July 2, 2024 6:27 PM

views 34

দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ সমৰ্থনেৰে লোকসভা নিৰ্বাচনত বিজেপিক পুনৰবাৰ শাসনাধিস্থ কৰোৱাইছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিয়ে। তেওঁৰ চৰকাৰ মাথোঁ ৰাষ্ট্ৰ প্ৰথম নীতিৰেই পৰিচালিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক সমৰ্থন কৰি লোকসভা নিৰ্বাচনত এই চৰকাৰকে পুনৰবাৰ শাসনাধিস্থ কৰিছে। তেওঁ কাইলৈ ৰাজ্যসভাক সম্বোধন কৰিব। ইপিনে, লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত অংশ লৈ সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱে আজি কয়...

June 29, 2024 10:54 AM

views 29

সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ’ব ৩ খনলৈ নতুন আইন

■ নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ'ব। সংসদৰ শীতকালীন অধিবেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছিল। নতুন আইন তিনিখনে ভাৰতীয় নাগৰিকৰ সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। সকলোৰে বাবে সুলভ, সহায়ক আৰু দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাই হৈছে এই আইনকেইখনৰ মূল উদ্দেশ্য। নতুন ফৌজদাৰী আইনকেইখনৰ ঘাই ব্যৱস্থাসমূহৰ ভিতৰত ঘটনাৰ অনলাইন অৱগতকৰণ, যিকোনো থানাত এজাহাৰ ৰুজু কৰা আৰু ঘটনাৰ বলি হোৱাসকলক এজাহাৰৰ ...

June 28, 2024 8:22 PM

views 32

নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক আশ্বাস, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক এইবুলি আশ্বাস দিয়ে যে, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ বিষয়টো লৈ অতিকে সংবেদনশীল। তেওঁ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ সদনত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ সাজু আছে।

June 28, 2024 8:14 PM

views 30

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত আজি নীট পৰীক্ষাৰ বিষয় লৈ বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ হয়। এই আলোচনাৰ বাবে মুঠ ২১ ঘণ্টা আবণ্টন কৰা হৈছে। আলোচনাৰ পাতনি মেলি বিজেপিৰ সুধাংশু ত্রিবেদীয়ে চৰকাৰে বিগত ১০ বছৰত লাভ কৰা সাফল্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, ভাৰতে ব্ৰিটেইনক চেৰ পেলাই ইতিমধ্যে বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। চৰকা...

June 28, 2024 7:40 PM

views 40

নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সাংসদসকলে বিষয়টো লৈ শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শ্ল'গান দিবলৈ ধৰে। লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কয় যে তেওঁলোকে শিক্ষার্থীসকলক এটা গুৰুত্বপূৰ্ণ বিষয়ৰ বাৰ্তা...

June 28, 2024 5:08 PM

views 25

বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সাংসদসকলে বিষয়টো লৈ শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শ্ল'গান দিবলৈ ধৰে। কংগ্ৰেছ, ডি এম কে, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। এন...

June 25, 2024 1:08 PM

views 27

অষ্টাদশ লোকসভাৰ কালি প্ৰথমখন অধিৱেশনত নৱ-নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন কালি আৰম্ভ হৈছে। অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে অস্থায়ী অধ্যক্ষ ভার্চুহাৰি মহতাবক শপত বাক্য পাঠ কৰোৱায়। অধিৱেশনত প্ৰথমে নৱ-নির্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অস্থায়ী অধ্যক্ষ ভার্তহাৰি মহতাবে শ্রীমোডীক শপতবাক্য পাঠ কৰোৱায়। ইয়াৰ পাছত স্থায়ী অধ্যক্ষ নির্বাচন নোহোৱা পৰ্যন্ত শ্ৰীমহতাবক সহায় কৰিবলৈ নিযুক্তি দিয়া অধ্যক্ষ পেনেলৰ শ...