May 6, 2024 11:57 AM

views 50

কাইলৈ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰা হ’ব

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত ৭খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ তখন আৰু কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৪ মে'। ১ জুনত সপ্তম পৰ্যায়ৰ নির্বাচন অনুষ্ঠিত হ'ব।

May 5, 2024 8:36 PM

views 73

৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ আগত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নির্বাচন প্ৰক্ৰিয়াৰ সামগ্ৰিক অৱলোকন মুখ্য নির্বাচনী বিষয়া ৰাজীৱ কুমাৰৰ

মুখ্য নির্বাচনী বিষয়া ৰাজীৱ কুমাৰে আজি ৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ আগত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ বিশাল নির্বাচন প্ৰক্ৰিয়াৰ সামগ্ৰিক অৱলোকন দাঙি ধৰে। শ্ৰী কুমাৰে আজি বিয়লি নতুন দিল্লীত ২৩খন দেশৰ নির্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিসকলক সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। লোকসভা নির্বাচন প্রত্যক্ষ কৰাৰ উদ্দেশ্যে এই প্রতিনিধিসকল কালি ভাৰতত উপস্থিত হয়। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় নির্বাচনী ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ভাৰতলৈ আহিছে আৰু আজি এই কাৰ্যসূচীৰ উদ্বোধ...

May 5, 2024 1:05 PM

views 32

জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে নিৰ্বাচন আয়োগক জনাবলৈ আহ্বান

দেশৰ নিৰ্বাচন আয়োগে জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ ঘটনা পৰিলক্ষিত হ'লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ আহ্বান জনাইছে। চি-ভিজিল এপ ডাউনল'ড কৰি ফটো, ভিডিঅ' আৰু অডিঅ'ৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বিষয়ে আয়োগক অৱগত কৰিব পাৰি। এই বিষয়ে জিলা নির্বাচনী বিষয়াকো পোনপটীয়াকৈ অভিযোগ দিব পাৰি। অভিযোগ দাখিল কৰা ব্যক্তিৰ বিষয়ে সকলো তথ্য গোপনে ৰখা হ'ব বুলি আয়োগে প্ৰকাশ কৰিছে।

May 3, 2024 11:27 AM

views 25

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা

◊ তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত অর্থাৎ ৭ মে’ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা, প্ৰয়োজনীয় তথ্যপাতি থকা পৰ্যটক আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহন সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।

May 1, 2024 9:12 PM

views 27

গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰ্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী

ৰাজ্যখনত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ ভোটগ্রহণলৈ মাজত ৫ টা দিন বাকী থকা অৱস্থাত নির্বাচন হবলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিখন জিলাতে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লাইং স্কোৱাদ আৰু নিৰীক্ষণকাৰী দলসমূহে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে ব্যৱস্থা গ্...

April 9, 2024 7:04 PM

views 84

চৰাইদেউত ভাৰতীয় নির্বাচন আয়োগে মুকলি কৰা সক্ষম এপ সন্দৰ্ভত প্রশিক্ষণ কার্যসূচী ৰূপায়ণ

আসন্ন লোকসভা নির্বাচন উপলক্ষে চৰাইদেউ নিৰ্বাচনী জিলাৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ ছুইপ কোষৰ উদ্যোগত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত দিব্যাংগ ব্যক্তিসকলৰ সুবিধাৰ্থে ভাৰতীয় নির্বাচন আয়োগে মুকলি কৰা সক্ষম এপৰ সন্দৰ্ভত এটি প্রশিক্ষণ কার্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকি অতিৰিক্ত জিলা আয়ুক্ত শ্রাৱনা সোণোৱালে কয় যে দিব্যাংগ ব্যক্তি আৰু ৮৫ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলৰ বাবে নিৰ্বাচন আয়োগে সক্ষম এপৰ জৰিয়তে বিভিন্ন সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে নিজৰ ভোটাধিকাৰ সাব...

April 9, 2024 7:14 PM

views 24

পশ্চিমবংগত কেন্দ্রীয় সশস্ত্র অৰ্ধ-সামৰিক বাহিনীৰ শতাধিক কোম্পানী নিয়োগ কৰিবলৈ গৃহমন্ত্ৰ্যালয়ক নিৰ্দেশ নিৰ্বাচন আয়োগৰ

পশ্চিমবংগত মুক্ত আৰু নিকা লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে কেন্দ্রীয় সশস্ত্র অৰ্ধ-সামৰিক বাহিনীৰ শতাধিক কোম্পানী নিয়োগ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ক নিৰ্দেশ দিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, আয়োগৰ নিৰ্দেশমৰ্মে গৃহ মন্ত্ৰ্যালয়ে ৰাজ্যখনৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৫৫ টা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ ৪৫ টা কোম্পানী নিয়োগ কৰিছে। বিষয়াসকলক ১৫ এপ্ৰিল অথবা ইয়াৰ পূৰ্বে কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধ-সামৰিক বাহিনীৰ অতিৰিক্ত ১০০ টা কোম্পানী নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

April 9, 2024 5:59 PM

views 31

দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ১,২১০ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

নির্বাচন আয়োগে কৈছে যে, দেশৰ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮ টা সমষ্টি সামৰি হ'বলগীয়া দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এহেজাৰ ২১০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই সমষ্টিকেইটাৰ বাবে মুঠ দুহেজাৰ ৬৩৩ খন মনোনয়ন পত্র দাখিল কৰা হৈছিল। পৰীক্ষাৰ অন্তত এহেজাৰ ৪২৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছিল। দ্বিতীয় পৰ্য্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। দ্বিতীয় পৰ্য্যায়ৰ বাবে ২৬ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালা...

April 5, 2024 8:08 PM

views 56

ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত কঠোৰ নিৰ্বাচন আয়োগ

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ আগদিনা আৰু ভোটগ্ৰহণৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগ যথেষ্ট কঠোৰ হৈছে। দুয়োটা দিনত প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্যায়ৰ এম চি এম চিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ লব লাগিব বুলি নির্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে। নির্বাচন আয়োগৰ সচিব ৰাজেশ কুমাৰ সিঙে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ নিৰ্দেশ প্রদান কৰিছে। উল্লেখযোগ্য যে, প্রথম পর্যায়ত ১৯ এপ্ৰিলত হবলগীয়া নিৰ্বাচন...

April 5, 2024 1:18 PM

views 26

ইলেকট্রনিক ভোটিং মেচিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ বুলি নিৰ্বাচন আয়োগৰ পুনৰবাৰ স্পষ্ট

♦ দেশৰ ভোটদান প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা ইলেকট্রনিক ভোটিং মেচিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ বুলি নিৰ্বাচন আয়োগে পুনৰবাৰ স্পষ্ট কৰি দিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োগৰ তৰফৰ পৰা ইলেকট্রনিক ভোটিং মেচিন আৰু ভোটাৰ ভেৰিফাইড পেপাৰ অডিটট্রেইল চমুকৈ ভিভিপেট আদিক লৈ থকা সাধাৰণ ভোটাৰৰ বিভিন্ন প্রশ্নৰ উত্তৰ ব্যাখ্যা কৰা হৈছে। নিৰ্বাচন আয়োগে এই বুলি স্পষ্ট কৰি দিছে যে ভোটদানৰ বাবে ই ভি এমৰ ব্যৱহাৰ সম্পূৰ্ণ সুৰক্ষিত। ই ভি এম সমূহ সদায় আৰক্ষীৰ তত্ত্বাৱধানত সুৰক্ষ...