January 21, 2026 12:08 PM

views 21

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক নীতিন গাডকাৰীৰ অভিনন্দন

 কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে ৬ লেনযুক্ত বেংগালুৰু-কাদাপা-বিজয়াৱাড়া ইক'নমিক কৰিড'ৰৰ পেকেজ-২ আৰু পেকেজ-৩ৰ মাজেৰে অবিৰতভাৱে বিটুমিনাছ কংক্রিট পকীকৰণৰ বাবে ৪টাকৈ গিনিজ বিশ্ব অভিলেখ স্থাপন কৰাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক অভিনন্দন জনাইছে। উন্নত প্রযুক্তি আৰু গুণগত মানদণ্ডৰদ্বাৰা সম্ভৱ হোৱা এই কৃতিত্বই দেশৰ বৰ্ধিত অভিযান্ত্রিক উৎকর্ষতা আৰু ৰূপায়ণ বা সম্পাদন ক্ষমতাক প্ৰতিফলিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই কৃতিত্বই বিশ্বমা...

January 8, 2026 8:12 PM

views 28

নীতিন গাডকাৰীৰ অধ্যক্ষতাত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠক অনুষ্ঠিত

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। শ্রীগাডকাৰীয়ে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত পথ সুৰক্ষা, যাত্ৰী আৰু ৰাইজৰ সুবিধা, ব্যৱসায়িক সূচলতা আৰু যান-বাহন নিয়ন্ত্রণকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিষয় লৈ গঠনমূলক আলোচনা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে পৰিবহন সংবিধানৰ সমবর্তীসূচীৰ বিষয় হোৱা হেতুকে এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঘনিষ্ট সমন্বয় গুৰুত্বপূর্ণ। তেওঁ কয় যে সম নীতিৰ প্ৰৱৰ্তন, সহয...

January 7, 2026 10:01 PM

views 22

বাণিজ্যিকভাৱে পথ নিৰ্মাণত ব্যৱহৃত জৈৱ-বিটুমিন উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত ভাৰত

ভাৰত বাণিজ্যিকভাৱে পথ নিৰ্মাণত ব্যৱহৃত জৈৱ-বিটুমিন উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে বুলি পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাড়কাৰিয়ে প্ৰকাশ কৰিছে। বিটুমিন হৈছে খাৰুৱা তেলৰ পৰা বিভাজন কৰি প্ৰস্তুত কৰা হাইড্ৰ'কাৰ্বনৰ ক'লা ৰঙৰ ডাঠ মিশ্রণ, যাক পথ নিৰ্মাণত ব্যৱহাৰ কৰা হয়। নতুন দিল্লীত আজি বৈজ্ঞানিক আৰু ঔদ্যোগিক অনুসন্ধান পৰিষদ, চি এছ আই আৰ প্ৰযুক্তি হস্তান্তৰ সমাৰোহত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চি এছ আই আৰক এই ঐতিহাসিক মাইলৰ খুঁটিৰ বাবে অভিনন্দন জনায়। শ্ৰীগাডকাৰীয়ে কয় যে...

December 18, 2025 12:09 PM

views 42

বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে

অসমত যোৱা ৫ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত ১৫ হাজাৰ ৩০৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত তুলনামূলকভাৱে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ হ্ৰাস পাইছে। কিন্তু লক্ষণীয়ভাৱে বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ ২৭.৪৬ শতাংশ বৃদ্ধি পাইছে। সদনত দাখিল কৰা তথ্যমতে ২...

December 4, 2025 6:42 PM

views 38

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি শূন্যকালত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ চাৰিটা লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামো শীঘ্ৰে আৰম্ভ হ'ব বুলি উল্লেখ কৰে। পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনক জানিবল...

December 4, 2025 12:51 PM

views 29

২০২৮ চনৰ ভিতৰত যোৰহাট-মাজুলী সংযোগী দলংখন সম্পূৰ্ণ হ’ব বুলি নীতিন গাডকাৰীৰ প্ৰকাশ

যোৰহাট-মাজুলী সংযোগী দলংখন ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কালি ৰাজ্যসভাত কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রকাশ কৰে। তেওঁ কয়, যে যোৱা ৬ অক্টোবৰত দলংখনৰ নির্মাণৰ দায়িত্ব নতুন নির্মাণকাৰী সংস্থাক অর্পণ কৰা হৈছে। ৰাজ্যসভাৰ প্রশ্নোত্তৰ কালত অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত শ্রী গাডকাৰীয়ে কয়, যে ২০২১ চনৰ ৯ জুলাইত আৰম্ভ হোৱা দলংখনৰ নিৰ্মাণকাৰ্য চলিত বছৰৰ ৮ জুলাইত সম্পূৰ্ণ হোৱাৰ কথা আছিল, কিন্তু নির্মাণকার্য প্রায় ৩০ শতাংশ সম্পন্ন হোৱাৰ পাছত পূৰ্বৰ ঠ...

September 15, 2025 8:47 PM

views 44

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰত বিশ্বৰ তৃতীয় শ্রেষ্ঠ দেশ হিচাপে পৰিগণিত

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে-জাপানক পাছপেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্রেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত ৫ বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীর্ষ স্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে এইদৰে কয়। সেউজ গতিশীলতা আৰু আন্তঃগাথনি উন্নয়নৰ দিশতো ভাৰতে উল্লেখযোগ্য স্থান লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ পথ নেটৱৰ্ক ব্যৱস্থা আছে। ...

September 11, 2025 8:28 PM

views 35

চেনী উদ্যোগক দেশৰ মেৰুদণ্ড আখ্যা মন্ত্রী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে চেনী উদ্যোগক দেশৰ মেৰুদণ্ড আখ্যা দি প্ৰশংসা কৰে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে ভাৰত চেনী আৰু জৈৱ শক্তি সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী গাডকাৰীয়ে কয়, যে ২০ শতাংশ ইথানল সংমিশ্ৰণৰ জৰিয়তে ভাৰতৰ জৈৱ শক্তিখণ্ডই প্রধান খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে জীৱাশ্ম ইন্ধনৰ আমদানী হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। যোৱা ১১ বছৰত দেশখনৰ ইথালন সংমিশ্রণ এক দশমিক ৫ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি ...

September 3, 2025 8:21 PM

views 31

নীতিন গাডকাৰীৰৰ অধ্যক্ষতাত বহনক্ষম ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ বাবে উদ্ভাৱনীমূলক নীতি গ্রহণ সন্দৰ্ভত কর্মশালা

কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত বহনক্ষম ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ বাবে উদ্ভাবনীমূলক নীতি গ্রহণ সন্দৰ্ভত এখন পৰামৰ্শমূলক কর্মশালাত অধ্যক্ষতা কৰে। এই কর্মশালাত বিশ্বমানৰ বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু পৰিবহন আন্তঃগাঁথনি সৃষ্টি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশেষকৈ বর্ধিত নগৰাঞ্চলৰ চৌপাশে যান-বাহনৰ ভিৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানত পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ৰ ৰাজ্যমন্ত্রী অজয় টাটা আৰু হৰ্ষ মলহোত্রা, ৰাজ্য ...

August 20, 2025 1:20 PM

views 25

সমাগত ৫ বছৰৰ ভিতৰত ভাৰত বিশ্বৰ শীৰ্ষস্থানৰ অটোমোবাইল উদ্যোগ হিচাপে পৰিগণিত হ’বঃ নীতিন গাডকাৰী

সমাগত পাঁচ বছৰৰ ভিতৰত ভাৰত বিশ্বৰ শীৰ্ষস্থানৰ অটোমোবাইল উদ্যোগ হিচাপে পৰিগণিত হ'ব। নতুন দিল্লীত কালি KPMG প্রতিবেদন মুকলি কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে বৰ্তমান দেশৰ অটোম'বাইল খণ্ডত বছৰি ১৪ শতাংশকৈ বিকাশ হৈছে। দেশৰ ৰেলপথ আৰু সুৰংগ প্ৰকল্পই সংযোগ বৃদ্ধি কৰি ভ্ৰমণৰ সময় হ্ৰাস কৰিছে। সেউজ গতিশীলতাৰ ভৱিষ্যতৰ বিষয়ে উল্লেখ কৰি বৈদ্যুতিক বাহন আৰু বেটাৰী নিৰ্মাণৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ ল...