August 6, 2024 8:07 PM August 6, 2024 8:07 PM

views 9

মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত ২৭টা নিৰ্মাণ আৰু সেৱাখণ্ড উপকৃত হৈছে

মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত বিমানাকাশ আৰু প্ৰতিৰক্ষা, মটৰ গাড়ী আৰু যান বাহনৰ যন্ত্রাংশ, জৈৱ প্রযুক্তি, বস্ত্ৰ আৰু সাজ-পাৰ, পৰ্যটন আৰু আতিথ্য, শিক্ষা সেৱাসহ ২৭ নিৰ্মাণ আৰু সেৱাখণ্ড উপকৃত হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত বাণিজ্য আৰু উদোগত ৰাজ্যমন্ত্রী জীতিন প্রসাদে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ২০১৪ চনৰ ২৫ চেপ্তেম্বৰত বিনিয়োগ আৰু উদ্ভাৱনৰ প্ৰসাৰ, শ্ৰেষ্ঠ বুনিয়াদি পৰিকাঠামোৰ নিৰ্মাণ আৰু ভাৰতবৰ্ষক নিৰ্মাণ ডিজাইন আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মেক ইন ইণ্ডিয়া অভিযান আৰম্ভ কৰ...

August 1, 2024 8:41 PM August 1, 2024 8:41 PM

views 2

বান ব্যৱস্থাপনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩৫খন প্ৰকল্পৰ কাম চলি আছে

শেহতীয়া বানৰ ফলত প্ৰভাৱিত জিলাসমূহৰ তথ্য কেন্দ্ৰীয়ভাৱে তদাৰক কৰা হোৱা নাই। বান আৰু খহনীয়া প্ৰতিৰোধকে ধৰি বান ব্যৱস্থাপনা আঁচনিসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত নিজৰ পুঁজিৰে ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰে কাৰিকৰী দিহা-পৰামৰ্শ আৰু জটিল এলেকাসমূহত বানৰ ব্যৱস্থাপনাৰ বাবে উদগণিমূলক বিত্তীয় সাহায্য প্ৰদান কৰে। জনশক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰাজ ভূষনে আজি লোকসভাত এটা লিখিত উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, বান ব্যৱস্থাপনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩৫খন প্ৰকল্পৰ কাম চলি আছে। ইয়াৰ...

July 29, 2024 8:23 PM July 29, 2024 8:23 PM

views 14

উড়ান আঁচনিৰ অধীনত সম্প্রতি মুঠ ৫৭৯ টা বায়ুপথেদি ১৩ টা হেলিপোর্ট আৰু দুটা ৱাটাৰ এৰোড্রোমসহ ৮৫ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে

উড়ান আঁচনিৰ অধীনত সম্প্রতি মুঠ ৫৭৯ টা বায়ুপথেদি ১৩ টা হেলিপোর্ট আৰু দুটা ৱাটাৰ এৰোড্রোমসহ ৮৫ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে। ৰাজ্যসভাত আজি অসমাৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে লিখিতভাৱে এই বিষয়ে প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ২১ টা নতুন সেউজ বিমান বন্দৰ স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰে ভিতৰত বিগত ১০ টা বছৰত ১২ টা সেউজ বিমান বন্দৰ কাৰ্যক্ষম হৈ উঠিছে।

July 29, 2024 8:19 PM July 29, 2024 8:19 PM

views 18

কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্যসভাত চমু আলোচনা

ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। বিজেপিৰ সুধাংশু ত্রিবেদী এই আলোচনা আৰম্ভ কৰি এনে ঘটনা অপৰাধমূলক অৱহেলা হিচাপে অভিহিত কৰি বিষয়টো সন্দৰ্ভত বিশদ তদন্তৰ দাবী জনায়। তেওঁ লগতে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায়। ত্রিবেদীয়ে লগতে নিৰ্মাণৰ ক্ষেত্ৰত আইন প্রনয়ণ কৰাৰ পাছতো নলা নৰ্দমা পৰিস্কাৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। দিল্লী চৰকাৰক প্ৰশ্ন কৰি তেওঁ লগতে কয় যে, দিল্লী জলবোৰ্ডৰ ঘাটি ৭৪ হাজ...

July 29, 2024 7:55 PM July 29, 2024 7:55 PM

views 12

লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা

লোকসভাত আজিও ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি পিয়ল অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবী জনায়। তেওঁ কয় যে, এই সমর্থন মূল্যৰ ক্ষেত্ৰত আইনী নিশ্চয়তাই কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব। তেওঁ লগতে অগ্নিবীৰ আঁচনি সন্দৰ্ভতো প্রশ্ন তোলে। শ্ৰী গান্ধীয়ে ২০২৪-২৫ বৰ্ষৰ বাজেটে দেশৰ জনসংখ্যাৰ ৭৩ শতাংশ সামৰি লোৱা অনুসূচীত জাতি, অনুসূচীত জনজাত...

July 20, 2024 6:00 PM July 20, 2024 6:00 PM

views 16

সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে

সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত চৰকাৰে সংসদৰ দুয়োখন সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহায়-সহযোগিতা বিচাৰিব। বাজেট অধিৱেশন সোমবাৰে আৰম্ব হ'ব আৰু ১২ আগষ্টলৈকে চলিব। কেন্দ্রীয় বাজেট ২৩ জুলাইত দাখিল কৰা হ'ব। এইখন হ'ব নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। যোৱা মাহত সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে উল্লেখ কৰিছিল যে, এইবছৰৰ সাধাৰণ বাজেটত চৰকাৰৰ বিভিন্ন দূৰদৰ্শী আঁচনি আৰু...

July 7, 2024 7:05 PM July 7, 2024 7:05 PM

views 13

২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন

অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে এই অধিবেশন ১২ আগষ্টলৈকে চলিব। তেওঁ কয় যে ২৩ জুলাইত লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত উত্থাপন কৰিবলগীয়া প্ৰথমখন বাজেট।

July 6, 2024 7:00 PM July 6, 2024 7:00 PM

views 10

অহা ২২ জুলাইত সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন অহা ২২ জুলাইত আৰম্ভ হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে এই অধিবেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। শ্ৰীৰিজিজুৱে কয় যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শমৰ্মে সংসদৰ বাজেট অধিবেশনৰ বাবে দুয়োখন সদনক আহ্বান জনোৱা প্ৰস্তাৱত অনুমোদন জনাইছে। বিত্ত মন্ত্রী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূর্বে অন্তৱৰ্তী বাজেট উত্থাপ...

July 2, 2024 6:27 PM July 2, 2024 6:27 PM

views 10

দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ সমৰ্থনেৰে লোকসভা নিৰ্বাচনত বিজেপিক পুনৰবাৰ শাসনাধিস্থ কৰোৱাইছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিয়ে। তেওঁৰ চৰকাৰ মাথোঁ ৰাষ্ট্ৰ প্ৰথম নীতিৰেই পৰিচালিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক সমৰ্থন কৰি লোকসভা নিৰ্বাচনত এই চৰকাৰকে পুনৰবাৰ শাসনাধিস্থ কৰিছে। তেওঁ কাইলৈ ৰাজ্যসভাক সম্বোধন কৰিব। ইপিনে, লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত অংশ লৈ সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱে আজি কয়...

June 29, 2024 10:54 AM June 29, 2024 10:54 AM

views 8

সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ’ব ৩ খনলৈ নতুন আইন

■ নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ'ব। সংসদৰ শীতকালীন অধিবেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছিল। নতুন আইন তিনিখনে ভাৰতীয় নাগৰিকৰ সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। সকলোৰে বাবে সুলভ, সহায়ক আৰু দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাই হৈছে এই আইনকেইখনৰ মূল উদ্দেশ্য। নতুন ফৌজদাৰী আইনকেইখনৰ ঘাই ব্যৱস্থাসমূহৰ ভিতৰত ঘটনাৰ অনলাইন অৱগতকৰণ, যিকোনো থানাত এজাহাৰ ৰুজু কৰা আৰু ঘটনাৰ বলি হোৱাসকলক এজাহাৰৰ ...