August 9, 2025 12:16 PM

views 41

বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ অনাশৈক্ষিক পদত কৰ্মৰত লোকসকলক স্কেল অনুযায়ী দৰমহা দিবলৈ নিৰ্দেশ জাৰি উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি পদ প্ৰাদেশিকীকৰণ হোৱা স্বত্বেও নিয়মীয়া দৰমহা লাভৰ পৰা বঞ্চিত বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ অনাশৈক্ষিক পদত কৰ্মৰত লোকসকলক স্কেল অনুযায়ী দৰমহা দিবলৈ নিৰ্দেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এখন লেখ আৱেদনৰ শুনানিৰ অন্তত জাৰি কৰা নিৰ্দেশটোত অনাশৈক্ষিক পদবোৰৰ ভিতৰত জ্যেষ্ঠ সহায়ক, পুথিভঁৰাল সহায়ক আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলক  সামৰি লৈছে। এইসকল কৰ্মচাৰী বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, চিনিয়ৰ চেকেণ্ডেৰী স্কুল আৰু হা...

August 5, 2025 11:28 AM

views 46

গড়ভঙাক ৰাজ্য চৰকাৰে অভয়াৰণ্যৰ পৰা সংৰক্ষিত বনাঞ্চললৈ অবনমিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি গ্ৰহণ

■ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙাক ৰাজ্য চৰকাৰে অভয়াৰণ্যৰ পৰা সংৰক্ষিত বনাঞ্চললৈ অবনমিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এখন ৰাজহুৱা স্বার্থজৰিত আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত চৰকাৰক বিতং শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। কালি ন্যায়ালয়ত গোচৰটো সন্দৰ্ভত ৰাজ্যৰ বন বিভাগে এখন শপতনামা দাখিল কৰে যদিও ন্যায়াধীশে এই শপতনামাত অসন্তুষ্টি ব্যক্ত কৰি পুনৰ বিস্তৃতভাৱে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ২০২২ চনৰ ২৮ ম...

July 28, 2025 9:23 PM

views 42

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্রকাশ কৰিছে।

July 15, 2025 12:31 PM

views 33

আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে আশুতোষ কুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছিল। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়...

July 11, 2025 6:04 PM

views 31

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদৰ কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদ অভিযানত কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই। বন বিভাগে বনাঞ্চলখনত উচ্ছেদ চলোৱাৰ আশংকাৰে ১৯৪ গৰাকী লোকে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। এই লেখ আবেদনৰ ভিত্তিত গোচৰীয়াসকলৰ লগতে চৰকাৰী পক্ষৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে প্ৰস্তাৱিত উচ্ছেদ অভিযানত কোনো স্থগিতাদেশ জাৰি নকৰিলে। ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয়ে অহা ২১ জুলাইত লেখ আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে। উচ্চ ন্যায়ালয়ে লগত...

July 5, 2025 12:30 PM

views 38

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪গৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ অনুমোদন

● উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ যোৱা ১ জুলাইত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ অধিবক্তা অঞ্জন কলিতা আৰু ৰাজেশ মজুমদাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কলেজিয়ামে অসম ন্যায়িক সেৱাৰ জ্যেষ্ঠ বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ শৰ্মাকো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে এই চাৰিগৰাকী ব্যক্তিৰ নিযুক্তিৰ ক্ষেত...

June 24, 2025 8:28 PM

views 28

শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ আধাৰত উচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন আদালতত চলি থকা শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰৰ বিচাৰ প্ৰক্ৰিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।

June 19, 2025 11:38 AM

views 26

বিদেশীক ঘূৰাই পঠিওৱাৰ নামত নীতিবহিঃভূতভাৱে কোনো লোকক চৰকাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰিব

■ অবৈধ বিদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে বিদেশীক ঘূৰাই পঠিওৱাৰ নামত নীতিবহিঃভূতভাৱে কোনো লোকক চৰকাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রকাশ কৰিছে। বিদেশী ঘোষিত গোৱালপাৰাৰ হাছিনুৰ নামৰ লোকজনক মোকলাই দিবলৈ উচ্চ ন্যায়ালয়ে গোৱালপাৰা আৰক্ষীক নিৰ্দেশ দিছে। ২০১৮ চনত বিদেশী ন্যায়াধীকৰণে হাছিবক বিদেশী ঘোষণা কৰাৰ পাছত দুবছৰ ধৰি ডিটেনচন কেম্পত কাৰাৰুদ্ধ হৈ আছিল। ২০২১ চনত উচ্চ ন্যায়ালয়ে চৰ্তসাপেক্ষে হাছিনুৰৰ জামিন মঞ্জুৰ কৰিছিল যদিও শেহতীয়াকৈ গোৱালপাৰা ...

May 27, 2025 6:33 PM

views 31

কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শ্বামিমা জাহানৰ শপতগ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীমতী শ্বামিমা জাহানে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শপতগ্ৰহণ কৰিব। কাইলৈ দিনৰ ১০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্য ন্যায়াধীশ বিজয় কৃষ্ণয়ে শ্ৰীমতী জাহানক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব।

May 20, 2025 12:43 PM

views 27

ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনিয়মেৰে নিযুক্তি দিয়াৰ এটা ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা প্রদান

২০০৮ চনত ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনিয়মেৰে নিযুক্তি দিয়াৰ এটা ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা প্রদান কৰিছে। ২০০৮ চনত উপায়ুক্তৰ কাৰ্যালয়ত খালী হোৱা দুটা ষ্টেনোগ্রাফার পদত অৰ্হতাহীন দুজন প্রার্থীক ভুৱা তথ্য দাখিলেবে অবৈধভাৱে নিযুক্তি দিয়া সন্দৰ্ভত এগৰাকী বঞ্চিত প্রার্থীয়ে দাখিল কৰা গোচৰৰ ৰায়দানত দুজনীয়া বিচাৰপীঠে দুয়োগৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰে। ন্যায়ালয়ে পদ দুটাৰ বাবে নতুনকৈ বিজ্ঞাপন দি সঠিক নিযুক্তি প্ৰক্ৰিয়াৰে যোগ্য প্রার্থীক নিযুক্তি দিবলৈ নিৰ্দেশনা...