December 18, 2024 1:56 PM

views 35

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তুলি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু বাওঁ দলকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে শ্রী শ্বাহে কালি ৰাজ্যসভাত কৰা মন্তব্যক লৈ ধবনি দি সদনৰ মজিয়ালৈ উঠি যায়। সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু শাসকীয় পক্ষৰ অন্য সদস্যসকলে বিৰোধী পক্ষৰ সাংসদসকলৰ আচৰণৰ বিৰোধিত...

December 13, 2024 8:28 PM

views 32

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছেঃ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১৪ চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য ৯১ হাজাৰ ২৮৭ কিলোমিটাৰ আছিল আৰু যোৱা নবেম্বৰ পৰ্য্যন্ত এই নেটৱৰ্ক প্ৰায় ডেৰ গুণ বৃদ্ধি পাই ১ লাখ ৪৬ হাজাৰ ১৯৫ কিলোমিটাৰ হৈছে।

December 12, 2024 7:36 PM

views 37

শাসক-বিৰোধীৰ বাক-বিতণ্ডাত সংসদৰ উভয় সদনত কাম-কাজ অচল

বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক- বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ আৰু লোকসভাৰ কাম-কাজ দিনৰ ১ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। শাসকীয় পক্ষই কংগ্ৰেছৰ একাংশ নেতাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ বিষয়টো উত্থাপন কৰে। ইফালে, বিৰোধী পক্ষই আদানি গোটৰ বিৰুদ্ধে উৎকোচৰ বিষয়টোকলৈ প্ৰতিবাদ সাব্যস্ত কৰি যুটীয়া সংসদীয় সমিতিৰ অনুসন্ধানৰ দাবী জনায়। লোকসভাত প্রশ্নকালৰ অন্তপৰাৰ পাছত ...

December 11, 2024 2:03 PM

views 41

ধনখড়ে সদায় ভাৰতীয় সংবিধানৰ প্ৰমূল্য আৰু আদৰ্শৰাজি অক্ষুণ্ণ ৰাখি আহিছে আৰু তেওঁৰ পদবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিতঃ ৰিজিজু

বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে আৰু লোকসভাৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাৰ সম্পৰ্ক থকা বুলি উঠা অভিযোগ সম্পর্কে সদনত আলোচনা হ'ব লাগে বুলি দাবী জনায়। তেও...

December 11, 2024 1:28 PM

views 40

শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত হোৱা তুমুল বাক-বিতণ্ডাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত

শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত হোৱা তুমুল বাক-বিতণ্ডাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হৈছে। পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সাংসদসকলে দাখিল কৰা সভাস্থগিতকৰণৰ জাননী প্রত্যাখ্যান কৰে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ জাননীৰ বাবে বিৰোধী পক্ষক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, যে কংগ্ৰেছে ইয়াৰ বাবে ক্ষমা খোজা উচিত আৰু চৰকাৰে সভাপতিৰ ভাৱমূৰ্তি ম্লান ...

December 10, 2024 8:03 PM

views 35

শাসকীয় আৰু বিৰোধী পক্ষৰ হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্য ক্রমণিকা দিনটোৰ বাবে স্থগিত

শাসকীয় আৰু বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ-প্ৰতি অভিযোগক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্য ক্রমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্য্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ সদস্যসকলৰ আচৰণক লৈ তীব্ৰ আপত্তি দৰ্শায়। তেওঁ দলটোৰ সদস্যসকলে সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত জন্মোৱা বুলি অভিযোগ তুলি তেওঁলোকক ক্ষমা প্রার্থনা কৰিবলৈ...

December 9, 2024 1:02 PM

views 36

বিৰোধীৰ প্ৰতিবাদ আৰু হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ স্থগিত

এটা বিশেষ ব্যৱসায়িক প্রতিষ্ঠানে উৎকোচ লোৱাৰ অভিযোগকে ধৰি অন্যান্য বিষয়ত বিৰোধী দলে প্ৰতিবাদ সাব্যস্ত কৰি হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ স্থগিত ৰখা হয় ৷ পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু বাওঁ দলকে ধৰি বিৰোধী সাংসদসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। অধ্যক্ষ ওম বিৰলাই প্ৰতিবাদী সদস্যসকলক সদনৰ কামকাজ চলাই নিয়াত সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে সদনৰ প্ৰশ্নকাল অতি গুৰুত্বপূৰ্ণ আৰু এই প্ৰশ্নকালত কোনো ধৰণৰ বিষয় উত...

December 6, 2024 2:45 PM

views 28

বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাসকলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। শূন্যকালত শ্ৰী ডুবেই আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত এগৰাকী বিনিয়োগকাৰী, বিদেশী সংবাদ মঞ্চ আৰু কংগ্ৰেছে ভাৰতৰ সাফল্য গাঁথা বিঘ্নিত কৰাৰ চেষ্টা চলোৱা বুলি পুনৰায় অভিযোগ উত্থাপন কৰে। অধ্যক্ষই বিজেপি সাংসদসকলক বক্তব্য ৰখাৰ অনুমতি প্ৰদান কৰাত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে সদন উত্তাল কৰি তোলে। ফল...

November 29, 2024 8:53 PM

views 33

হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সদনৰ শীতকালীন অধিৱেশনৰ চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত

হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সদনৰ শীতকালীন অধিৱেশন একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত হয়। ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে নিৰ্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভাও দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ পাছত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নির্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলৰ সদন স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে। শ্ৰী ধনখড়ে সদনৰ...

November 28, 2024 7:36 PM

views 38

হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ তৃতীয় দিনৰ বাবেও স্থগিত

দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ আজি একেৰাহে তৃতীয় দিনৰ বাবেও স্থগিত ৰাখিবলগীয়া হয়। লোকসভাত আজি কেৰালাৰ ৱায়নাড়ৰ পৰা নিৰ্বাচিত কংগ্ৰেছ সাংসদ প্রিয়ংকা গান্ধী আৰু মহাৰাষ্ট্ৰৰ নান্দেড় সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপি সাংসদ ৰবীন্দ্ৰ বসন্ত ৰাও চাৱনে শপত গ্ৰহণ কৰাৰ পাছতেই কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কে আৰু অন্যান্য বিৰোধী দলসমূহে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ বিচাৰি সংসদ...