April 23, 2025 12:28 PM

views 16

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা বিশ্বৰ বিভিন্ন প্রাপ্তৰ নেতাসকলৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প, ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্ট’নিয় গোটেৰেছকে ধৰি বিশ্বনেতাসকলে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। শ্ৰীট্টাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ভাৰতবাসীলৈ গভীৰ সমবেদনা আৰু পূৰ্ণ সমর্থন ব্যক্ত কৰিছে। শ্রীমোদীৰ সৈতে ফোনযোগে হোৱা কথা-বতৰাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী সমৰ্থন আছে বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্ট’নিয় গোটেৰেছে নিৰীহ জনসাধাৰণৰ ওপৰত চলোৱা এই আক্রমণ কোনো কাৰণতেই গ্রহণ...

April 23, 2025 12:10 PM

views 21

সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত কটকটীয়া সুৰক্ষা ব্যৱস্থা

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে কেন্দ্রীয়শাসিত অঞ্চলটোত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। পহলগামৰ আক্ৰমণ সংঘটিত হোৱা এলেকাত সেনা, নিৰাপত্তাবাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে স্নিফাৰ ড’গৰ সহযোগত অভিযান চলাই আছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই- এন আই এয়ে এই সন্ত্রাসবাদী আক্রমণৰ ঘটনাৰ তদন্ত কৰিব। ইতিমধ্যে এন আই এৰ এটা দল জম্মু-কাশ্মীৰত উপস্থিত হৈছে।