July 24, 2025 8:55 PM

views 29

বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কামকাজ প্রথমে দিনৰ দুই বজালৈ আৰু পাছত দিনটোৰ বাবে স্থগিত ৰখা হয়৷ কাৰ্যক্ৰমণিকা প্ৰথমবাৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিজেপি সাংসদ নিশিকান্ত ডুবেই যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিষয়ক স্থায়ী কমিটিৰ প্ৰতিবেদন দাখিল কৰে। একেদৰে বিজেপিৰ জনার্দন মিশ্রই গ্রাম্য উন্নয়ন বিষয়ক স্থায়ী কমিটিৰ প্ৰতিবেদন দাখিল কৰে। পাছত আইন আৰু ন্যায় মন্...

July 23, 2025 9:26 PM

views 42

ভাৰতৰ এটা শক্তিশালী তথ্য প্রযুক্তি ব্যৱস্থা আছে, যাৰ বাৰ্ষিক ৰাজহ হৈছে ২৫ হাজাৰ কোটি ডলাৰঃ অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ভাৰতৰ এটা শক্তিশালী তথ্য প্রযুক্তি ব্যৱস্থা আছে, যাৰ বাৰ্ষিক ৰাজহ হৈছে ২৫ হাজাৰ কোটি ডলাৰ। এই তথ্য প্রযুক্তি খণ্ডই ৬০ লাখৰো অধিক লোকক সংস্থাপন প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্ৰী বৈষ্ণৱে কয়, যে ষ্টেনফোর্ড এ আই ৰেংকিঙত ভাৰত কৃত্রিম বুদ্ধিমত্তা দক্ষতা, সামৰ্থ্য আৰু কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰৰ নীতিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সৈতে স্থান লাভ কৰিছে । তেওঁ কয়,...

July 23, 2025 9:23 PM

views 25

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছেঃ ৰে’লমন্ত্ৰী

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে সকলোবোৰ ৰে’ল ষ্টেচন আৰু যাত্ৰীবাহী ৰে'লত জীৱনদায়িনী ঔষধ থকা একোটা চিকিৎসা বাকচ, সামগ্ৰী আৰু অক্সিজেন চিলিণ্ডাৰ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁ লগতে কয়, যে ৰোগীয়া যাত্ৰী তথা দুৰ্ঘটনাত আহত যাত্ৰীসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে ৰে'লৱে, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়ৰ এম্বুলেঞ্চস...

July 23, 2025 9:23 PM

views 32

লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশত ক্ৰীড়াৰ বিকাশ আৰু বিস্তাৰ ঘটোৱা ক্রীড়াবিদসকলৰ কল্যাণৰ বাবে আঁচনি গ্ৰহণ আৰু সু-শাসনৰ নীতিৰ অধীনত ক্রীড়া নীতিৰ নীতিগত সংশোধন ঘটাবলৈ বিচৰা হৈছে। বিধেয়কখন উত্থাপন কৰি ক্ৰীড়ামন্ত্রী মন্দাভিয়াই কয়, যে এই বিধেয়কখনত অলিম্পিক আৰু আন ক্রীড়া সমাৰোহত নিহিত থকা নীতিগত প্ৰমূল্য আৰু খেলুৱৈসুলভ মনোভাৱ অন্তৰ্ভুক্ত কৰাৰ লগতে পেৰা অলিম্পিক আৰু আন্তৰ্জাত...

July 23, 2025 9:15 PM

views 16

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত

বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত হয়। বিৰোধী পক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনায়। লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ পূৰ্বে দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ২ বজাত নিম্ন সদন দ্বিতীয়বাৰৰ বাবে পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্...

July 20, 2025 6:52 PM

views 18

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱনত সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীৰ সংসদ ভৱনত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। সংসদৰ উভয় সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহযোগিতা কামনা কৰি চৰকাৰে এই বৈঠকৰ আহ্বান জনাইছিল। লোকসভা আৰু ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাত সদনৰ নেতা জগত প্ৰকাশ নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজু, সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ড° এল মুৰুগানে বৈঠকত অংশ লয়। তদুপৰি কংগ্ৰেছৰ...

July 17, 2025 7:39 PM

views 34

সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। ২১ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনত ৮ খন নতুন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ভৌগোলিক দিশৰ পৰা ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হ'ব। তদুপৰি আয়কৰ বিধেয়ক ২০২৫, খনি আৰু খনিজ পদার্থ উন্নয়ন আৰু নিয়ামক সংশোধনী বিধেয়কো এই অধিৱেশনত উত্থাপন কৰা হ'ব। এই অধিৱেশনত অপাৰেচন সিন্দূৰ আৰু নিৰ্বাচন আয়োগৰ বিশেষ সংহত ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত বিৰোধী পক্ষই শাসনাধিস্থ দলক প্রশ্ন কৰাৰ সম্ভাৱনা আছে। অধিৱেশনৰ পূৰ্বে চৰকা...

June 4, 2025 8:18 PM

views 24

সংসদৰ বৰ্ষাকালীন অধিবেশন ২১ জুলাইত আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিবেশন ২১ জুলাইত আৰম্ভ হ'ব আৰু ১২ আগষ্টত এই অধিবেশনৰ সামৰণি পৰিব। নতুন দিল্লীত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এইকথা প্ৰকাশ কৰে। পেহেলগামৰ বৰ্বৰ সন্ত্রাসবাদী আক্ৰমণত ২৫ গৰাকী ভাৰতীয় এগৰাকী নেপালী নাগৰিকৰ মৃত্যুৰ প্ৰত্যাক্ৰমন স্বৰূপে আৰম্ভ কৰা অপাছেন সিন্দূৰৰ পাছত এয়া সংসদৰ প্ৰথমখন অধিবেশন হ'ব। অপাছেন সিন্দুৰৰ জৰিয়তে সশস্ত্র বাহিনীসমূহ পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটিমসূহক লক্ষ্য কৰি আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণত এশৰো অধিক সন্ত্ৰাসবাদী...

April 4, 2025 8:33 PM

views 17

সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি জনাইছে যে এইবাৰৰ সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছে। নতুন দিল্লীত সংবাদ মেলক উদ্দেশ্যি তেওঁ কয় যে এই অধিবেশনৰ সময়ছোৱাত কোনো ধৰণৰ বিবাদ অবিহনে ৱাকফ বিধেয়কখন গৃহীত হৈছে আৰু সংসদৰ বুৰঞ্জীত ইয়াৰ পূৰ্বে কোনোবাৰেই কোনো বিধেয়কক লৈ ইমান সুন্দৰভাৱে আলোচনা হোৱা নাই। তেওঁ লগতে কয় যে এই অধিবেশনৰ সময়ছোৱাত লোকসভাই ১৬খন নতুন বিধেয়ক আৰু ৰাজ্যসভাই ১৪খন নতুন বিধেয়ক গৃহীত কৰে।

April 3, 2025 5:34 PM

views 20

মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে সাংসদ অনুৰাগ ঠাকুৰে উত্থাপন কৰা ভূমি বেদখল অভিযোগৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী পক্ষৰ সদস্যসকলৰ সদন ত্যাগ

বিৰোধী নেতা মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে উত্থাপন কৰা ভূমি বেদখল অভিযোগৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী পক্ষৰ সদস্যসকলে আজি সদন ত্যাগ কৰে। আজি পুৱা সদন মিলিত হোৱাৰ সময়তে শ্ৰী খাৰ্গেই কয়, যে বিজেপিৰ নেতাজনে উত্থাপন কৰা এই ভিত্তিহীন অভিযোগে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিছে। শ্রী ঠাকুৰে কালি লোকসভাত প্ৰকাশ কৰা এই মন্তব্যৰ বাবে বিৰোধী পক্ষৰ নেতাগৰাকীয়ে তেওঁক ক্ষমা খুজিবলৈ দাবী জনায়। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে কয়, যে সদন বিবেচনাহীন তথ্য দাখিলৰ কেন্দ্ৰ নহয় আৰু দশক দশক জোৰা ...