January 3, 2026 6:47 PM

views 24

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনৰ বিৰুদ্ধে আজি কিছুসময়ৰ পাছতে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ কৰা হ'ব। এই শুনানিত সিদ্ধার্থ শৰ্মা, শ্যামকানু মহন্তসহ আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোনটো ধাৰাত বিচাৰ চলিব সেয়া নিশ্চিত কৰাৰ সম্ভাৱনা আছে। অৱশ্যে আজিৰ শুনানিত চৰকাৰী পক্ষৰ অধিবক্তাই অতিৰিক্ত সময় লোৱাৰো সুযোগ থাকিব। নিয়ম অনুসৰি কি ধাৰাত বিচাৰ চলিব সেই বিষয়ে গ্রহণ কৰা শুনানিত অভিযুক্তই আদালতত সোঁশৰীৰে উপস্থিত থাকিব লাগে যদিও আইন শৃংখলাজন...

December 7, 2025 11:57 AM

views 56

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিলৰ বাবে এছ আই টিৰ প্ৰস্তুতি অব্যাহত

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিলৰ বাবে অহৰহ প্ৰস্তুতি অব্যাহত ৰাখিছে। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ছদিন পূর্বেই অভিযোগনামা দাখিল কৰা হ'ব। বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই কালি উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত এখন সংবাদমেলত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে তদন্ত প্রক্রিয়া প্রায় শেষ পৰ্যায়ত উপনীত হৈছে আৰু এতিয়ালৈ তিনি শতাধিক ...

November 21, 2025 8:03 PM

views 26

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্যগ্রহণ প্ৰক্ৰিয়াৰ অন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰে। ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে তিনি নৱেম্বৰৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছিল। আজি বিয়লি চাৰি বজা পর্যন্ত, ন্যায়িক আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বহুকেইটা দল- সংগঠন তথা কেইবাগৰাকী ব্যক্তিসহ মুঠ ৩৯খন শপতনামা তথা সাক্ষ্য গ্রহণ কৰে। ন্যায়িক আয়োগে তিনি নৱেম্বৰৰ পৰা আজিৰ দিনটোলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তথ্য দাখিলৰ বাবে সময়সীমা বান্ধি দিছিল। আজ...

November 18, 2025 1:01 PM

views 58

জুবিন গাৰ্গৰ অবৰ্তমানত ওপজা দিন উদযাপন

● জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে শিল্পীগৰাকীৰ গীত আৰু স্মৃতিক লৈ তেওঁৰ ওপজা দিনটো উদযাপন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। কালি মাজনিশাই জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহৰ লগতে তেওঁৰ ষ্টুডিঅ'ত অনুৰাগীসকলে জন্মদিন উদযাপন আৰম্ভ কৰে। গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাৰেপৰা জন্মদিন উপলক্ষে বিভিন্ন কার্যসূচী লোৱা হৈছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম-প্ৰসংগ, নাহৰ পুলি ৰোপণ আৰু বিয়লি ৫ হাজাৰ গচি বন্তি প্ৰজ্বলন কৰা হ'ব। ইয়...

November 17, 2025 6:04 PM

views 35

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাচক্ৰখন ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ড০ ভূপেন হাজৰিকাৰ আত্মীয়তাৰ কথা ব্যক্ত কৰে। প্ৰথম দিনা অনুষ্ঠিত দুখনকৈ অনুষ্ঠিত আলোচনা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষ...

November 4, 2025 11:06 AM

views 50

■ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া আৰম্ভ

● জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সাক্ষ্য গ্রহণৰ বাবে ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে অহা ২১ নৱেম্বৰলৈ সাক্ষ্য গ্ৰহণ কৰিব। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্রামোদ্যোগ বিভাগৰ চৌহদত এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। দিনৰ ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ এই সাক্ষ্য গ্ৰহণ কৰা হ'ব। অৱশ্যে কালি প্ৰথমদিনা আয়োগৰ সন্মুখত কোনো লোকে সাক্ষ্য প্রদান নকৰিলে। উল্লেখযোগ্য যে এই আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰিটা মূল বিষয়ৰ তদন্ত কৰিব। ইপিনে, কালি এছ আই ট...

October 27, 2025 11:31 AM

views 65

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে সাজু ন্যায়িক আয়োগ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্ত আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰিছে। ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত এই আয়োগে মূলত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য আৰু পৰিস্থিতি সম্পৰ্কীয় চাৰিটা বিষয়ক তদন্তত সামৰি ল'ব। আয়োগে ছিংগাপুৰত ঘটনাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ছোৱাৰ সকলোবোৰ পৰিঘটনাৰ ক্ৰম নিৰ্ণয় কৰিব। তদুপৰি তদন্তত ৰৈ য...

October 19, 2025 8:26 PM

views 71

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত মাঙ্গলিক কাৰ্যসূচীৰ আয়োজন

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত মাঙ্গলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। শিল্পীগৰাকীৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিক্ষেত্ৰত আজি ডিমৰীয়াবাসী ৰাইজে গীতা পাঠ, সংকীর্তন, সর্বধর্ম প্ৰাৰ্থনাৰ লগতে এশগৰাকী নামতী দলে নাম-প্রসংগ আৰু এশগৰাকী বাঁহীবাদকে শ্রদ্ধাঞ্জলি জনায়। নিশালৈ ভাওনা পৰিবেশনৰ ব্যৱস্থা কৰা হৈছে। বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত লতাশিল খেলপথাৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে ১২ ঘণ্টীয়া অখণ্ড থিয় নাম পৰিবেশন কৰা হয়। গুৱাহাটী মহানগৰীৰ কাহিলীপা...

October 14, 2025 11:08 AM

views 36

জুবিন গাৰ্গৰ অন্তিম সময়ৰ মোবাইলত আবদ্ধ দৃশ্যসমূহ পুনৰ উদ্ধাৰ এছ আই টিৰ

● ছিংগাপুৰৰ সমুদ্ৰত জুবিন গাৰ্গৰ অন্তিম সময়ৰ মোবাইলত আবদ্ধ কৰা দৃশ্যসমূহ এছ আই টিয়ে পুনৰ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। অভিযুক্ত অমৃত প্রভা মহন্তই মচি পেলোৱাৰ পাছত অসম আৰক্ষীৰ তথ্য প্রযুক্তি বিশেষজ্ঞই এই ভিডিঅ'সমূহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল কালি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে পৰিয়ালক অৱগত কৰে। অৱশ্যে এই প্রতিবেদন সন্দৰ্ভত আৰক্ষীয়ে ৰাজহুৱাকৈ কোনো তথ্য সদৰি কৰা নাই। এই তদন্ত প্রক্রিয়া ক্ষীপ্ৰ গতিত আগবাঢ়িছে বুলি...

October 8, 2025 6:14 PM

views 45

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক ১৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। অৱশ্যে আদালতে ৭ দিনৰ বাবে সন্দীপনক তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে তেওঁ একেলগে যোৱাৰ উপৰি ছিংগাপুৰৰ সাগৰত জুবিন গাৰ...