May 21, 2025 7:39 PM May 21, 2025 7:39 PM

views 2

সন্ধিয়া ৭.৩০ বজাত আই পি এলত মুম্বাই ইণ্ডিয়ানছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই চুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে । ৰাজস্থানে ১৮৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অ’ভাৰ আৰু এটা বলত চাৰিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।

May 21, 2025 12:33 PM May 21, 2025 12:33 PM

views 10

আই পি এলত কালি ৰাজস্থান ৰয়েলছৰ হাতত চেন্নাই ছুপাৰ কিংছ ৬ উইকেটত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৮৮ ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ এটা বলতে চাৰিটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ বৈভৱ সূর্যবংশীয়ে সর্বাধিক ৫৭ আৰু সঞ্জু ছেমচনে ৪১ ৰাণ কৰে। চেন্নাইৰ হৈ ৰবিচন্দ্রন অশ্বিনে দুটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থানে টছত জিকি চেন্নাইক বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। চেন্নাইয়ে নির্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰু...

May 20, 2025 12:39 PM May 20, 2025 12:39 PM

views 12

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৬ উইকেটত জয়লাভ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আই পি এল ক্রিকেট প্রতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌৰ দলটোত ৬ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে বান্ধি ২০৬ ৰানৰ লক্ষ্য হায়দৰাবাদে ১৮ অভাৰ আৰু ২টা বলত ৪টা উইকেটৰ বিনিময়ত সহজে অতিক্ৰম কৰে। দলৰ হৈ অভিষেক শৰ্মাই ৫৯, হেনৰিক ক্লাছেনে ৪৭, ঈশান কিষাণে ৩৫ আৰু কামিণ্ডু মেণ্ডিছে ৩২ ৰানৰ বৰঙণি আগবঢ়ায়। অভিষেক শৰ্মাক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় । লক্ষ্ণৌৰ দিগবেছ সিং...

May 19, 2025 1:20 PM May 19, 2025 1:20 PM

views 18

আই পি এলত কালি গুজৰাট টাইটানছৰ হাতত ডেলহি কেপিটেলছ ১০ উইকেটত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত গুজৰাট টাইটানছে দেলহী কেপিটেলছক ১০ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ২০০ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটৰ অপেনিং যুটী ছাই সুদৰ্শন আৰু অধিনায়ক শুভমন গিলে দেলহী কেপিটেলছৰ বলিং আক্রমণ ধৰাশায়ী কৰি অপৰাজিত হৈ ৰয়। সুদৰ্শনৰ শতক আৰু শুভমন গিলৰ ৫৩টা বলত কৰা ৯৩ ৰানে গুজৰাটক খেলখন শেষ হ'বলৈ এটা অভাৰ বাকী থকা অৱস্থাতেই জয়ৰ সোৱাদ দিয়ে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি দেলহী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ১৯৯ ৰান কৰে। অপ...

May 13, 2025 12:32 PM May 13, 2025 12:32 PM

views 13

চলিত মাহৰ ১৭ তাৰিখৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ আৰম্ভ

ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে এসপ্তাহজোৰা বিৰতিৰ পাছত চলিত মাহৰ ১৭ তাৰিখৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ আৰম্ভ হ'ব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে ঘোষণা কৰিছে । উল্লেখযোগ্য যে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পাছত ৯ মে ’ত আই পি এলৰ সকলো মেচ স্থগিত ৰখা হৈছিল। ১৭ মে'ত আই পি এল পুনৰ আৰম্ভ হোৱাৰ পাছত বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ মোহালী অথবা ধৰ্মশালাত কোনো মেচ অনুষ্ঠিত নহয়। ...

May 11, 2025 12:19 PM May 11, 2025 12:19 PM

views 13

বি চি চি আই আৰু আই পি এল পৰিচালনা সমিতিৰ ক্রিকেট প্রতিযোগিতা সম্পূৰ্ণ কৰাৰ সম্ভাব্য সূচীৰ বিষয়ে আলোচনা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইৰ বিষয়ববীয়া আৰু আই পি এল পৰিচালনা সমিতিয়ে আজি এই ক্রিকেট প্রতিযোগিতা সম্পূৰ্ণ কৰাৰ সম্ভাব্য সূচীৰ বিষয়ে আলোচনা কৰিব বুলি পৰিষদৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই প্ৰকাশ কৰিছে। পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰতে সিন্দূৰ অভিযান চলোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ সীমান্ত বিবাদ পূর্ণকালীন যুদ্ধৰ ৰূপ লোৱাৰ সম্ভাৱনালৈ চাই বি চি চি আয়ে শুকুৰবাৰে এই প্ৰতিযোগিতা স্থগিত ৰাখিছিল। প্ৰতিযোগিতাত এতিয়াও ১৬ খন খেলিবলৈ বাবী আছে। উল্লেখযোগ্য যে, ভাৰত আৰু পাকিস্ত...

May 7, 2025 1:45 PM May 7, 2025 1:45 PM

views 17

আই পি এলত আজি কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে মুম্বাই ইণ্ডিয়ানছক ডাকৱৰ্থ-লেৱিছ-ষ্টাৰ্ণ চমুকৈ দি এল এছ পদ্ধতিৰে ৩ উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৫৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ উইল জেকছে সৰ্বাধিক ৫৩ ৰান কৰাৰ লগতে সূর্য কুমাৰ যাদৱে ৩৫ ৰানৰ বৰঙণি আগবঢ়ায়। গুজৰাটৰ হৈ ছাই কিশোৰে দুটা উইকেট দখল কৰে। মহম্মদ ছিৰাজ, আৰ্শদ খান, প্ৰসিদ্ধ কৃষ্ণা, ৰাছিদ খান আৰু জেৰাল্ট কুটেজে এটাকৈ উইকেট দখল কৰে।...

May 6, 2025 7:05 PM May 6, 2025 7:05 PM

views 16

আই পি এলত আজি মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। যোৱানিশা দেলহী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হায়দৰাবাদত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে ইনিংছ ব্ৰেকৰ সময়ত পৰিত্যক্ত ঘোষিত হয়। ফলত দুয়োটা দলেই এক পইণ্টকৈ লাভ কৰে যদিও হায়দাবাদে প্লে অফ পৰ্যায়ৰ পৰা বিদায় লয়। ইপিনে, দেলহী কেপিটেলছ সম্প্ৰতি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে।

May 5, 2025 12:52 PM May 5, 2025 12:52 PM

views 9

আই পি এলত যোৱা নিশা পাঞ্জাৱ কিংছৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৩৭ ৰানত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৩৭ ৰানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পঞ্জাৱ কিংছ পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। ২৩৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত ১৯৯ ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। আয়ুষ বাদ'নিয়ে সৰ্বাধিক ৭৪ ৰান আৰু আব্দুল ছামাদে ৪৫ ৰান কৰে। পঞ্জাৱ কিংছৰ হৈ অৰ্শদীপ সিঙে তিনিটা উইকেট দখল কৰে। খেলখনত প্ৰথমে বেটিং কৰাৰ আম...

May 3, 2025 12:23 PM May 3, 2025 12:23 PM

views 2

IPL: সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আই পি এল ক্রিকেটত কালি নিশা আহমেদাবাদত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৮ ৰানত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২২৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে ৩৮টা বলত ৭৬ ৰান আৰু জোছ বাটলাৰে ৩৭টা বলত ৬৪ ৰান সংগ্ৰহ কৰে। হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকাটে তিনিটা আৰু পেট কামিন্স আৰু জীশন আনছাৰীয়ে এটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দাবাদে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ অভিষেক শর...