July 3, 2025 8:30 PM

views 28

ঝাৰখণ্ডত ২,৪৫৬ কোটি টকা ব্যয় সাপেক্ষ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন নীতিন গাডকাৰীৰ

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে আজি ঝাৰখণ্ডৰ গঢ়বাত দুহেজাৰ ৪৫৬ কোটি টকা ব্যয় সাপেক্ষ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। শ্ৰী গাডকাৰীয়ে লগতে ৰাজ্যখনৰ দ্ৰুত উন্নয়ন সুনিশ্চিত কৰাৰ বাবে দুই লাখ কোটি টকাৰ ঘাইপথ প্ৰকল্প ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছহেজাৰ ৩৫০ কোটি টকা মূল্যৰ ১১ টা প্রকল্পও মুকলি কৰে। এই উপলক্ষে শ্ৰী গাডকাৰীয়ে কয়, যে ৰাজ্যখনত ৪০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু ৭০ হাজাৰ কো...

May 6, 2025 8:17 AM

views 27

তেলেংগানাত ৬,১০০ কোটি টকা ব্যয়ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভিন্ন প্রকল্পৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

■ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি তেলেংগানাত ৬ হাজাৰ ১০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভালেমান প্রকল্প উদ্বোধন কৰাৰ লগতে আন ভালেকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। হায়দৰাবাদৰ আম্বেৰপেতত কালি বিয়লি এখন জনসভা সম্বোধন কৰি শ্ৰীগাডকাৰীয়ে অদূৰ ভৱিষ্যতে ৰাজ্যখনত পথ সংযোগে অধিক গতি লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে। হায়দাবাদ-বিজয়ৱাড়া সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পৰৱৰ্তী তিনিটা মাহৰ ভিতৰত ১০ হাজাৰ কোটি টকা ব্যয়ৰে ছয়লেনযুক্ত কৰি তোলাৰ কাম আৰম্ভ ...

May 5, 2025 2:16 PM

views 23

তেলেংগানাত ৩,৯০০ কোটি টকা ব্যয়সাপেক্ষ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কেইবাটাও ঘাইপথ প্ৰকল্পৰ আধাৰশিলা

● কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি তেলেংগানাৰ ছিৰপুৰ কাগজনগৰত ৩,৯০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰী গাঙ্কাৰীয়ে ৰাজ্যখনৰ পথ, আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰৰ দায়বদ্ধতাৰ বিষয়ে দোহাৰে। ৰাজ্যখনৰ কৃষক সম্প্ৰদায়ৰ প্ৰতি সহায় আগবঢ়াব পৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এলেকাত কেইবাহাজাৰ অমৃত সৰোবৰ খান্দিবৰ বাবে চৰকাৰ সাজু হৈ আছে বুলিও ...

May 5, 2025 1:00 PM

views 19

তেলেংগানাত আজি ৬ হেজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত কেইবাটাও পথ মুকলি

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি তেলেংগানাত ছহেজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মিত ১৪টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ দুহেজাৰ ৮৫ কিলোমিটাৰ পথ মুকলি কৰিব। তেওঁ আশিফাবাদ জিলাৰ কাগজ নগৰত থকা চাৰিলেন যুক্ত ৩৬৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰিব। ইয়াৰ পাছত আজি সন্ধিয়াৰ ভাগত মন্ত্ৰী গাডকাৰীয়ে হায়দৰাবাদত বি এইচ ই এল আৰু আম্বাৰপেটৰ উৰণ সেঁতু মুকলি কৰিব। তেওঁ ৩০০ কোটি টকা ব্যয় সাপেক্ষে আৰমঘৰৰ পৰা শ্বামছাহবাদলৈ সম্প্ৰসাৰিত ছয়লেনযুক্ত পথটো মুকলি কৰিব। ইয়াৰ উপৰিও কেন্দ্ৰীয় মন...

April 15, 2025 8:16 PM

views 15

পৰৱৰ্তী ১৮ মাহত দেশে পথ আন্তঃগাঁথনিৰ দিশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰকো চেৰ পেলাবঃ নীতিন গাডকাৰী

পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে দেশৰ বাবে আন্তঃগাঁথনিৰ উন্নয়নৰ গুৰুত্বত জোৰ দিছে আৰু প্ৰতি দিনে ১০০ কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সৰ্ব ভাৰতীয় ব্যৱস্থাপনা সংস্থা, এ আই এম এৰ দশম ৰাষ্ট্ৰীয় নেতৃত্ব সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি কয়, যে পৰৱৰ্তী ১৮ মাহত দেশে পথ আন্তঃগাঁথনিৰ দিশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰকো চেৰ পেলাব।

April 10, 2025 8:26 PM

views 23

মধ্যপ্ৰদেশৰ বাদনাৱাৰ-উজ্জইন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি মধ্যপ্ৰদেশৰ বাদনাৱাৰ-উজ্জইন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰে। এই ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতমালা প্ৰকল্পৰ অধীনত মধ্যপ্ৰদেশৰ ধৰ জিলাৰ বাদনাৱাত এহেজাৰ ৩৫২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে। মন্ত্ৰী শ্ৰীগাডকাৰীয়ে ৫ হাজাৰ ৮০০ কোটি টকা ব্যয়সাপেক্ষ ৩২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১০ টা পথ প্ৰকল্পৰ ভূমি পূজন কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে কয়, যে মধ্য প্ৰদেশত ৩৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ৫ টা সেউজ অর্থনীতি কৰ্ডিৰ নিৰ্মাণ কৰা হ'ব। ওম-কাৰেশ্বৰৰ নর্মদা...

April 9, 2025 8:16 PM

views 19

দেশত প্ৰব্ৰজন ৰোধৰ বাবে গ্ৰাম্য ভাৰতক কেন্দ্ৰ কৰি নীতি নিৰ্ধাৰণ কৰাত গুৰুত্ব প্ৰদান নিতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে দেশত প্ৰব্ৰজন ৰোধৰ বাবে গ্ৰাম্য ভাৰতক কেন্দ্ৰ কৰি নীতি নিৰ্ধাৰণ কৰাত গুৰুত্ব প্ৰদান কৰে। নতুন দিল্লীত অনুষ্ঠিত কিশান কুম্ভমেলা ২০২৫ ত অংশগ্রহণ কৰি মন্ত্ৰী শ্ৰীগাডকাৰীয়ে কয়, যে চৰকাৰী নীতিসমূহে গ্ৰাম্য এলেকাৰ খেতিয়ক আৰু দুৰ্বল শ্ৰেণীৰ কল্যান নিশ্চিত কৰাৰ বাবে নিৰ্ধাৰণ কৰা প্ৰয়োজন। মন্ত্ৰী শ্ৰীগাডকাৰীয়ে কয় যে কৃষকসকলে উদ্যমীসকলৰ পৰা নতুন প্ৰযুক্তিৰ বিষয়ে শিকা উচিত। তেওঁ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত কৃষকসকলৰ দক্ষতা আৰু অভিজ্ঞতা আনৰ সৈ...

March 25, 2025 8:41 PM

views 23

দেশত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ ৬০ শতাংশৰো অধিক ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ বুলি নীতিন গাডকাৰীয়ে মন্তব্য

 আমাৰ দেশত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ ৬০ শতাংশৰো অধিক ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ বুলি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মন্তব্য কৰিছে। আজি নতুন দিল্লীত আমেৰিকান চেম্বাৰ অৱ কমাৰ্চৰ পথ সুৰক্ষাৰ বাবে - আমচামৰ প্ৰযুক্তি হস্তক্ষেপ -আমেৰিকা-ভাৰত অংশীদাৰিত্ব শীর্ষক অনুষ্ঠানত ভাষণ দি শ্ৰীগাডকাৰীয়ে এইদৰে প্ৰকাশ কৰে। পথ দুৰ্ঘটনাৰ ফলত দেশে মুঠ ঘৰুৱা উৎপাদনত ৩ শতাংশ লোকচানৰ সন্মুখীন হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে পথ দুৰ্ঘটনা সমস্যাৰ সমাধান উলিওৱাৰ পূৰ্বে ...

March 20, 2025 10:46 AM

views 25

আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাৰ প্রশ্নোত্তৰ কালত কালি অসমৰ কেইবাগৰাকীও সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বিষয়ে সদনক অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৫,৮০০ কোটি টকাৰ ব্যয়েৰে ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিংৰোড প্ৰকল্পৰ কাম ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। তেওঁ কয়, যে গ...

March 19, 2025 8:22 PM

views 38

৪ আৰু ৬ লেনযুক্ত পথ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা ব্যয়ৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৪ আৰু ৬ লেনযুক্ত পথ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। অসমত ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত অসম গণ পৰিষদৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সোধা প্ৰশ্নৰ উত্তৰত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি ৰাজ্যসভাত এইকথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে এনে প্ৰকল্পৰ বাবে টোলৰ জৰিয়তে ৰাজহ আহৰণ কৰি আহিছে যদিও ৰাইজৰ সুবিধাৰ প্ৰতি বিবেচনা কৰি অকল চাৰিটালেনযুক্ত ঘাইপথৰ ক্ষেত্ৰতহে টোল ব্যৱস্থা প্ৰযোজ্য কৰা হৈছে।