December 19, 2025 7:26 PM

views 7

সংসদৰ শীতকালীন অধিবেশন আজি অনির্দিষ্টকাললৈ স্থগিত

সংসদৰ শীতকালীন অধিবেশন আজি অনির্দিষ্টকাললৈ স্থগিত ৰখা হয়। ইয়াৰ লগে লগে ১ ডিচেম্বৰত আৰম্ভ হোৱা ১৯ দিনীয়া শীতকালীন অধিৱেশনৰ সামৰণি পৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সামৰণি ভাষণত কয়, যে এইবাৰৰ অধিৱেশনত মুঠ ১৫ খন বৈঠক অনুষ্ঠিত হয়। তেওঁ সকলো সদস্যকে সংসদৰ কাম-কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা প্রায় ৭২ ঘণ্টা চলে আৰু এইবাৰৰ অধিবেশন ফলপ্ৰসু হৈ বুলি উল্লেখ কৰে। তেওঁ লগতে কয়, যে সংসদৰ শীতকালীন অধিবেশনত ঐতিহাসিক আৰু গণতান্ত্...

December 4, 2025 6:26 PM

views 13

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনাৰ পৰা চৰকাৰে আঁতৰি ফুৰিছে বুলি অনা অভিযোগক খণ্ডন জে পি নাড্ডাৰ

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা চৰকাৰ আঁতৰি ফুৰিছে বুলি অনা অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই খণ্ডন কৰিছে। কংগ্ৰেছ দলৰ সদস্য তথা ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাগেই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত শ্ৰী নাড্ডাই আজি সদনত কয়, যে সংসদত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু আৰু ই বিৰোধীয়ে দাবী কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা আঁতৰি ফুৰা নাই। শ্ৰী নাড্ডাই লগতে সংসদৰ যোৱাবাৰৰ অধিৱেশনত চৰকাৰে আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া ...

August 18, 2025 4:23 PM

views 21

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কার্যক্রমণিকা দিনৰ ২ বজালৈ স্থগিত

● বিৰোধী পক্ষৰ সদস্যসকলে কেইবাটাও বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদন আজি দিনৰ দুই বজালৈ স্থগিত ৰখা হৈছে। দিনৰ ১১ বজাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে উচ্চ সদনে যোৱা ১৫ আগষ্টত দেহাৱসান ঘটা নাগালেণ্ডৰ ৰাজ্যপাল, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ লা গণেশনৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উপ-সভাপতি হৰিবংশে ২০১৬ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ এপ্ৰিললৈ মধ্য প্ৰদেশৰ পৰা উচ্চ সদনক প্ৰতিনিধিত্ব কৰা লা গণেশনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। উপ-সভাপতিগৰাকীয়ে কয়, যে এগৰাকী জন স...

August 4, 2025 8:20 PM

views 28

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

সংসদৰ উভয় সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটা ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা সাংসদ শিবু চোৰেণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়। ইপিনে, বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয় লৈ হুলস্থুলীয়া পৰিবেশ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত লোকসভাও স্থগিত ৰখা হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সম্পর্কে ...

July 28, 2025 5:38 PM

views 16

লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুনৰ ১ বজালৈ স্থগিত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাৰ দাবীকে ধৰি অন্যান্য বিষয়ত আলোচনাৰ দাবীৰে বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত হয়। লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুনৰ ১ বজালৈ স্থগিত ৰখা হয়। ৰাজ্যসভাও প্ৰথমে দুপৰীয়া ১২ বজালৈ আৰু পাছত দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উটি আহি ধ্বনি দিবলৈ ...

July 24, 2025 8:55 PM

views 17

বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কামকাজ প্রথমে দিনৰ দুই বজালৈ আৰু পাছত দিনটোৰ বাবে স্থগিত ৰখা হয়৷ কাৰ্যক্ৰমণিকা প্ৰথমবাৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিজেপি সাংসদ নিশিকান্ত ডুবেই যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিষয়ক স্থায়ী কমিটিৰ প্ৰতিবেদন দাখিল কৰে। একেদৰে বিজেপিৰ জনার্দন মিশ্রই গ্রাম্য উন্নয়ন বিষয়ক স্থায়ী কমিটিৰ প্ৰতিবেদন দাখিল কৰে। পাছত আইন আৰু ন্যায় মন্...

July 23, 2025 9:23 PM

views 26

লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশত ক্ৰীড়াৰ বিকাশ আৰু বিস্তাৰ ঘটোৱা ক্রীড়াবিদসকলৰ কল্যাণৰ বাবে আঁচনি গ্ৰহণ আৰু সু-শাসনৰ নীতিৰ অধীনত ক্রীড়া নীতিৰ নীতিগত সংশোধন ঘটাবলৈ বিচৰা হৈছে। বিধেয়কখন উত্থাপন কৰি ক্ৰীড়ামন্ত্রী মন্দাভিয়াই কয়, যে এই বিধেয়কখনত অলিম্পিক আৰু আন ক্রীড়া সমাৰোহত নিহিত থকা নীতিগত প্ৰমূল্য আৰু খেলুৱৈসুলভ মনোভাৱ অন্তৰ্ভুক্ত কৰাৰ লগতে পেৰা অলিম্পিক আৰু আন্তৰ্জাত...

July 17, 2025 7:39 PM

views 27

সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। ২১ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনত ৮ খন নতুন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ভৌগোলিক দিশৰ পৰা ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হ'ব। তদুপৰি আয়কৰ বিধেয়ক ২০২৫, খনি আৰু খনিজ পদার্থ উন্নয়ন আৰু নিয়ামক সংশোধনী বিধেয়কো এই অধিৱেশনত উত্থাপন কৰা হ'ব। এই অধিৱেশনত অপাৰেচন সিন্দূৰ আৰু নিৰ্বাচন আয়োগৰ বিশেষ সংহত ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত বিৰোধী পক্ষই শাসনাধিস্থ দলক প্রশ্ন কৰাৰ সম্ভাৱনা আছে। অধিৱেশনৰ পূৰ্বে চৰকা...

December 20, 2024 8:11 PM

views 17

সংসদৰ শীতকালীন অধিবেশন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত

সংসদৰ শীতকালীন অধিবেশন আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। লোকসভা আৰু ৰাজ্যসভাৰ এইবাৰৰ অধিবেশনৰ আজি অন্তিম দিনাও বিশেষ কোনো কাম-কাজ নোহোৱাকৈ সামৰণি পৰে। সংবিধান প্রণেতা ড০ বি আৰ আম্বেদকাৰক অপমান কৰা বুলি উঠা অভিযোগ প্ৰতি-অভিযোগৰ মাজত যোৱা দুদিনত সৃষ্টি হোৱা অভূতপূর্ব হুলস্থূলীয়া পৰিস্থিতি আজিও শাম কটা পৰিলক্ষিত নহ'ল। লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ সময়তে আজি বিৰোধী পক্ষৰ সদস্যসকলে অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি আহি ধবনি দিবলৈ আৰম্ভ কৰে। অধ্যক্ষই সদস্যসকলক ক্ষান্ত হ'বলৈ বাৰম্বাৰ অনুৰো...

December 19, 2024 3:48 PM

views 23

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তুলি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে শ্ৰী শ্বাহে কালি ৰাজ্যসভাত কৰা মন্তব্যৰ বিৰোধিতা কৰি শ্লোগান দিবলৈ আৰম্ভ কৰে। প্ৰতিবাদত কিছু সদস্যই সদনৰ মজিয়ালৈ উঠি যায়। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই সদনৰ কাম-কাজ দিনৰ ২...