আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্রিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৩৭ ৰানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পঞ্জাৱ কিংছ পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। ২৩৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত ১৯৯ ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। আয়ুষ বাদ’নিয়ে সৰ্বাধিক ৭৪ ৰান আৰু আব্দুল ছামাদে ৪৫ ৰান কৰে। পঞ্জাৱ কিংছৰ হৈ অৰ্শদীপ সিঙে তিনিটা উইকেট দখল কৰে। খেলখনত প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰা পঞ্জাব কিংছে নিৰ্ধাৰিত অভাৰত ৫ উইকেটত ২৩৬ ৰান সংগ্ৰহ কৰিছিল। ৯১ ৰান কৰা পাঞ্জাৱ কিংছৰ প্ৰভসিমৰণ সিঙক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ।
ইপিনে, কালি ইডেন গার্ডেনছত অনুষ্ঠিত প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক এক ৰানত পৰাস্ত কৰে। ২০৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৰাজস্থান ৰয়েলছ নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটত ২০৫ ৰানতে থমকি ৰয়। ৰাজস্থান ৰয়েলছৰ হৈ অসম সন্তান ৰিয়ান পৰাগে ক্ৰমাগত ৬টা বলত ৬টা ছিক্স মাৰি আই পি এলত অন্য এটা ইতিহাস সৃষ্টি কৰে ৷
প্রতিযোগিতাত আজি হায়দাবাদত ডেলহী কেপিটেলছ- ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।
Site Admin | May 5, 2025 12:52 PM | IPL
আই পি এলত যোৱা নিশা পাঞ্জাৱ কিংছৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৩৭ ৰানত পৰাস্ত
