ডাউনলোড
মোবাইল এপ

android apple
signal

May 5, 2025 1:00 PM | Nitin Gadkari

printer

তেলেংগানাত আজি ৬ হেজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত কেইবাটাও পথ মুকলি

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি তেলেংগানাত ছহেজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মিত ১৪টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ দুহেজাৰ ৮৫ কিলোমিটাৰ পথ মুকলি কৰিব। তেওঁ আশিফাবাদ জিলাৰ কাগজ নগৰত থকা চাৰিলেন যুক্ত ৩৬৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰিব। ইয়াৰ পাছত আজি সন্ধিয়াৰ ভাগত মন্ত্ৰী গাডকাৰীয়ে হায়দৰাবাদত বি এইচ ই এল আৰু আম্বাৰপেটৰ উৰণ সেঁতু মুকলি কৰিব। তেওঁ ৩০০ কোটি টকা ব্যয় সাপেক্ষে আৰমঘৰৰ পৰা শ্বামছাহবাদলৈ সম্প্ৰসাৰিত ছয়লেনযুক্ত পথটো মুকলি কৰিব। ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেলেংগানাত কেইবাটাও পথ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত ১৭.৭-৯ কিলোমিটাৰ জোৰা নিৰ্মল আৰু খানাপুৰৰ মাজৰ পথচোৱা, ৪২ কিলোমিটাৰ মানচেৰিয়ল আৰু ৰেপালেভেৰাৰ মাজৰ চাৰিলেন যুক্ত পথচোৱা আৰু ৫২.৬ কিলোমিটাৰ ফ’ৰলেনযুক্ত ৰেপালেৰ পৰা মহাৰাষ্ট্ৰলৈ নিৰ্মাণ কৰিবলগীয়া পথসমূহো আছে। তেওঁ সন্ধিয়াৰ ভাগত হায়দাবাদৰ আম্বৰপেটত এখন জনসমাৱেশত ভাষণ দিব।

অধিক পঢ়ক

সকলো চাওক