November 6, 2024 1:42 PM

views 31

সংসদৰ শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হ’ব

সংসদৰ শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিবেশনৰ সামৰণি পৰিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমযোগে জনাইছে যে, সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক জয়ন্তী ২৬ নৱেম্বৰত সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত উদযাপন কৰা হ’ব।

August 9, 2024 8:26 PM

views 25

সংসদৰ উভয় সদনৰ কাম-কাজ অনির্দিষ্ট কালৰ বাবে স্থগিত

সংসদৰ উভয় সদনৰ কাম-কাজ আজি অনির্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে ১১৫ ঘণ্টা ধৰি চলা এই অধিবেশনৰ সময়ছোৱাত ১৫খন বৈঠক অনুষ্ঠিত হয়। তেওঁ কয় যে কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২৩ জুলাইত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল আৰু বাজেটক লৈ সদনত ২৭ ঘণ্টা আৰু ১৯ মিনিট ধৰি আলোচনা অনুষ্ঠিত হৈছিল। তেওঁ কয় যে অধিবেশনৰ সময়ছোৱাত ১২খন বিধেয়ক উত্থাপন কৰা হয় আৰু ইয়াৰে চাৰিখন লোকসভাত গৃহীত হয়। গৃহীত বিধেয়ককেইখনৰ ভিতৰত বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক, জম্মু...