November 3, 2025 12:47 PM

views 28

নতুন দিল্লীত আজি প্রধানমন্ত্রীৰ অত্যাধুনিক বিজ্ঞান আৰু প্রযুক্তি উদ্ভাৱন সম্মিলন ESTIC-2025 মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অত্যাধুনিক বিজ্ঞান আৰু প্রযুক্তি উদ্ভাৱন সম্মিলন ESTIC-2025 মুকলি কৰিব। অনুষ্ঠানত প্রধানমন্ত্রীগৰাকীয়ে দেশৰ গৱেষণা আৰু উন্নয়নৰ বাতাবৰণ অধিক বিকশিত কৰি তোলাৰ উদ্দেশ্যে ১ লাখ কোটি টকাৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাবন আঁচনি পুঁজি মুকলি কৰিব। এই সন্মিলন অহা ৫ নৱেম্বৰত অন্ত পৰিব। ESTIC-2025-ৰ জৰিয়তে শৈক্ষিক, গৱেষণা প্রতিষ্ঠান, উদ্যোগ আৰু চৰকাৰৰ তৰফৰ পৰা ৩ হাজাৰতকৈও অধিক প্রতিনিধিয়ে পৰস্পৰৰ সংস্পর্শলৈ অহাৰ সুযোগ পাব। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আলোচনাচক্র, প...

November 1, 2025 9:39 PM

views 27

সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত তিনিটা বিশ্ব অভিলেখেৰে গীনিজ বুকত স্থান লাভ ভাৰতৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে ভাৰতে সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত তিনিটা বিশ্ব অভিলেখেৰে গীনিজ বুকত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ১৭ ছেপ্তেম্বৰৰ পৰা দুই অক্টোবৰলৈ অনুষ্ঠিত এই কার্যসূচীত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ অধীনত কেৱল এমাহত এটা স্বাস্থ্য সেৱা প্লেটফর্মত ৩ কোটি ২১ লাখৰো অধিক সংখ্যক লোকে পঞ্জীয়ন কৰাৰ অভিলেখ গঢ়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে এই বৃহৎ সংখ্যক লোকে অংশগ্রহণ কৰা এই কাৰ্যসূচীয়ে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ প্ৰেৰণা যোগোৱাৰ লগতে দেশৰ...

October 31, 2025 8:00 PM

views 100

স্বাধীনতা সংগ্ৰামীসকলে আর্য সমাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গা কৰিছিল বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

লালা লাজপত ৰায়ৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে আর্য সমাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ত অংশগ্ৰহণ কৰি এই কথা প্রকাশ কৰে। তেওঁ কয় যে বহু বছৰলৈ আর্য সমাজে তেওঁলোকৰ প্ৰাপ্য লাভ নকৰাটো অত্যন্ত দুর্ভাগ্যজনক। আর্য সমাজ হৈছে ভাৰতীয় মূলৰ বিষয়ে সাহসিকতাৰে কথা ক'ব পৰা এটা অগ্রণী সংস্থা। আজিৰ অনুষ্ঠানত শ্রীমোদীয়ে স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰতি শ্ৰদ্ধার্ঘ্য নিবেদন কৰে। আজিৰ এই...

October 30, 2025 12:41 PM

views 32

কাইলৈ আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ ত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্রীয়ে কাইলৈ নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ ত অংশগ্রহণ কৰিব। মহর্ষি দয়ানন্দ সৰস্বতীৰ ২০০ বছৰীয়া জয়ন্তী আৰু আর্য সমাজৰ সেৱাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সম্মিলনৰ লগত সংগতি ৰাখি সেৱাৰ স্বর্ণিল ডেৰশ বছৰ শীর্ষক এখন প্রদর্শনী অনুষ্ঠিত হ'ব। এই প্রদর্শনীত শিক্ষা, সামাজিক সংস্কাৰ আৰু আধ্যাত্মিক উত্থানৰ ক্ষেত্ৰত আৰ্য সমাজৰ অৱদানৰ মাধ্যমেৰে সংস্থাটোৰ পৰিবৰ্তনকাৰী যাত্ৰাৰ বিষয়ে আলোকপাত কৰা হ'ব। এই প্রদর্শনীত দেশ-বিদেশৰ আৰ্য সমাজৰ গোটসমূহৰ প...

October 30, 2025 12:38 PM

views 53

গুজৰাটত আজি ১,১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে আজি কেৱড়িয়াৰ একটা নগৰত এহেজাৰ ১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলগীয়া প্রকল্পসমূহৰ ৰাজপিপলাৰ ভিতৰত বিৰছা মুণ্ডা জনজাতীয় বিশ্ববিদ্যালয়, রামন বৃক্ষ বাতিকা, বৈদ্যুতিক বাছ চার্জিং ডিপো আৰু ২৫খন বৈদ্যুতিক বাছৰ সেৱা অন্যতম। ইয়াৰ উপৰিও শ্রীমোদীয়ে ভাৰতৰ ৰাজকীয় সংগ্রহালয়, ক্রীড়া চৌহদ, শুলপানেশ্বৰ ঘাটৰ সমীপত অবতৰণ সে...

October 17, 2025 8:34 PM

views 49

ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ বদৰ অব্দেলটীৰ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ বদৰ অব্দেলটীয়ে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রী মোদীয়ে গাজা শান্তি চুক্তি শান্তি চুক্তিৰ ক্ষেত্ৰত পালন কৰা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে ৰাষ্ট্ৰপতি অব্দেল ফটৰ অল চিচিক ধন্যবাদ জ্ঞাপন কৰে আৰু এই চুক্তিয়ে অঞ্চলটোত স্থায়ী শান্তি স্থাপন কৰিব বুলি আশা প্রকাশ কৰে। বিদেশ মন্ত্রী অব্দেলটীয়ে প্রধানমন্ত্রী মোদীক তেওঁৰ ভ্ৰমণ কালত হ'বলগীয়া প্ৰথম ভাৰত-ইজিপ্ত ৰণকৌশল বাৰ্তাৰ বিষয়ে অবগত কৰে। প্রধানমন্ত্রীযে বাণিজ্য, প্রযুক্তি, শক্তি, প্ৰতিৰক...

October 14, 2025 8:08 PM

views 36

প্রধানমন্ত্রী আৰু মংগোলিয়াৰ ৰাষ্ট্ৰপতি মাজত আজি প্রতিনিধি পৰ্য্যায়ৰ আলোচনা

 প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলচুখ উখনাৰ মাজত আজি নতুন দিল্লীত প্রতিনিধি পৰ্য্যায়ৰ আলোচনাত মিলিত হয়। বৈঠকত দুয়োপক্ষই মানবীয় সাহায্য, মংগোলিয়াৰ ঐতিহাসিক স্থানৰ পুনৰুদ্ধাৰ, প্ৰব্ৰজন, ভূবিজ্ঞান আৰু খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা, সমবায়ৰ প্ৰসাৰ তথা ডিজিটেল সমাধান সূত্ৰৰ বিনিময়কে ধৰি বিভিন্ন ক্ষেত্রত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই উপলক্ষে প্রধানমন্ত্রী মোদী আৰু শ্রীউখনাই যুটীয়াভাবে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৭০ সংখ্যক বার্ষিকীৰ লগত সংগতি ৰাখি এটা স্মাৰক...

October 10, 2025 8:47 PM

views 40

কাইলৈ নতুন দিল্লীত প্রধানমন্ত্রী ধন ধান্য যোজনা আৰু দাইল আত্মনির্ভৰশীলতা অভিযান মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত প্রধানমন্ত্রী ধন ধান্য যোজনা আৰু দাইল আত্মনির্ভৰশীলতা অভিযান মুকলি কৰিব। কৃষি মন্ত্রালয়ে প্রকাশ কৰা মতে প্রধানমন্ত্রী ধন-ধান্য কৃষি যোজনাৰ অধীনত সমগ্ৰ দেশৰ কম উৎপাদন হোৱা ১০০খন জিলাত ব্যাপক কৃষি বিকাশৰ আৰু কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিৰ জৰিয়তে খেতিপথাৰলৈ জলসিঞ্চনৰ সুবিধা সুনিশ্চিত কৰা, শস্য বিবিধতাৰ প্ৰসাৰ আৰু ঋণ তথা মজুতকৰণ আন্তঃগাঁথনি সহজলভ্য কৰি তুলিব বিচৰা হৈছে। দাইল আত্মনিৰ্ভৰশীল অভিযানৰ অধীনত ৰহৰ, মাটি মাহ আৰু মচুৰৰ দৰে প্ৰধান ...

September 26, 2025 1:34 PM

views 20

বিহাৰত আজি প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে বিহাৰত মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰে। শ্ৰী মোদীয়ে লগতে ৰাজ্যখনৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে ১০ হেজাৰ টকাকৈ হস্তান্তৰ কৰে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে স্বনিয়োজন আৰু জীৱিকাৰ সুবিধা প্ৰদানৰ জৰিয়তে তেওঁলোকৰ সৱলীকৰণৰ উদ্দেশ্যে বিহাৰ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই যোজনাৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোটৰ সৈতে হিতাধিকাৰী মহিলাসকলক স...

September 26, 2025 1:15 PM

views 31

গোলকীয় বিনিয়োগকাৰী সকলে ভাৰতলৈ আশাৰে চাইছে বুলি প্রধানমন্ত্ৰীৰ প্ৰকাশ

গোলকীয় বিনিয়োগকাৰী বিশেষকৈ খাদ্য খণ্ডৰ বিনিয়োগকাৰীসকলে ভাৰতলৈ আশাৰে চাইছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি বিশ্ব খাদ্য ভাৰত ২০২৫ শীর্ষক কার্যসূচীত অংশগ্রহণ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়, যে শক্তিশালী ঘৰুৱা চাহিদাই ভাৰতক বিনিয়োগকাৰীসকলৰ বাবে পছন্দৰ ঠাই হিচাপে গঢ়ি তুলিছে। ২১ শতিকাৰ প্ৰত্যাহ্বানসমূহৰ কথা স্বীকাৰ কৰি শ্ৰী মোদীয়ে কয়, যে যেতিয়াই গোলকীয় প্ৰত্যাহ্বানৰ উত্থান হৈছে তেতিয়াই ভাৰতে এটা ইতিবাচক ভূমিকা পালন কৰি আহিছে। ভাৰতে গোলকীয় খাদ্য সুৰক্ষাৰ দি...