October 29, 2024 7:38 PM

views 33

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপুৰঞ্জন শৰ্মাৰ হৈ মন্ত্ৰী বিমল বৰাই প্ৰচাৰ চলায়। প্ৰচাৰ সভাত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ স্বাৰ্থ আগত ৰাখি ভোটদান কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। ইফালে, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত বিজেপি, অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ কার্যকৰ্তা সন্মিলন উদ্বোধন কৰি সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ...

October 25, 2024 7:33 PM

views 26

ৰাজ্যৰ উপ-নির্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া আসন্ন উপ-নির্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা ২৪ গৰাকী প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰে। উপ-নিৰ্বাচনৰ বাবে আটাইকেইটা ৰাজনৈতিক দল তথা নির্দলীয় প্রার্থীকে ধৰি মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। আজি বিহালী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্রার্থী জয়ন্ত বৰাই মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীৰ্গৰাকীক কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ শীৰ্ষ নেতৃত্বৰ লগতে সাংসদ গৌৰৱ গগৈ উপস্থিত থাকে। আনহাতে ছিদলী বিধানসভা সমষ্টিৰ ব...

October 24, 2024 1:14 PM

views 31

পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। কালি চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টি প্রক্ষেপিত প্রার্থী দিগন্ত ঘাটোৱাৰে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত কালি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্ত্রী পীযূষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে সাংসদ ৰঞ্জিত দত্ত আৰু বহুকেইজন বিধায়ক উপস্থিত থাকে। ইফালে, বিহালী বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে সন্মিলিত মৰ্চাৰ...

October 8, 2024 7:29 PM

views 32

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। ফলাফলৰ শেহতীয়া ধাৰা অনুসৰি নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্রজোঁটে ৯০ জনীয়া জম্মু-কাশ্মীৰ বিধানসভাত সংখ্যা গৰিষ্ঠতা লাভৰ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। বিজেপিয়ে ৯০ জনীয়া হাৰিয়ানাত বিধানসভাত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। হাৰিয়ানাত বৰ্তমানলৈকে ৬৩ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত বিজেপিয়ে ৩১ খন জয়লাভ কৰাৰ বিপৰীতে ১৮ খনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছে ৩০ খন আসনত জয়ী হৈছে আৰু ৬ খনত অগ...

October 7, 2024 11:08 AM

views 42

কাইলৈ হাৰিয়ানা, জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

হাৰিয়ানা তথা জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলটোত এই উপলক্ষে প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ৯০ খন আসনৰ বাবে কাইলৈ হ'বলগীয়া ভোটগ্রহণ উপলক্ষে জিলা সদৰসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে, ২০১৯ চনত সংবিধানৰ ৩৫ এ আৰু ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ পাছত কেন্দ্ৰীয়শাসিত অঞ্চলটোত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। ১০ বছৰৰ বিৰতিৰ পাছত অঞ্চলটোত শেহতীয়াকৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত নির্বাচনত বিপুল সং...

June 4, 2024 11:19 AM

views 31

দেশৰ ৫৪২খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ ২১৩ আসনত অগ্ৰগতি লাভ

দেশৰ ৫৪২ খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২১৩ আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৮৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজন হ'ব। দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ৩০ মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা ...

June 3, 2024 6:45 PM

views 39

দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ

দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ৩০ মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সলনি কৰা হৈছে। এইবাৰ ৰিটার্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা ৮ বজাত পোষ্টেল বেলট গণনা আৰম্ভ হ'ব আৰু ৩০ মিনিট পাছত ইভিএম মুকলি কৰা হ'ব। এই স্থানসমূহত পোষ্টেল বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, বাকী জিলাসমূহত পোষ্টেল বেলট পেপাৰ ...

June 3, 2024 5:59 PM

views 32

কাইলৈ হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নির্বাচনৰো ভোটগণনা কৰা হ'ব। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে, ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফলাফলসমূহ নির্বাচন আয়োগৰ ৱেবচাইট results.eci.gov.inৰ লগতে ভোটাৰ হেল্পলাইন এপ'ত উপলব্ধ হ'ব। জনসাধাৰণে এই ভোটাৰ হেল্পলাইন এপ গুগল প্লে' ষ্ট'ৰ অথবা এপ'ল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আয়োগে লগতে ৰিট...

May 20, 2024 12:57 PM

views 37

ওড়িশাত সাধাৰণ নির্বাচন তথা ৰাজ্য বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত

ওড়িশাত অহা ২৫ মে' আৰু পহিলা জুনত হ'বলগীয়া ষষ্ঠ আৰু অন্তিম পৰ্যায়ৰ সাধাৰণ নির্বাচন তথা ৰাজ্য বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত আছে। বিজেডি, বিজেপি আৰু কংগ্ৰেছকে ধৰি সকলো গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী ৰাজনাথ সিঙে কালি বৰগড় সংসদীয় সমষ্টিৰ লোকসভা আৰু বিধানসভা আসন কেইখনৰ বাবে দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাই জনসাধাৰণক তেওঁলোকৰ প্ৰতি সমর্থন আগবঢ়াবলৈ আহ্বান জনায়। ...

May 20, 2024 1:15 PM

views 35

৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰণনাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসনসমূহে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্রহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ ১৪ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৪৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা আই ভি এমসমূহ ৫০ টা স্ট্রং ৰূমত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। ইপিনে, কালি গুৱাহাটীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ উদ্যোগত দলৰ কাউণ্টিং এজেণ্টসকলৰ বাবে বিশ...