January 13, 2026 7:53 PM

views 21

ঠিকাভিত্তিক টে’ট শিক্ষকৰ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ঠিকাভিত্তিক টে'ট শিক্ষকৰ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ নিৰ্দেশ দিছে। সদৌ অসম টে’ট উত্তীর্ণ সমাজে দাখিল কৰা গোচৰ এটাৰ শুনানিৰ অন্তত ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে ২০১৯ চনৰ জুলাইৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈ ৫ শতাংশ মৰগীয়া বানচৰ বকেয়া আৰু ২০২১ৰ জুলাইৰ পৰা ২০২২ চনৰ আগষ্টলৈ ক্ৰমে ১১ আৰু ৩ শতাংশ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শিক্ষকসকলৰ বাবে ২০১৯ চনৰ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫ শতাংশ তথা ২০২১ৰ পহিলা জুলাইৰ পৰা ১১ শতাংশ আৰু ৩ শতাংশ...

January 12, 2026 12:26 PM

views 37

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এখন নতুন আৰু আধুনিক অসমৰ পৰিচয় হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

উত্তৰ গুৱাহাটীৰ ৰংমহলত নির্মাণ হ'বলগীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এখন নতুন আৰু আধুনিক অসমৰ পৰিচয় হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নতুন চৌহদে ন্যায় ব্যৱস্থাৰ বৰ্ধিত প্রয়োজনসমূহ পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে কয়, যে ন্যায়িক আন্তঃগাঁথনি উন্নয়নৰ দিশত এই নতুন চৌহদৰ নিৰ্মাণ এটা গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ ন্যায়িক খণ্ডৰ উত্তৰণৰ দিশত নতুন দিগন্তৰ সূচনাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্য...

November 24, 2025 8:00 PM

views 29

কয়লা নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এইবছৰলৈ কিমান ৰাজহ সংগ্ৰহ হৈছে শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম খনিজ উন্নয়ন নিগমক নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত কয়লা খননৰ নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এইবছৰলৈ কিমান টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে সেই বিষয়ে সবিশেষ জনাই এখন শপতনামা দাখিল কৰিবলৈ অসম খনিজ উন্নয়ন নিগমক নির্দেশ দিছে। ডিমা হাচাও উমৰাংছ'ৰ অবৈধ কয়লাখনিত ৯ জন লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত বিচাৰাধীন হৈ থকা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল যোথানথুমা আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে ৰাজ্যৰ কয়লা খননত অনুমতি দিয়াৰ নামত আৰু কয়লা খননৰ...

November 11, 2025 7:39 PM

views 44

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উকীল সন্থাৰ আদালত বর্জন কার্যসূচী

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতাৰে আজি গুৱাহাটী উকীল সন্থাৰ উদ্যোগত অধিবক্তাসকলে আদালত বর্জন কার্যসূচী অনুষ্ঠিত কৰে। সেই অনুসৰি অধিবক্তাসকল আজি আদালতৰ কাম-কাজৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকে। উল্লেখযোগ্য যে আদালত চৌহদ স্থানান্তৰৰ বিৰোধিতা কৰি কালি অধিবক্তাসকলে এটা প্ৰতিবাদী সমদল উলিয়াইছিল। অধিবক্তাসকলে অস্থায়ীভাৱে আদালত অন্য স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনাইছে।

October 7, 2025 6:32 PM

views 45

নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰদান

নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰিছে। সংগঠনটোৱে অভিযোগ কৰা মতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকে চৰকাৰী ভূমি দখল কৰিলে সেয়া চৰকাৰে অবৈধ দখল হিচাপে গণ্য নকৰে বুলি মন্তব্য আগবঢ়াইছিল। মুখ্যমন্ত্ৰীৰ এই বক্তব্য বিভিন্ন মাধ্যমত যোৱা ২ আগষ্টত প্ৰকাশ ...

October 7, 2025 12:47 PM

views 55

নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব: গুৱাহাটী উচ্চ ন্যায়ালয়

● নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ অন্তৰ্গত হোৱাৰ পাছতো চৰকাৰে অবৈধভাৱে ঘৰ ভাঙি দিয়াৰ অভিযোগ তুলি সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনৰ জৰিয়তে সংগঠনটোৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকে চৰকাৰী ভূমি দখল কৰিলে সেয়া চৰকাৰে অবৈধ দখল হিচাপে গণ্য নকৰে বুলি মন্তব্য আগবঢ়াইছিল। মুখ্...

September 18, 2025 7:56 PM

views 32

১৯৬৪ চনৰ বিদেশী ন্যায়াধিকৰণ আইন সন্দৰ্ভত ৩ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

১৯৬৪ চনৰ বিদেশী ন্যায়াধিকৰণ আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন শুনানি গ্ৰহণ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত অহা ৩ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এই নির্দেশ দিয়ে। আবেদনকাৰী শ্ৰীবৰুৱাই ১৯৬৪ চনৰ বিদেশী ন্যায়াধিকৰণ আইনৰ পৰিৱৰ্তে ১৯৫০ চনৰ বিদেশী অনুপ্ৰবেশকাৰী অসমৰ পৰা বহিষ্কাৰ আইনৰ জৰিয়তে বিদ...

August 19, 2025 12:04 PM

views 25

উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি ৭ দিনৰ ভিতৰত লোকসকলক স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ

■ উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি বনভূমি দখল কৰি থকা লোকসকলক ৭ দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰী খণ্ড বিচাৰপীঠে দিয়া ৰায় অনুসৰি উৰিয়ামঘাটৰ বনভূমি দখল কৰি থকা লোকসকলে যিকোনো পৰিস্থিতিতে সেই স্থান ত্যাগ কৰিব লাগিব। উৰিয়ামঘাটৰ ৰাণা নগৰ, হাতীডুবি, হালধিবাৰী, দুর্গাপুৰ আৰু ১ নম্বৰ মধুপুৰ গাঁৱত কালি প্ৰশাসনে দ্বিতীয় পর্যায়ত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। এই...

August 19, 2025 11:59 AM

views 57

ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা অবৈধ দখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ

● ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা অবৈধ দখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ কৰিছে। সংৰক্ষিত বনাঞ্চলত হোৱা উচ্ছেদক প্ৰত্যাহ্বান জনাই তৰা কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বিষয়টো সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত যাতে কোনো ধৰণৰ অবৈধ দখল হব নোৱাৰে তাৰ বাবে সঠিক ব্যৱস্থাপনা গ্রহণ কৰিবলৈ ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছে। সংৰক্ষিত বনাঞ্চলসমূহৰ দখল ৰোধ কৰাৰ বাবে ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিবলৈও ন্যায়াল...

August 11, 2025 11:49 AM

views 41

ইটানগৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি

● ইটানগৰত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি কৰা হয়। এই ভৱন মুকলি অনুষ্ঠানত অংশগ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভায়ে ন্যায় প্রদান ব্যৱস্থাক শাসক আৰু ক্ষমতাশালীৰ মাজত আৱদ্ধ নাৰাখি জনতাৰ দৰবাৰলৈ নিব লাগে বুলি মন্তব্য কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, যে জনসাধাৰণে সহজে ন্যায় পোৱাটো নিশ্চিত কৰিব লাগিব। অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিকাক প্ৰশংসা কৰি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়...