আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে মুম্বাই ইণ্ডিয়ানছক ডাকৱৰ্থ-লেৱিছ-ষ্টাৰ্ণ চমুকৈ দি এল এছ পদ্ধতিৰে ৩ উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৫৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ উইল জেকছে সৰ্বাধিক ৫৩ ৰান কৰাৰ লগতে সূর্য কুমাৰ যাদৱে ৩৫ ৰানৰ বৰঙণি আগবঢ়ায়। গুজৰাটৰ হৈ ছাই কিশোৰে দুটা উইকেট দখল কৰে। মহম্মদ ছিৰাজ, আৰ্শদ খান, প্ৰসিদ্ধ কৃষ্ণা, ৰাছিদ খান আৰু জেৰাল্ট কুটেজে এটাকৈ উইকেট দখল কৰে। দুবাৰকৈ বৰষুণৰ বাবে বিঘ্নিত হোৱা খেলখনত গুজৰাটে ১৪৭ ৰানলৈ হ্ৰাস কৰা নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। গুজৰাটৰ হৈ ৪৩ ৰান সংগ্ৰহ কৰা শুভমন গিলক মেন অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ৷ মুম্বাইৰ হৈ ট্রেনড ব’ল্ট, যশপ্রীত বুমৰাহ আৰু অশ্বিনী কুমাৰে দুটাকৈ উইকেট লাভ কৰে। এই জয়ৰ সুবাদত গুজৰাট টাইটানছ আই পি এল পদক তালিকাত শীর্ষ স্থানত আছে।
প্রতিযোগিতাত আজি কলকতাৰ ইডেন গার্ডেনছত হ’বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।