May 6, 2025 6:57 PM

views 26

মাছুম ইউচুফ আহমেদ আৰু তনবীৰ ইউচুফ আহমেদৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ৰাজ্যৰ অসামৰিক সেৱা বিষয়া মাছুম ইউচুফ আহমেদ আৰু ভূমি ৰাজহ সেৱা বিষয়া তনবীৰ ইউচুফ আহমেদৰ জামিন নাকচ কৰে। মুখ্যমন্ত্ৰী তদাৰকী কোষত ৰুজু হোৱা গোচৰৰ ভিত্তিত অভিযুক্ত বিষয়া দুজনে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু সমগ্ৰ বিষয়টোক লৈ শুনানি গ্রহণৰ অন্তত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজনীয়া বিচাৰপীঠে তেওঁলোকৰ জামিন নাকচ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী তদাৰকী কোষে বিষয়া দুজনক গ্ৰেপ্তাৰ কৰে।

April 9, 2025 7:59 PM

views 26

কৌস্তভ গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা নিযুক্তি

চৰকাৰৰ ন্যায়িক বিভাগে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা হিচাপে কৌস্তভ গগৈক নিযুক্তি দিছে আৰু জয়ন্ত চুতীয়াক অতিৰিক্ত লোক অধিবক্তাৰ দায়িত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ লোক অধিবক্তা মাখন ফুকনক কিছুদিন পূৰ্বে চৰকাৰে প্ৰচিকিউচন সঞ্চাকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াত উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তাৰ পদ খালী হৈ আছিল।

April 9, 2025 10:58 AM

views 37

২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত প্ৰতি বিবেচনাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ ৰাজ্যত ২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে ৬ মাহৰ ভিতৰত এনে নিযুক্তিৰ আবেদনসমূহ বিবেচনা কৰিবলৈ কালি চৰকাৰক নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ ১৮ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে এখন জাননীযোগে এই নির্দেশ বন্ধ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা ৫৬ টা গোচৰ সন্দৰ্ভত ন্যায়াধীশ মাইকেল জোথানখোমাৰ বিচাৰপীঠে কালি এই সন্দৰ্ভত ...

April 8, 2025 12:16 PM

views 25

শীঘ্ৰে অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি, ২০২৪ কাৰ্যকৰী কৰাৰ পোষকতা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত অবৈধ খনন ৰোধ কৰাৰ বাবে শীঘ্ৰে অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি, ২০২৪ কাৰ্যকৰী কৰাৰ পোষকতা কৰিছে। ৰাজহুৱা স্বার্থজড়িত এখন আবেদন নিষ্পত্তি কৰি কালি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় কৃষ্ণ আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে অবৈধ খনন ৰোধ কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশাৱলী ৰাজ্য চৰকাৰে সঠিকভাৱে পালন কৰিব বুলি আশা প্রকাশ কৰে। উল্লেখযোগ্য যে, ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডল এলেকাত এজন লোকে অবৈধভাৱে শিল, বালিৰ খনন চলোৱাক লৈ অঞ্চলটোৰ এজন ব্যক্তিয়ে উচ্চ ...

April 4, 2025 12:15 PM

views 27

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ কৰিছে। পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ অন্তত ন্যায়ালয়ে এই ৰায় দিয়ে। ইয়াৰ পূৰ্বে এজনীয়া বিচাৰপীঠে পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত স্থগিতাদেশ জাৰি কৰিছে। ৰাজ্য চৰকাৰে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি পূৰ্বৰ স্থগিতাদেশ খাৰিজ কৰে। শিক্ষা বিভাগে যোৱা ২০ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ প্ৰথম পৰ্যায়ৰ নথি পৰীক্ষণ সম্পূৰ্ণ কৰিছিল আৰু ১ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ...

March 17, 2025 7:29 PM

views 24

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত তথ্য দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম চৰকাৰক নিৰ্দেশ

গুৱাহাটী মহানগৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত অবাধে চলি থকা পাহাৰ খনন আৰু কৃত্ৰিম বান ৰোধ কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই বিষয়ে তথ্য দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে। গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাক লৈ ইক' ডেভলপমেণ্ট ছ'চাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰ...

March 6, 2025 7:47 PM

views 26

উচ্চ ফৰ্মেল ডিহাইদযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে বহিঃৰাজ্যৰ পৰা আমদানি কৰা উচ্চ ফৰ্মেল ডিহাইদযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে চৰকাৰক মাছ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশাৱলী যথাযথভাৱে পালন কৰিবলৈও নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে শৰীৰৰ বাবে ক্ষতিকাৰক ফৰ্মেল ডিহাইদযুক্ত মাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি গুৱাহাটীৰ এজন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স...

February 17, 2025 8:04 PM

views 29

বিশাল ফুকন, চুমি বৰা আৰু তার্কিক বৰাৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰত তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে ৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্রেডিং অর্থাৎ অনলাইন বিত্তীয় লেনদেনত অনিয়মৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূর্বে এই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও বৰবৰুৱা থানাত ৰুজু হৈ ...

February 17, 2025 7:32 PM

views 35

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে য়াৰেজুংলা লংকুমেৰ শপত গ্ৰহণ

য়াৰেজুংলা লংকুমেৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নম্বৰ আদালতত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়া, অধিবক্তাসকল আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়িক বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে নাগালেণ্ডৰ পৰা কোনো উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা শ্ৰীমতী লং...

February 17, 2025 6:54 PM

views 30

অনলাইন বিত্তীয় অনিয়মৰ গোচৰত ৩ জন অভিযুক্তৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰত তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্রেডিং অর্থাৎ অনলাইন বিত্তীয় লেনদেনত অনিয়মৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূর্বে এই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও বৰবৰুৱা থানাত ৰুজু হৈ থ...