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ শেষকৃত্য সময়ৰ কিছু সালসলনি হ'ব পাৰে বুলি মু...

September 22, 2025 7:51 PM

views 32

অসমৰ সংগীত আকাশৰ জ্যোতিষ্কক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ আজিও অগণন লোক সৰুসজাই ষ্টেডিয়ামত সমবেত

কফিনত শুই থকা অসমৰ সংগীত আকাশৰ জ্যোতিষ্কক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ আজিও অগণন লোক সৰুসজাই ষ্টেডিয়ামত সমবেত হয়। ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱ...

September 22, 2025 7:44 PM

views 54

যোৰহাট জিলাতো এখন জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে মন্ত্রীসভাৰ সিদ্ধান্ত

ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰিছে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি সন্ধিয়া দ...

September 22, 2025 7:11 PM

views 263

হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ দৰ্শনৰ বাবে সমগ্ৰ নিশা অজস্র গুণমুগ্ধৰ ভিৰ

ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱোৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্...

September 22, 2025 6:56 PM

views 30

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলৰ আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন

ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱোৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্...