ডাউনলোড
মোবাইল এপ

android apple
signal

April 23, 2025 12:28 PM | J&K atteck

printer

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা বিশ্বৰ বিভিন্ন প্রাপ্তৰ নেতাসকলৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প, ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্ট’নিয় গোটেৰেছকে ধৰি বিশ্বনেতাসকলে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। শ্ৰীট্টাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ভাৰতবাসীলৈ গভীৰ সমবেদনা আৰু পূৰ্ণ সমর্থন ব্যক্ত কৰিছে। শ্রীমোদীৰ সৈতে ফোনযোগে হোৱা কথা-বতৰাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী সমৰ্থন আছে বুলি প্ৰকাশ কৰে।

ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্ট’নিয় গোটেৰেছে নিৰীহ জনসাধাৰণৰ ওপৰত চলোৱা এই আক্রমণ কোনো কাৰণতেই গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এই আক্রমণক লৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সমবেদনা জ্ঞাপন কৰিছে।

ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেল’নিয়েও পহলগামৰ দুখজনক ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ আৰু ইৰাণেও এই সন্ত্ৰাসবাদী আক্রমণক কঠোৰভাৱে নিন্দা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভাৰতত থকা ইৰাণৰ দূতাবাসে ভাৰত চৰকাৰ তথা দেশৰ জনসাধাৰণলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে।

ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পহলগামত পর্যটকক সন্ত্রাসবাদীৰ আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। এই ঘটনাক অতি দুখঃজনক আৰু অমানৱীয় বুলি অভিহিত কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, যে নির্দোষী নাগৰিকক আক্ৰমণ কৰাটো অতি ভয়াবহ আৰু অক্ষমনীয় কাৰ্য। শ্ৰীমতী মুৰ্মুৱে এই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ কামনা কৰে ।

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এটা বাৰ্তাত এনে ধৰণৰ হিংসাত্মক ঘটনা অতি নিন্দনীয় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৰ্বৰ আক্ৰমণৰ আঁৰত থকা লোকসকলক ৰেহাই দিয়া নহব আৰু ইয়াৰ ভুক্তভোগীসকলক ন্যায় দিয়া হব বুলি মত প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক