November 29, 2024 6:26 PM

views 31

সদনৰ শীতকালীন অধিৱেশনত হুলস্থূলীয়া পৰিস্থিতিৰ বাবে একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত

সদনৰ শীতকালীন অধিৱেশন আজি হুলস্থূলীয়া পৰিস্থিতিৰ বাবে একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত হয়। ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে নিৰ্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভাও দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ পাছত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নির্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলৰ সদন স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে। শ্রী ধনখড়ে ...

November 24, 2024 8:00 PM

views 25

সংসদৰ শীতকালীন অধিৱেশনত যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ মন্তব্য

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু। নতুন দিল্লীত অনুষ্ঠিত সর্বদলীয় বৈঠকৰ পাছত সংবাদমাধ্যমৰ সৈতে মত বিনিময় কৰি শ্ৰী ৰিজিজুৱে অধিৱেশৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে অব্যাহত থকাতো সুনিশ্চিত কৰিবলৈ বিৰোধী দলসমূহলৈ আহ্বান জনায়। কংগ্ৰেছৰ সাংসদ প্রমোদ তিৱাৰীয়ে কয়, যে দলটোৱে মণিপুৰৰ পৰিস্থিতি, নিবনুৱা সমস্যা, উত্তৰ-ভাৰতৰ  প্ৰদূষণ তথা এগৰাকী উদ্যোগপতিৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত আলো...

November 24, 2024 6:17 PM

views 23

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠক

চৰকাৰৰ আহ্বান মৰ্মে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰে। সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব।

November 24, 2024 11:22 AM

views 32

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে  কেন্দ্ৰীয় চৰকাৰৰ সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব। অধিৱেশন কাইলৈ আৰম্ভ হ'লেও সংবিধান দিৱস উপলক্ষে পৰহিলৈ সংসদৰ বৈঠক অনুষ্ঠিত নহয়।

November 20, 2024 9:08 PM

views 33

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অহা ২৪ নৱেম্বৰত সর্বদলীয় বৈঠক

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অহা ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ২৫ নৱেম্বৰত আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব। অৱশ্যে, ২৬ নৱেম্বৰত সংবিধান দিৱস উপলক্ষে সংসদৰ বৈঠক অনুষ্ঠিত নহয়।

November 6, 2024 1:42 PM

views 31

সংসদৰ শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হ’ব

সংসদৰ শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিবেশনৰ সামৰণি পৰিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমযোগে জনাইছে যে, সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক জয়ন্তী ২৬ নৱেম্বৰত সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত উদযাপন কৰা হ’ব।

August 8, 2024 2:07 PM

views 27

মল্লযুঁজাৰু ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা বিষয়টোৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যসকলৰ সদন ত্যাগ

পেৰিছ অলিম্পিকৰ পৰা ভাৰতীয় মল্লযুঁজাৰু ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা বিষয়টোৰ প্ৰতিবাদ কৰি আজি ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে। বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গেই আজি পুৱা সদনৰ আৰম্ভণিতে বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁক অনুমতি দিয়া নহ'ল। পাছত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু আন বিৰোধী দলৰ সদস্যসকলে সদন বৰ্জন কৰে। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে বিৰোধীৰ এনে আচৰণত আপত্তি জনাই তৃণমূল কংগ্ৰছৰ সাংসদ ডেকে অ’ব্ৰায়নক গৰিহণা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ...

August 8, 2024 12:56 PM

views 30

লোকসভাত কালি বিত্ত বিধেয়ক ২০২৪ সংশোধন সহ গৃহীত

লোকসভাত কালি বিত্ত বিধেয়ক ২০২৪ সংশোধন সহ গৃহীত হয়। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱ কাৰ্যকৰী হৈ পৰিল আৰু বাজেট প্রক্রিয়াও সম্পূৰ্ণ হ'ল। বিধেয়কখন সন্দৰ্ভত লোকসভাত হোৱা আলোচনাৰ উত্তৰ দি বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কয় যে, কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কব আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কর্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰা। তেওঁ কয় যে, চৰকাৰে বিগত দশকত কৰ প্...

August 7, 2024 7:59 PM

views 31

২০২৩-২৪ চেনিবৰ্ষৰ বাবে যোৱা মাহত কুঁহিয়াৰ খেতিয়কসকলক প্রায় ৯৫.৩ শতাংশ বকেয়া আদায় দিয়া হৈছে

চৰকাৰে কৈছে যে, ২০২৩-২৪ চেনিবৰ্ষৰ বাবে যোৱা মাহত কুঁহিয়াৰ খেতিয়কসকলক প্রায় ৯৫.৩ শতাংশ বকেয়া আদায় দিয়া হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ ৰাজ্যমন্ত্রী নিমুৱেন জয়ন্তীভাই বান্তানেয়াই এই কথা সদৰি কৰে। তেওঁ কয যে, কেন্দ্ৰীয় চৰকাৰে কুঁহিয়াৰ খেতিয়কসকলৰ বকেয়া আদায় দিয়াৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে, ২০২১-২২ বৰ্ষৰ ছেপ্তেম্বৰ-অক্টোবৰ পৰ্যন্ত ৯৯ দশমিক ৯ শতাংশ বকেয়া পৰিশোধ কৰা হৈছে। ২০২২-২৩ বৰ্ষৰ বাবে ৯৯.৬ শতাংশৰো অধিক বকেয়া আদায় দি...

August 6, 2024 8:30 PM

views 35

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ ড০ অমৰ সিঙে এইবাৰৰ কেন্দ্ৰীয় বাজেটে অকল উচ্চ আয়ৰ গোটসমূহকে সকাহ প্ৰদান কৰা বুলি আৰু বাজেটত মধ্য আৰু নিম্ন আয়ৰ লোকৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, দেশত কৃষি ক্ষেত্ৰৰ বিকাশ ক্ৰমাৎ হ্রাস পাইছে। তেওঁ লগতে কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বিষয় লৈ চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। অন্য এগৰাকী কংগ্ৰেছ সাংসদ দীপেন্দ্র হুদাই কয় যে, দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগ অবিৰতভাৱে হ্ৰাস পাইছে। সাংসদগৰাকীয়ে ...