ডাউনলোড
মোবাইল এপ

android apple
signal

April 23, 2025 12:10 PM | J&K atteck

printer

সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত কটকটীয়া সুৰক্ষা ব্যৱস্থা

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে কেন্দ্রীয়শাসিত অঞ্চলটোত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। পহলগামৰ আক্ৰমণ সংঘটিত হোৱা এলেকাত সেনা, নিৰাপত্তাবাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে স্নিফাৰ ড’গৰ সহযোগত অভিযান চলাই আছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই- এন আই এয়ে এই সন্ত্রাসবাদী আক্রমণৰ ঘটনাৰ তদন্ত কৰিব। ইতিমধ্যে এন আই এৰ এটা দল জম্মু-কাশ্মীৰত উপস্থিত হৈছে।

অধিক পঢ়ক

সকলো চাওক