September 4, 2025 8:44 PM

views 22

নতুন দিল্লীত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ সৈতে এখন বিস্তৃত আৰু ফলপ্ৰসূ বৈঠকত মিলিত হয়। সেউজ আৰু ডিজিটেল জাহাজ কৰিড'ৰ, মহাকাশ খণ্ডত সহযোগিতা, অসামৰিক বিমান পৰিবহন খণ্ডত সহযোগিতা আৰু প্ৰশিক্ষণ আৰু ডিজিটেল সম্পদ উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি মুঠ পাঁচখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব পি কুমাৰনে কয় যে দুয়োগৰাকী নেতাই সৰ্বাত্মক কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত ৰূপৰেখা প্ৰস্তুত কৰে।...

September 3, 2025 7:12 PM

views 18

অহা ১৪ ছেপ্তেম্বৰত নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ছেপ্তেম্বৰত গোলঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলীগড় শোধানাগাৰৰ ৫০ শতাংশ অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্রকল্পটো উদ্বোধনৰ বাবে প্রায় সাজু কৰি তোলা হৈছে। এই প্রকল্পটোৰ পৰা প্ৰতি বছৰে ৫০ হাজাৰ টন ইথানল, ১৮ হাজাৰ টন ফার্ফিউৰেল আৰু ১১ হাজাৰ টন এচিটিক এছিড উৎপাদন কৰা হ'ব। অবশিষ্ট লীগনিনৰ পৰা ২৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জৈৱ ইথানল প্ৰকল্পৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে আজি সংবাদমেলত উল্লেখ কৰে। ইয়া...

August 14, 2025 8:31 PM

views 35

লালকিল্লাৰ প্ৰাচীৰত কাইলৈ প্রধানমন্ত্ৰীৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন

সমগ্র দেশে কাইলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ দৃষ্টিভংগীৰ দিশে দেশ ধাৱমান হোৱাৰ সময়ত উদযাপিত এইবাৰৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে ‘নতুন ভাৰত’। এই উদযাপনে সমৃদ্ধিশালী, সুৰক্ষিত আৰু সাহসী নতুন ভাৰতৰ ক্ৰমৱবৰ্ধমান উত্থানৰ বাবে এখন মঞ্চ হিচাপে কাম কৰিব আৰু প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাৰ বাবে নতুন শক্তি য...

August 7, 2025 12:15 PM

views 28

বিগত ১১ বছৰত ভাৰতে স্বচ্ছ, সঁহাৰিমূলক আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ আৰ্হি গঢি় তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিগত ১১ বছৰত ভাৰতে স্বচ্ছ, সঁহাৰিমূলক আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ আৰ্হি গঢি় তুলিছে। কালি সন্ধিয়া কৰ্তব্য পথত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দি শ্ৰীমোদীয়ে কয়, যে ভাৰতক এক সামগ্ৰিক দৃষ্টিভংগীৰে গঢ় দিয়া হৈছে য’ত দেশৰ প্ৰতিটো অঞ্চললৈ উন্নয়ন বিয়পি পৰিছে। তেওঁ কয় যে, দেশত ৩০ হাজাৰৰো অধিক পঞ্চায়ত ভৱন, দৰিদ্ৰ লোকৰ বাবে ৪ কোটিৰো অধিক গৃহ আৰু ৩০০ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢি় তোলাৰ লগতে...

July 14, 2025 8:47 PM

views 21

বি সৰোজা দেৱীৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ

বিশিষ্ট অভিনেত্ৰী বি সৰোজা দেৱীৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, অভিনেত্ৰী সৰোজা দেৱীক সমাজে ভাৰতীয় চলচ্চিত্ৰ আৰু সংস্কৃতিৰ এগৰাকী অনন্য শিল্পীৰূপে সদায় মনত ৰাখিব। শ্রীমোদীয়ে লগতে কয় যে তেওঁৰ অনন্য অভিনয়শৈলীয়ে সকলো প্ৰজন্মৰ লোককে আকৰ্ষিত কৰিছে। বিভিন্ন ভাষাত কৰা অভিনেত্ৰীগৰাকীৰ অভিনয় কৰ্মই শিল্পীগৰাকীৰ বহুমুখী প্রতিভাক দাঙি ধৰিছে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

June 24, 2025 8:44 PM

views 27

ভাৰতীয় নাগৰিকৰ তেজেৰে ৰাঙলি কৰা ভাৰতৰ পবিত্র ভূমি সন্ত্ৰাসবাদীৰ বাবে কেতিয়াও আশ্রয়স্থল হ’ব নোৱাৰে – প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে যে, ভাৰতীয় নাগৰিকৰ তেজেৰে ৰাঙলি কৰা ভাৰতৰ পবিত্র ভূমি সন্ত্ৰাসবাদীৰ বাবে কেতিয়াও আশ্রয়স্থল হ'ব নোৱাৰে আৰু অপাৰেচন সিন্দুৰৰ জৰিয়তে এই ভাষ্য স্পষ্ট ৰূপত দাঙি ধৰা হৈছে। তেওঁ লগতে কয়, যে এই অভিযানৰ জৰিয়তে গোলকীয় পৰ্য্যায়ত ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মসৃণ আৰু অনমনীয় কাৰ্য্যপন্থা বিশ্ববাসীয়ে ইতিমধ্যে দেখা পাইছে। প্রধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত অনুষ্ঠিত আধ্যাত্মিক আৰু নৈতিক আদর্শেৰে পূৰ্ণ দুজন মহান নেতা শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ কথোপকথনৰ শত...

June 21, 2025 8:21 PM

views 31

মহিলা আৰু শিশু কল্যাণ নীতিত যোগৰ বিষয়টো অন্তৰ্ভুক্তিত আলোকপাত কৰা এটা প্ৰবন্ধ ছেয়াৰ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা আৰু শিশু কল্যাণ নীতিত যোগৰ বিষয়টো অন্তৰ্ভুক্তিত আলোকপাত কৰা এটা প্ৰবন্ধ ছেয়াৰ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণ দেৱীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে মহিলা আৰু শিশু বিকাশ নীতিত যোগৰ অন্তৰ্ভুক্তিয়ে তৃণমূল পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ ব্যৱস্থা সুদৃঢ় কৰি তুলিছে। অন্নপূর্ণা দেৱীয়ে তেওঁৰ প্ৰবন্ধত গৰ্ভধাৰণৰ পূৰ্বে আৰু পাছত যোগক আকোৱালি ল'লে স্বাস্থ্যজনিত সমস্যাসমূহ ফলপ্ৰসূভাৱে ৰোধ কৰিব পৰা যায়। তেওঁ কয়, ...

June 7, 2025 8:19 PM

views 49

ভাৰতক লক্ষ্য কৰি চলোৱা যিকোনো আক্ৰমণৰ সমীচিন প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক লক্ষ্য কৰি চলোৱা যিকোনো আক্ৰমণৰ সমীচিন প্ৰত্যুত্তৰ দিয়া হ'ব আৰু সন্তাসবাদী আৰু ষড়যন্ত্ৰকাৰীৰ মাজত কোনো ধৰণৰ ভেদাভেদ কৰা নহ'ব বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এখন দৈনিক বাতৰি কাকতৰ বাবে লিখা এটা নিবন্ধ শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ নিবন্ধত পাকিস্তানৰ পৃষ্ঠপোষকতা প্রাপ্ত সন্ত্রাসবাদ সদ্য নকৰা নীতিৰ বিষয়ে উল্লেখ কৰে আৰু ইয়াৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰৰ আশ্বাস দিয়ে। তেওঁ কয়, যে সন্ত্রাসবাদ...

May 24, 2025 7:29 PM

views 32

দেশৰ প্ৰতিখন ৰাজ্যত আন্তঃগাঁথনি সম্পন্ন কমেও এখন পর্যটনথলী বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

আন্তৰাষ্ট্ৰীয় মানৰ সৈতে তাল মিলাই দেশৰ প্ৰতিখন ৰাজ্যত সকলো সা-সুবিধা আৰু আন্তঃগাঁথনি সম্পন্ন কমেও এখন পর্যটনথলী বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। নতুন দিল্লীত আজি নীতি আয়োগৰ দশম প্ৰশাসনীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীমোদীয়ে এই আহ্বান জনায়। তেওঁ কয় যে এখন ৰাজ্য- এটা গোলকীয় লক্ষ্যস্থান শীৰ্ষক নীতিয়ে ৰাজ্যখনৰ চুবুৰীয়া মহানগৰসমূহো পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব। ভাৰতবৰ্ষৰ দ্ৰুতগতিত নগৰীকৰণ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মহানগৰসমূহত ভৱিষ্যমুখী কৰি তোলাৰ অত্যন্ত ...

May 22, 2025 8:10 PM

views 25

পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধ্বংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰীৰ মন্তব্য

অপাৰেচন সিন্দূৰৰ অধীনত পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধ্বংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। তেওঁ কয়, যে সশস্ত্র বাহিনীসমূহক প্রয়োজন অনুসৰি কাম কৰিবলৈ চৰকাৰে তেওঁলোকক সম্পূর্ণ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ সহায়ত বাহিনীসমূহে পাকিস্তানক শীৰ নত কৰিবলৈ বাধ্য কৰোৱাইছে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ সৈতে পাকিস্তানে কেতিয়াও প্রত্যক্ষভাৱে কোনো যুদ্ধত জয়ী হ'ব নোৱাৰে আৰু সেয়েহে দেশখনে সন্ত্রাসবাদক উদগনি দি যুদ্ধ জয়ৰ প্ৰয়াস কৰে। ৰা...