November 28, 2024 7:36 PM

views 38

হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ তৃতীয় দিনৰ বাবেও স্থগিত

দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ আজি একেৰাহে তৃতীয় দিনৰ বাবেও স্থগিত ৰাখিবলগীয়া হয়। লোকসভাত আজি কেৰালাৰ ৱায়নাড়ৰ পৰা নিৰ্বাচিত কংগ্ৰেছ সাংসদ প্রিয়ংকা গান্ধী আৰু মহাৰাষ্ট্ৰৰ নান্দেড় সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপি সাংসদ ৰবীন্দ্ৰ বসন্ত ৰাও চাৱনে শপত গ্ৰহণ কৰাৰ পাছতেই কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কে আৰু অন্যান্য বিৰোধী দলসমূহে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ বিচাৰি সংসদ...

November 20, 2024 9:08 PM

views 33

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অহা ২৪ নৱেম্বৰত সর্বদলীয় বৈঠক

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অহা ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ২৫ নৱেম্বৰত আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব। অৱশ্যে, ২৬ নৱেম্বৰত সংবিধান দিৱস উপলক্ষে সংসদৰ বৈঠক অনুষ্ঠিত নহয়।

November 16, 2024 6:20 PM

views 37

ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে অতি স্বচ্চতাৰে কাম কৰি আছে আৰু ইয়াৰ বিশ্বাসযোগ্যতা তথা সত্যতাই এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিছেঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ কাৰ্যত আলোকপাত কৰি কয় যে ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে অতি স্বচ্চতাৰে কাম কৰি আছে আৰু ইয়াৰ বিশ্বাসযোগ্যতা তথা সত্যতাই এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। আজি নতুন দিল্লীত আয়োজিত চতুৰ্থ হিচাপ পৰীক্ষণ দিৱসত ভাষণ দি শ্ৰী বিৰলাই উল্লেখ কৰে যে ভাৰতীয় হিচাপ পৰীক্ষা ব্যৱস্থা অধ্যয়ণৰ বাবে বিভিন্ন দেশৰ লোক ভাৰতলৈ অহা তেওঁ প্ৰত্যক্ষ কৰিছিল। তেওঁ কয় যে এই দর্শনার্থীসকলে ভাৰতীয় ব্যৱস্থাৰ পৰা শিকে আৰু নিজৰ দেশত ইয়াক গ্ৰহণ কৰ...

July 29, 2024 8:19 PM

views 43

কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্যসভাত চমু আলোচনা

ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। বিজেপিৰ সুধাংশু ত্রিবেদী এই আলোচনা আৰম্ভ কৰি এনে ঘটনা অপৰাধমূলক অৱহেলা হিচাপে অভিহিত কৰি বিষয়টো সন্দৰ্ভত বিশদ তদন্তৰ দাবী জনায়। তেওঁ লগতে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায়। ত্রিবেদীয়ে লগতে নিৰ্মাণৰ ক্ষেত্ৰত আইন প্রনয়ণ কৰাৰ পাছতো নলা নৰ্দমা পৰিস্কাৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। দিল্লী চৰকাৰক প্ৰশ্ন কৰি তেওঁ লগতে কয় যে, দিল্লী জলবোৰ্ডৰ ঘাটি ৭৪ হাজ...

July 20, 2024 6:00 PM

views 41

সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে

সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত চৰকাৰে সংসদৰ দুয়োখন সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহায়-সহযোগিতা বিচাৰিব। বাজেট অধিৱেশন সোমবাৰে আৰম্ব হ'ব আৰু ১২ আগষ্টলৈকে চলিব। কেন্দ্রীয় বাজেট ২৩ জুলাইত দাখিল কৰা হ'ব। এইখন হ'ব নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। যোৱা মাহত সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে উল্লেখ কৰিছিল যে, এইবছৰৰ সাধাৰণ বাজেটত চৰকাৰৰ বিভিন্ন দূৰদৰ্শী আঁচনি আৰু...

July 18, 2024 5:08 PM

views 30

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলোধৰণৰ সহযোগিতা কামনা কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল।

July 18, 2024 5:00 PM

views 36

অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ব

সংসদৰ বাজেট অধিবেশন অহা ২২ জুলাইত আৰম্ভ হ'ব। এই অধিবেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। বিত্ত মন্ত্ৰী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তী বাজেট উত্থাপন কৰিছিল। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পৰাকৈ বিভিন্ন সুবিধা নিশ্চিত কৰাৰ লগতে অধিক নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পৰৱৰ্তী ৫টা বছৰ ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰ...

July 15, 2024 12:29 PM

views 41

সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি

যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে সামাজিক মাধ্যম যোগে জনোৱা অনুসৰি কংগ্ৰেছ দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে শ্ৰী গগৈক কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি, কে সুৰেশক মুখ্য হুইপ, মণিকাম ঠাকুৰ আৰু মহম্মদ জাৱেদক হুইপ হিচাপে নিযুক্তি দিছে। এই সন্দৰ্ভত শ্রীমতী গান্ধীয়ে লোকসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গগৈক শুভেচ্ছা জনাই কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চ...

July 13, 2024 9:40 AM

views 32

কেইবাখনো দেশৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

● লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি ৰাছিয়াৰ ছেইন্ট পিটাৰ্ছবার্গত তাজিকিস্তান, কাজাখস্তান, বেলাৰুছ, ইজিপ্ত, আৰু উজবেকিস্তানৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ কৰে। দশম ব্রিকচ সংসদীয় সন্মিলনলৈ যোৱা এটা ভাৰতীয় সংসদীয় প্রতিনিধি দলক অধ্যক্ষগৰাকীয়ে নেতৃত্ব প্ৰদান কৰিছে। তাজিকিস্তানৰ মাজলিছি নমোয়াণ্ডাগনৰ অধ্যক্ষ জোকিৰ-জোদা মহম্মদ-তোহিৰ জোহিৰৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত ওম বিৰলাই দুয়োখন দেশৰ মাজত গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু সংসদীয় বন্ধুত্ব গোট গঠনৰ জৰিয়তে সংসদীয় সহযোগিতা বৃদ্ধিৰ প্ৰয়...

July 6, 2024 7:00 PM

views 34

অহা ২২ জুলাইত সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন অহা ২২ জুলাইত আৰম্ভ হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে এই অধিবেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। শ্ৰীৰিজিজুৱে কয় যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শমৰ্মে সংসদৰ বাজেট অধিবেশনৰ বাবে দুয়োখন সদনক আহ্বান জনোৱা প্ৰস্তাৱত অনুমোদন জনাইছে। বিত্ত মন্ত্রী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূর্বে অন্তৱৰ্তী বাজেট উত্থাপ...