June 15, 2024 2:21 PM

views 32

২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিবেশন

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিবেশন ২৪ জুনৰ পৰা অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিনে ৰিজিজুৱে সংসদৰ কামকাজ সুচাৰুৰূপে চলোৱাৰ বাবে সকলোৰে সৈতে একেলগে কাম কৰিবলৈ চৰকাৰ আগ্রহী বুলি প্ৰকাশ কৰিছে। প্ৰথম অধিৱেশনৰ গুৰুত্বত আলোকপাত কৰি শ্ৰী ৰিজিজুৱে কয় যে, এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ, অধ্যক্ষৰ নিৰ্বাচন আৰু সংসদৰ দুয়োখন সদনত ৰাষ্ট্ৰপতিয়ে ভাষণ দিয়াৰ নিয়ম আছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মন্ত্ৰী ৰিজিজুৱে আশা প্রকাশ কৰে যে, সকলো নৱনিৰ্বাচিত সদস্যই ভাৰতীয় সংসদৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰ...

June 8, 2024 1:59 PM

views 35

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত নৱনিৰ্বাচিত ৩ গৰাকী সাংসদক সম্বৰ্ধনা

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কালি সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত নৱনিৰ্বাচিত ৩গৰাকী সাংসদক সম্বৰ্ধনা জনোৱা হয়। যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক কালি এখন ৰাজহুৱা সম্বৰ্ধনা সভাত সন্মান জনোৱা হয়। বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেইগৰাকীৰ বিজয়ত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিনন্দন জ্ঞাপন কৰে। ভাষণ প্ৰসংগত শ্ৰী বৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ পোষকতা কৰে...

May 26, 2024 7:34 PM

views 30

সংসদত নৱনিৰ্বাচিত সাংসদসকলক আদৰণি জনোৱাৰ প্ৰস্তুতি পূর্ণ গতিত

লোকসভা নিৰ্বাচনৰ সামৰণি তথা ফলাফল ঘোষণালৈ মাত্ৰ কিছুদিন থকা অৱস্থাত সংসদত নৱনিৰ্বাচিত সাংসদসকলক আদৰণি জনোৱাৰ প্ৰস্তুতি পূর্ণ গতিত চলিছে। সংবাদ মাধ্যমৰ যোগে প্রকাশিত এক জাননীৰ মতে নির্বাচন আয়োগে নির্বাচিত প্ৰাৰ্থীসকলৰ তালিকা ঘোষণা কৰাৰ পিছতে নৱ নিৰ্বাচিত সাংসদসকল আহিবলৈ আৰম্ভ কৰিব। তেওঁলোকৰ ভ্ৰমণৰ পূৰ্বেই লোকসভা সচিবালয়ৰ নডেল বিষয়াসকল তেওঁলোকৰ সৈতে যোগাযোগত থাকিব। আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ তথা ৰেলৱে ষ্টেছনসমূহৰ বিভিন্ন টার্মিনেলসমূহত বিশেষ অভ্যর্থনা কেন্দ্রসমূহ স্থাপন কৰা হ'ব। বিমান, ৰেল তথা ...

April 4, 2024 9:19 PM

views 38

ঢোলপুৰ ৰাষ্ট্ৰীয় সামৰিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে উপৰাষ্ট্ৰপতিৰ মত-বিনিময়

♦ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীৰ সংসদ ভৱনত ঢোলপুৰ ৰাষ্ট্ৰীয় সামৰিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে। ৰাজ্যসভাৰ উদ্যোগত আয়োজিত তিনিদিনীয়া শিক্ষামূলক ভ্রমণ কাৰ্যসূচীত এই ছাত্র- ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।