August 7, 2025 9:18 PM

views 32

হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি এই সপ্তাহৰ চতুৰ্থ দিনাও সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত হয়। দ্বিতীয়বাৰ স্থগিতকৰণৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিষয়টো আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি আহি ধ্বনি দিবলৈ আৰম্ভ কৰে। সেই সময়ত অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে কয়, যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টো নিৰ্বাচন আয়োগৰ অধীনত আছে আৰু ...

August 5, 2025 3:31 PM

views 34

চৰকাৰে বিগত ১১ বছৰত কৃষকৰ আয় বৃদ্ধিৰ বাবে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে: শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে চৰকাৰে বিগত ১১ বছৰত কৃষকৰ আয় বৃদ্ধিৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভাৰ প্রশ্ন কালত আজি পৰিপূৰক উত্তৰ দি শ্ৰী চৌহানে কয়, যে প্রধানমন্ত্রী কিষাণ সম্মান নিধিৰ অধীনত কৃষকসকলৰ বেংক একাউণ্টত চাৰি লাখ কোটি টকা পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে। তেওঁ কয়, চৰকাৰী কৃষকসকলক চৈধ্য লাখ কোটিৰো অধিক টকাৰ সাৰ ৰাজসাহায্যও প্ৰদান কৰিছে।

August 4, 2025 8:20 PM

views 39

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

সংসদৰ উভয় সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটা ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা সাংসদ শিবু চোৰেণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়। ইপিনে, বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয় লৈ হুলস্থুলীয়া পৰিবেশ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত লোকসভাও স্থগিত ৰখা হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সম্পর্কে ...

August 4, 2025 5:32 PM

views 35

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ দুই বজালৈ স্থগিত ৰখা হয়। দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলায়। কিন্তু বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয়ত ধ্বনি দিবলৈ আৰম্ভ কৰে। শ্ৰী বিৰলাই প্ৰতিবাদৰত সদস্যসকলক প্রশ্নকাল চলাই নিয়াৰ অনুমতি দিবলৈ আৰু সকলোকে এই আলোচনাত অংশ ল'বলৈ আহ্বান জনায়। ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে প...

August 1, 2025 8:14 PM

views 31

বিৰোধী পক্ষই বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ ব্যাহত

বিৰোধী পক্ষই বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদন আজি পুনৰ স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাত দুপৰীয়া ১২ বজাত প্ৰথমবাৰ স্থগিতকৰণৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত আলোচনাৰ দাবী জনাই শ্ল'গান দিবলৈ আৰম্ভ কৰে। সেই সময়ত সভাপতিৰ আসনত থকা ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল আগবঢ়াই নিবলৈ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সদনৰ কাম-কাজ ব্যাহত হয়। এনে...

July 29, 2025 9:58 AM

views 29

লোকসভাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা পুনৰ অনুষ্ঠিত হ’ব

লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা পুনৰ অনুষ্ঠিত হ'ব। অপাৰেচন সিন্দূৰক পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক অভিযান হিচাপে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি এই আলোচনা আৰম্ভ কৰিছিল। এই আলোচনাত অংশ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয়, যে পেহেলগাম আক্রমণক ভাৰতৰ সামৰিক সঁহাৰিয়ে প্ৰতিহত কৰিছে। তেওঁ ভাৰতে কোনো কাৰণতে সন্ত্রাসবাদেৰে জড়িত চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সহাৱস্থান কৰিব নোৱাৰে বুলি উল্লেখ কৰে। তেওঁ কয়, যে অপাৰেচন সিন্দূৰ...

July 28, 2025 8:06 PM

views 47

লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত আজি পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নির্ণায়ক অভিযান - অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে অপাৰেচন সিন্দূৰ কেৱল এটা সামৰিক অভিযানেই নাছিল, বৰং ই হৈছে ভাৰতৰ সাৰ্বভৌমত্ব, পৰিচয় তথা জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়িত্ব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতিৰ ফলপ্ৰসূ আৰু নিৰ্ণায়ক প্ৰদর্শন। শ্রীসিঙে কয়, যে জম্মু-কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই আৰম্ভ কৰা অপাৰেচন সিন্...

July 28, 2025 5:38 PM

views 28

লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুনৰ ১ বজালৈ স্থগিত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাৰ দাবীকে ধৰি অন্যান্য বিষয়ত আলোচনাৰ দাবীৰে বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত হয়। লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুনৰ ১ বজালৈ স্থগিত ৰখা হয়। ৰাজ্যসভাও প্ৰথমে দুপৰীয়া ১২ বজালৈ আৰু পাছত দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উটি আহি ধ্বনি দিবলৈ ...

July 28, 2025 10:22 AM

views 34

সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত বিশেষ আলোচনা হ'ব বুলি সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে পূৰ্বেই প্ৰকাশ কৰিছিল। শ্ৰীৰিজিজুৱে কয়, যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত ব্যৱসায়িক পৰামৰ্শদাতা কমিটিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তেওঁ কয়, যে লোকসভাত এই বিষয়ক বিতৰ্কৰ বাবে ১৬ ঘণ্টা সময়ৰ অনুমোদন দিয়া হৈছে আৰু ৰাজ্যসভাতো ...

July 27, 2025 7:58 PM

views 32

লোকসভাত সোমবাৰে অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা

লোকসভাত কাইলৈ অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত বিশেষ আলোচনা হ'ব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে পূৰ্বে প্ৰকাশ কৰিছিল। শ্ৰীৰিজিজুৱে কয়, যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত পৰামৰ্শদাতা কমিটিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তেওঁ কয়, যে লোকসভাত এই বিষয়ক বিতৰ্কৰ বাবে ১৬ ঘণ্টা সময়ৰ অনুমোদন দিয়া হৈছে আৰু ৰাজ্যসভাতো পৰহিলৈ ১৬ ...