January 23, 2026 7:49 PM

views 26

কাইলৈ অষ্টদশ ৰোজগাৰ মেলাত ৬১ হাজাৰতকৈও অধিক যুৱক-যুৱতিক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিড ব্যৱস্থাৰ মাধ্যমেৰে অষ্টদশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানৰ নতুনকৈ নিযুক্তি লাভ কৰা ৬১ হাজাৰতকৈও অধিক যুৱক-যুৱতিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তেওঁ জনসভাকো সম্বোধন কৰিব। দেশৰ ৪৫টা স্থানত এই অষ্টদশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্রালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ লগতে বিত্তীয় সেৱা, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিভাগত যুৱক যুৱতিসকলে নিযুক্তি লাভ কৰিছে। উল্লেখযোগ্য যে, নিয়...

January 8, 2026 8:09 PM

views 24

কৃত্রিম বুদ্ধিমত্তা ষ্টার্টআপ সকলৰ সৈতে প্রধানমন্ত্রীৰ ঘূৰিণীয়া মেজমেলৰ আলোচনা অনুষ্ঠিত

নতুন দিল্লীত প্রধানমন্ত্রীৰ বাসভৱনত কৃত্রিম বুদ্ধিমত্তা ষ্টার্টআপ সকলৰ সৈতে আজি অনুষ্ঠিত ঘূৰিণীয়া মেজমেলৰ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। অহা মাহত হ'বলগীয়া India AI Impact Summit ২০২৬ ৰ পৰিপ্ৰেক্ষিতত ১২ টাকৈ ভাৰতীয় এ আই ষ্টার্টআপে AI for ALL: Global Impact Challenge পর্যায়ত যোগ্যতা অর্জন কৰি এই আলোচনাত অংশগ্রহণ কৰে। আলোচনাত তেওঁলোকে নিজৰ কৌশল আৰু কামসমূহ প্রদর্শন কৰে। এই ষ্টার্টআপ সমূহে ভাৰতীয় ভাষা প্রতিষ্ঠান আর্হি, ই-বাণিজ্যত কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ত্রিমাত্রিক দিশৰ উপস...

December 18, 2025 7:51 PM

views 18

বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সম্মিলনৰ সামৰণি অনুষ্ঠানত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অনুষ্ঠিত পৰম্পৰাগত ঔষধ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সম্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰাৰ লগতে আয়ুষ মন্ত্র্যালয়ে গ্রহণ কৰা কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। এই অনুষ্ঠানতে আয়ুষ খণ্ডৰ এটা সুকীয়া ডিজিটেল পার্টেলো মুকলি কৰা হ'ব। তেওঁ লগতে আয়ুষ সামগ্ৰী আৰু সেৱাৰ গুণগত মান সূচীত কৰা আয়ুষ সূচাংকও মুকলি কৰিব। এই অনুষ্ঠানতে শ্রী মোদীয়ে যোগৰ প্রশিক্ষণ সন্দৰ্ভত বিশ্ব স্বাস্থ...

December 12, 2025 12:31 PM

views 29

অহা ১৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে প্রধানমন্ত্রীৰ জর্দান, ইথিউপিয়া আৰু ওমান ভ্রমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে জর্দান, ইথিউপিয়া আৰু ওমান ভ্রমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে জদানৰ ৰজা আব্দুলা দ্বিতীয় বিল অল হুছেইনৰ আমন্ত্রণ মর্মে দেশখনলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে দেশখনৰ ৰজা আব্দুলা দ্বিতীয়ক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক বিষয়সমূহ লৈ মতবিনিময় কৰিব। দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি কৰা এই ভ্রমণে ভাৰত আৰু জর্দানৰ মাজৰ...

December 12, 2025 12:28 PM

views 17

এন ডি এৰ সকলো সদস্য তথা সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বিশেষ ভোজমেলৰ আয়োজন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা তেওঁৰ চৰকাৰী বাসগৃহত এন ডি এৰ সকলো সদস্য তথা সাংসদসকলৰ বাবে এখন বিশেষ ভোজমেলৰ আয়োজন কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এন ডি এ পৰিয়ালে সু-শাসন, ৰাষ্ট্ৰীয় উন্নয়ন আৰু আঞ্চলিক আকাংক্ষাৰ প্ৰতি সহযোগিতামূলক দায়বদ্ধতাক প্রতিনিধিত্ব কৰে। শ্রীমোদীয়ে কয়, যে তেওঁলোকে একত্রিত হৈ আহিবলগীয়া বছৰবোৰত জাতিটোৰ উন্নয়নৰ যাত্ৰা অধিক শক্তিশালী কৰাৰ বাবে কাম কৰি যাব।

December 11, 2025 11:40 AM

views 18

প্রধানমন্ত্রীৰ বিদেশ ভ্রমণ সন্দৰ্ভত কংগ্ৰেছে কৰাৰ মন্তব্যৰ সমালোচনা ভাৰতীয় জনতা পার্টিৰ

ভাৰতীয় জনতা পার্টিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্রমণ সন্দৰ্ভত কংগ্ৰেছে কৰাৰ মন্তব্যৰ সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছৰ মন্তব্যক নিন্দনীয় বুলি অভিহিত কৰি কয়, যে শ্রীমোদীয়ে চৰকাৰী ভ্রমণসূচী আৰু দেশৰ কামতহে বিদেশলৈ যায়। কংগ্রেছ নেতা তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে সংসদৰ প্রতিটো অধিবেশনৰ অন্তত ছুটী কটাবলৈ বিদেশলৈ যায় বুলি মুখপাত্রগৰাকীয়ে দাবী কৰে। তেওঁ কয়, যে দীর্ঘদিন ধৰি শাসনত থকা কংগ্ৰেছে কৰ্তব্যৰ খাতিৰত বিদে...

December 11, 2025 11:28 AM

views 25

ইটালীৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী এন্ট’নিয় টাজানিৰ সৈতে প্রধানমন্ত্রীৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত ইটালীৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী এন্ট'নিয় টাজানিৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত লিখা এটা প'ষ্টত প্রধানমন্ত্রীয়ে কয়, যে ভাৰত আৰু ইটালীৰ বন্ধুত্ব ক্রমে অধিক শক্তিশালী হৈ উঠিছে। ইয়াৰ ফলত উভয় দেশৰ জনসাধাৰণ আৰু আন্তঃৰাষ্ট্রীয় সম্প্রদায় লাভান্বিত হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। বাণিজ্য, বিনিয়োগ, গবেষণা, উদ্ভাবন, প্ৰতিৰক্ষা, মহাকাশ, যোগাযোগ, সন্ত্রাসবাদ বিৰোধী, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে মূল ক্ষেত্ৰসমূহত ২০২৫ৰ পৰা ২০২৯ বর্ষ পর...

November 27, 2025 8:57 PM

views 40

ডিফ অলিম্পিক – ২০২৫ ত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে প্রধানমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

টকিঅ’ত অনুষ্ঠিত ২৫ সংখ্যক ছামাৰ ডিফ অলিম্পিক ২০২৫ত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রী মোদীয়ে কয়, যে ৯ টা সোণসহ ২০ টা পদক লাভ কৰা খেলুৱৈসকলে দৃঢ়তা আৰু উৎসর্গীকৃত মনোভাবেৰে খেলাৰ বাবে এই ফলাফল লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ প্ৰতিগৰাকী খেলুৱৈ, প্রশিক্ষক আৰু দলৰ অন্যান্য সদস্যসকলক প্রশংসাৰে উপচাই দি কয়, যে খেলুৱৈসকলৰ এই সফলতাই আমাৰ দেশক গৌৰাৱান্বিত কৰিছে। জাপানৰ টকিঅ’ত অনুষ্ঠিত এই প্রতিযোগিতাত ভাৰত...

November 20, 2025 12:41 PM

views 33

G-20 নেতাসকলৰ ২০ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ প্রধানমন্ত্রী জোহান্সবার্গলৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে G-20 নেতাসকলৰ ২০ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গলৈ যাব। এইখন হ'ব গ্লোবেল ছাউথত একেৰাহে চতুৰ্থবাৰৰ বাবে আয়োজিত G-20 সম্মিলন। বৈদেশিক পৰিক্ৰমা ম্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে এই সন্মিলনত প্রধানমন্ত্রী G-20 কার্যক্রমণিকা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব। শ্রীমোদীয়ে এই সম্মিলনৰ তিনিওটা সত্ৰতে ভাষণ দিয়াৰ কথা আছে। G-20 সম্মিলনৰ সুযোগতে শ্রীমোদীয়ে জোহান্সবার্গত কেইবাগৰাকীমান নেতাৰ সৈতে দ্বিপাক্ষিক...

November 14, 2025 12:22 PM

views 26

অহা ১৯ নৱেম্বৰত তামিলনাডুৰ কইম্বাতুৰলৈ ৰাওনা প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহা ১৯ নৱেম্বৰত তামিলনাডুৰ কইম্বাতুৰলৈ যাব। এই ভ্রমণ কালত শ্রীমোদীয়ে তামিলনাডুৰ কৃষক সংস্থাসমূহে আয়োজন কৰা দক্ষিণ ভাৰত প্ৰাকৃতিক শীর্ষ সন্মিলনত ভাষণ দিব। প্রধানমন্ত্রীয়ে লগতে জৈৱিক কৃষিত বিশেষ দক্ষতা থকা দাক্ষিণাত্যত বিভিন্ন ৰাজ্যৰ ৫০ গৰাকী বিজ্ঞানীৰ সৈতে মত বিনিময় কৰিব। শীর্ষ সন্মিলনত প্রাকৃতিক খেতিৰ প্ৰসাৰৰ বাবে নীতি-নিয়ম প্রস্তুত কৰা হ'ব। শীর্ষ সন্মিলনত আয়োজক সমিতিৰ সমন্বয়ক পি আৰ পাণ্ডিয়নে কয় যে ইয়াৰ জৰিয়তে সজাগতা বৃদ্ধি পাব আৰু প্ৰাকৃতিক তথা পুনৰুজ্জীৱিকৰণ কৃষি পদ...