November 11, 2025 6:28 PM November 11, 2025 6:28 PM

views 27

ওড়িশাত নুৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰেপৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ-নির্বাচনৰ ভোটগ্ৰহণ

ওড়িশাত নুৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰেপৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ-নির্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১১ বজা পর্যন্ত সমষ্টিটোত ৩২ দশমিক ৫ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩৫৮ টা ভোটকেন্দ্ৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সন্ধিয়া ৭ বজাত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব৷ অৱশ্যে অত্যন্ত দুর্গম আৰু মাওবাদী প্ৰভাৱিত অঞ্চল হিচাপে চিহ্নিত হোৱাৰ বাবে ৪৭ টা ভোটগ্রহণ কেন্দ্ৰত বিয়লি ৪ বজাত ভোটগ্রহণ সমাপ্ত হ'ব। উপ-নির্বাচনত মুঠ ২ লাখ ৫৩ হাজাৰ ভোটদাতাই ভোটাধ...

June 1, 2025 7:22 PM June 1, 2025 7:22 PM

views 42

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিস্থিত বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহৰ প্ৰস্তুতি আৰম্ভ

অহা বছৰ ৰাজ্যখনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিস্থিত বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। গোলাঘাটত আজি এই প্ৰস্তুতিৰ অংশ হিচাপে জিলা বিজেপিৰ এখন কার্যনির্বাহক সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপৰি দলৰ বহু বিষয়ববীয়া আৰু কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। এই সভাত তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিটো সমস্যাৰ বুজ লবলৈ দলীয় কর্মকৰ্তাসকলক মন্ত্রী শ্রীমতী নেওগে আহ্বান জনায়। ইপিনে, কংগ্ৰেছ দলৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি শিৱসাগৰত এলানি...

March 21, 2025 6:52 PM March 21, 2025 6:52 PM

views 19

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৩৩ টা সমষ্টিত মুঠ ৯৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নির্বাচন হ'বলগীয়া দুখন জিলা কামৰূপ আৰু গোৱালপাৰাৰ ৩৬টা সমষ্টিৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে তিনিগৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে।         ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কামৰূপ জিলাৰ ২৭ নম্বৰ পৰিষদীয় সমষ্টিত ৰাভা হা...

January 20, 2025 12:52 PM January 20, 2025 12:52 PM

views 16

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে মুঠ ৭১৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। নতুন দিল্লী বিধানসভা আসনখনৰ বাবে সৰ্বাধিক ২৩ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। পেটেল নগৰ আৰু কস্তুৰবা নগৰৰ আসন দুখনৰ বাবে ৫ গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দিল্লীৰ মুখ্য নির্বাচনী বিষয়াই জনোৱা মতে মুঠ এহেজাৰ ৫২২ খন মনোনয়ন পত্ৰৰ ভিতৰত ৪৭৭ খন মনোনয়ন বাতিল হৈছে। দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ আৰু ৮ ফেব্ৰুৱাৰীত ভোট গণনা ক...

November 21, 2024 12:09 PM November 21, 2024 12:09 PM

views 15

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন শান্তিপূর্ণভাৱে সম্পন্ন

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে, মহাৰাষ্ট্ৰত ৬৫ দশমিক ১-১ আৰু ঝাৰখণ্ডত ৬৮ দশমিক ৪-৫ শতাংশ ভোটদান হয়। দুয়োখন ৰাজ্যতে ২০১৯ চনৰ বিধানসভা নিৰ্বাচনতকৈ অধিক ভোটদান হোৱা বুলি আয়োগে ঘোষণা কৰিছে। ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কালি এটা পৰ্যায়ত ভোটগ্রহণ হয় । ঝাৰখণ্ডত কালি দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত ৩৮টা সমষ্টি সামৰি লোৱা হয়। চাৰিখন ৰাজ্যৰ ১৫টা বিধানসভা সমষ্টি আৰু মহাৰাষ্ট্ৰৰ নান্দেড় লোকসভা সমষ্টিৰ উপ...

November 19, 2024 6:35 PM November 19, 2024 6:35 PM

views 30

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগ্ৰহণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মহাৰাষ্ট্ৰৰ ২৮৮টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইয়াৰ লগতে নাণ্ডেড় লোকসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব। পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবেও কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। মহাৰাষ্ট্ৰত মুঠ ৪ হাজাৰ ১৩৬ গৰাকী প্ৰতিদ্বন্দ্বী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ২ হাজাৰ ৮৬ গৰাকী নিৰ্দলীয় প্রার্থী আছে। বিজেপিয়ে ১৪৯টা সমষ্টিত,...

November 12, 2024 7:25 PM November 12, 2024 7:25 PM

views 20

কাইলৈ ১০ খন ৰাজ্যৰ ২৮ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণ

কাইলৈ কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিকে ধৰি আন ১০ খন ৰাজ্যৰ ২৮ টা বিধানসভা সমষ্টিৰ বাবেও উপ-নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। কাইলৈ ৰাজস্থানৰ ৭টা, পশ্চিমবংগৰ ৬টা, বিহাৰৰ ৪টা, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ আৰু কেৰালা, ছট্টিশগড়, গুজৰাট আৰু মেঘালয়ৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব । উত্তৰ প্ৰদেশ, পঞ্জাৱ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অহা ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। এই সমষ্টিকেইটাৰ উপৰিও মহাৰাষ্ট্ৰ নান্দেড় সংসদীয় সমষ্টিৰ বাবেও সেইদিনা ভোটগ্ৰহণ কৰা হ...

November 10, 2024 11:30 AM November 10, 2024 11:30 AM

views 16

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। কাইলৈ এই প্ৰচাৰ অভিযানৰ অন্ত পৰাৰ পূৰ্বে দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটাৰৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি দিগন্ত ঘাটোৱালৰ হৈ বিহালী সমষ্টিত প্ৰচাৰ চলাব। কালি তেওঁ চামগুৰি বিধানসভা সমষ্টিত দলটোৰ প্রার্থী দিপ্লু ৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মন্ত্ৰী কেশৱ মহন্তইও চামগুৰিত মিত্ৰজোটৰ প্ৰাৰ্থীগৰাকীৰ হৈ কালি প্ৰচাৰ সভাত অংশ লয়। ধলাই সমষ্টিত মন্ত্রী জ...

November 6, 2024 12:47 PM November 6, 2024 12:47 PM

views 25

ড’নাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শেহতীয়া ফলাফল অনুসৰি ২৪৮ টা ইলেক্টৰেল ভোটেৰে অগ্ৰগতি লাভ কৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শেহতীয়া ফলাফল অনুসৰি ২৪৮ টা ইলেক্টৰেল ভোটেৰে অগ্ৰগতি লাভ কৰিছে। ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ট্রাম্পৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ডেম’ক্রেটিক দলৰ কমলা হেৰিছে বৰ্তমানলৈ ২১৪ টা ইলেক্টৰেল ভোট লাভ কৰিছে। উল্লেখযোগ্য যে দেশখনৰ ৰাষ্ট্ৰপতি পদত নির্বাচিত হ’বলৈ এজন প্রার্থীয়ে সর্বমুঠ ৫৩৮ টা ইলেক্টৰেল ভোটৰ ২৭০ টা ভোট লাভ কৰিব লাগিব।

November 4, 2024 12:47 PM November 4, 2024 12:47 PM

views 20

অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নির্বাচনৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। চিৰাং জিলাৰ চিদলী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আজি সমষ্টিটোত মন্ত্ৰী অশোক স...