May 20, 2024 12:26 PM

views 28

লোকসভা পৰৱতী দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱা পৰ্যায়সমূহৰ পৰিস্থিতি পর্যালোচনা কৰি বাকী থকা পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহে অধিক আগ্রাসী ৰূপত নির্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ঝাৰখণ্ড, পশ্চিমবংগ আৰু ওড়িশাৰ কেইবাখনো নির্বাচনী সভাত অংশ লয়। প্রধানমন্ত্ৰীগৰাকীয়ে আজি ওড়িশাৰ পুৰীত এটা ৰোড শ্ব'ৰ লগতে ৰাজ্যখনৰ ধেনকানান আৰু কটকত নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে বিয়লিৰ ভাগত তেওঁ পশ্চিমবংগৰ তামলুক আৰ...

May 13, 2024 6:55 PM

views 38

৬২ শতাংশৰো অধিক ভোটদানেৰে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি

দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৯৬টা সমষ্টিত আজি পুৱা ৭ বজাৰে পৰা লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি দিনৰ ৫ বজা পর্যন্ত সমগ্ৰ দেশত ৬২. ৩-১ শতাংশৰো অধিক ভোটদান সম্পন্ন হৈছে। অন্ধ্ৰ প্ৰদেশত ৬৮ শতাংশৰ অধিক, বিহাৰত ৫৪ শতাংশৰ অধিক, জম্মু-কাশ্মীৰত প্ৰায় ৩৬ শতাংশ, ঝাৰখণ্ডত ৬৩. ১-৪, মধ্যপ্রদেশত ৬৮ শতাংশ, মহাৰাষ্ট্ৰত ৫২. ৪-৯, ওড়িশাত ৬২.৯-৬, তেলেংগানাত ৬১. ১-৬, উত্তৰ প্ৰদেশত ৫৬.৩-৫ আৰু পশ্চিম বংগত ৭৫. ৬...

May 11, 2024 2:34 PM

views 51

চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে’ত ভোটগ্রহণ

● মধ্যপ্ৰদেশত উজ্জয়ন, মান্দচাউৰ, ধাৰ, ইণ্ডোৰ, খাগান আৰু খানৱা লোকসভা সমষ্টিকে ধৰি মুঠ ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে'ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে ৰাজ্যখনৰ মালোৱা, নিমাৰ অংশত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে ৰত্নাম আৰু ইণ্ডোৰত প্ৰচাৰ চলোৱাৰ লগতে মধ্যপ্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভি ডি শৰ্মাই দেৱজ আৰু ধাৰ্ড আৰু প্ৰাক্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে উজ্জয়িনীত প্ৰচাৰ চলাব। উল্লেখযোগ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগবিজয় সিং, সঞ্জয় কাপুৰ...

May 9, 2024 12:49 PM

views 27

৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি তেলেংগানাৰ কৰিমনগৰ আৰু ৱাৰাংগলত নিৰ্বাচনী সমাবেশত আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজমপেট আৰু বিজয়ৱাড়াত ৰোড শ্ব'ত ভাগ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভ...

May 9, 2024 12:47 PM

views 28

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায় বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা নিশ্চিত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ এহেজাৰ ৫৮৬ খন মনোনয়ন পত্র দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ খন, মহাৰাষ্ট্ৰৰ ১৩ খন, পশ্চিমবংগৰ ৭খন, বিহাৰ আৰু ওড়িশাৰ ৫ খনকৈ, ঝাৰখণ্ডৰ তিনিখন, আৰু জম্মু কাশ্মীৰ তথা লাডাখত এখনকৈ আসনৰ বাবে ২০ মে'ত ভোটগ্ৰহণ কৰা হব।