December 19, 2024 3:48 PM

views 27

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তুলি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে শ্ৰী শ্বাহে কালি ৰাজ্যসভাত কৰা মন্তব্যৰ বিৰোধিতা কৰি শ্লোগান দিবলৈ আৰম্ভ কৰে। প্ৰতিবাদত কিছু সদস্যই সদনৰ মজিয়ালৈ উঠি যায়। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই সদনৰ কাম-কাজ দিনৰ ২...

December 18, 2024 1:56 PM

views 27

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তুলি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু বাওঁ দলকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে শ্রী শ্বাহে কালি ৰাজ্যসভাত কৰা মন্তব্যক লৈ ধবনি দি সদনৰ মজিয়ালৈ উঠি যায়। সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু শাসকীয় পক্ষৰ অন্য সদস্যসকলে বিৰোধী পক্ষৰ সাংসদসকলৰ আচৰণৰ বিৰোধিত...

December 13, 2024 8:10 PM

views 30

সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত লোকসভাত বিশেষ আলোচনা

লোকসভাত আজি সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক,অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশ স্পৰ্শ কৰি ৰাষ্ট্ৰ গঠনৰ পথ প্ৰশস্ত কৰিছে। সংবিধানখন দেশৰ সভ্যতাৰ প্ৰমূল্যৰাজিৰ অভিব্যক্তিস্বৰূপ বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৭৫ বছৰ পূৰ্বে সংবিধান সভাই নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ বাবে সংবিধান প্রণয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। প্ৰায় ৩ বছৰজোৰা গভীৰ চিন্তা-চ...

December 13, 2024 5:13 PM

views 25

সংসদৰ দুয়োখন সদনতত ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ ঘটনাত নিহত ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সংসদৰ দুয়োখন সদনতে আজি ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ ঘটনাত নিহত ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দুয়োখন সদনৰ সদস্যসকলে সাহসী নিৰাপত্তাৰক্ষীসকলৰ স্মৃতিৰ প্ৰতি সন্মান জনাই মৌনতা অৱলম্বন কৰে। লোকসভাৰ কাৰ্যক্ৰমণিকাৰ বাবে সদন মিলিত হোৱাৰ সময়তে অধ্যক্ষ ওম বিৰলাই কয়, যে ২০০১ চনৰ এই দিনটোতেই সংসদৰ সজাগ নিৰাপত্তাৰক্ষীসকলে নিজৰ দৃষ্টান্তমূলক সাহস দেখুৱাই সন্ত্ৰাসবাদীৰ কু-প্রচেষ্টাক বিফল কৰি তুলিছিল। তেওঁ কয়, যে আক্ৰমণৰ সময়ত সংসদৰ নিৰাপত্তাৰ সেৱাত নিয়োজিত লোক, দিল্লী আৰক্ষী, চি আৰ পি এফ আৰু চি পি ...

December 11, 2024 2:03 PM

views 32

ধনখড়ে সদায় ভাৰতীয় সংবিধানৰ প্ৰমূল্য আৰু আদৰ্শৰাজি অক্ষুণ্ণ ৰাখি আহিছে আৰু তেওঁৰ পদবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিতঃ ৰিজিজু

বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে আৰু লোকসভাৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাৰ সম্পৰ্ক থকা বুলি উঠা অভিযোগ সম্পর্কে সদনত আলোচনা হ'ব লাগে বুলি দাবী জনায়। তেও...

December 10, 2024 8:03 PM

views 26

শাসকীয় আৰু বিৰোধী পক্ষৰ হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্য ক্রমণিকা দিনটোৰ বাবে স্থগিত

শাসকীয় আৰু বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ-প্ৰতি অভিযোগক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্য ক্রমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্য্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ সদস্যসকলৰ আচৰণক লৈ তীব্ৰ আপত্তি দৰ্শায়। তেওঁ দলটোৰ সদস্যসকলে সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত জন্মোৱা বুলি অভিযোগ তুলি তেওঁলোকক ক্ষমা প্রার্থনা কৰিবলৈ...

December 9, 2024 2:18 PM

views 23

লোকসভাৰ কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিতৰ পাছত দুপৰীয়া ১২ বজাত পুনৰ মিলিত হোৱাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতি অব্যাহত

এটা আগশাৰীৰ ব্যৱসায়ী গোটৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰ আৰু কংগ্ৰেছ নেতাসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে সম্পর্ক থকা বুলি উঠা অভিযোগকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত একেধৰণৰ পৰিস্থিতি অব্যাহত থাকে। কংগ্ৰেছ সাংসদসকলে ধবনি দি সদনৰ মজিয়ালৈ উঠি যায়। সেইসময়ত সদনৰ কামকাজৰ পৰিচালনাত থকা সভাপতিগৰাকীয়...

December 5, 2024 8:33 PM

views 28

লোকসভাত বর্ষাকালীন অধিৱেশনত গৃহীত হোৱা ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ সন্দৰ্ভত ৰাজ্যসভাত আলোচনা

লোকসভাত বর্ষাকালীন অধিৱেশনত গৃহীত হোৱা ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ সন্দৰ্ভত আজি ৰাজ্যসভাত আলোচনা কৰা হয়। এই বিধেয়কখনে কেন্দ্ৰীয় চৰকাৰক বিমানৰ নক্সা, প্ৰস্তুতকৰণ, উৎপাদন, ৰক্ষণাবেক্ষণ, বিক্রী, আমদানী-ৰপ্তানি আৰু বিমান পৰিবহনৰ নিৰাপত্তা ব্যৱস্থা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অধিকাৰ প্ৰদান কৰিব। ইয়াৰ লগতে বিমান দুর্ঘটনা বা যিকোনো ঘটনাকে অনুসন্ধান কৰিবলৈও চৰকাৰক এই বিধায়কখনে অধিকাৰ প্ৰদান কৰিব। বিজেপিৰ শম্ভু চৰণে এই আলোচনাকালত অংশগ্ৰহণ কৰি কয়, যে বিমান পৰিবহন ক্ষেত্ৰখনত যথেষ্ট উন্নয়ন সাধন হৈছে। তে...

December 5, 2024 8:23 PM

views 54

বিৰোধী পক্ষৰ হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

কংগ্ৰেছৰ শীৰ্ষ নেতা আৰু সম্বলৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ আগেয়ে হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভা ২ বজা পর্যন্ত স্থগিত ৰখাৰ পাছত পুনৰ ৩ বজাত সদন মিলিত হয় আৰু ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে'লৱে সংশোধিত বিধেয়ক ২০২৪ৰ ওপৰত হোৱা বিতৰ্কৰ উত্তৰ দিবলৈ চেষ্টা কৰে। কিন্তু বিৰোধী পক্ষৰ সাংসদসকলৰ ধাৰাবাহিক বিৰোধ আৰু হুলস্থূলীয়া পৰিৱেশৰ বাবে সদ...

November 29, 2024 6:26 PM

views 25

সদনৰ শীতকালীন অধিৱেশনত হুলস্থূলীয়া পৰিস্থিতিৰ বাবে একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত

সদনৰ শীতকালীন অধিৱেশন আজি হুলস্থূলীয়া পৰিস্থিতিৰ বাবে একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত হয়। ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে নিৰ্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভাও দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ পাছত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নির্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলৰ সদন স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে। শ্রী ধনখড়ে ...