April 5, 2024 11:59 AM

views 83

কম ভোটদান হোৱা ১১ খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নির্বাচনী বিষয়াৰ সন্মিলনৰ আয়োজন নির্বাচন আয়োগৰ

♦ নির্বাচন আয়োগে আজি কম ভোটদান হোৱা ১১ খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নির্বাচনী বিষয়াৰ সন্মিলন আয়োজন কৰিছে। নতুন দিল্লীত হ'বলগীয়া এই বৈঠকত আসন্ন লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হ'ব। বৈঠকত নগৰ আৰু চহৰৰ একাংশ এলেকাত কম ভোটদানৰ সমস্যা দূৰ কৰাৰ বাবে বিশেষ কাৰ্য পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ব। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে বৈঠকত দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দাবাদ, আহমেদাবাদ, পুণে,থানে, নাগপুৰ, পাটনা চাহিব, লক্ষ্ণৌ আৰু কানপুৰৰ পৌৰ আয়ুক্তসক...

April 4, 2024 9:24 PM

views 48

লোকসভা নিৰ্বাচনৰ বাবে চিপিআই এমৰ দলীয় ইস্তাহাৰ প্ৰকাশ

♦ চিপিআই এমে আজি সমাগত লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। দলৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু পলিটব্যুৰো সদস্য প্রকাশ কাৰাট, বৃন্দা কাৰাট, নিলোৎপল বসু আৰু তপন সেনে নতুন দিল্লীত এই ইস্তাহাৰ মুকলি কৰে। দলে ইস্তাহাৰত চহকী শ্ৰেণীৰ ওপৰত কৰ, উত্তৰাধিকাৰ কৰ আৰু সাধাৰণ সম্পত্তি কৰ সন্দৰ্ভত আইন প্ৰস্তুত কৰা, ব্যক্তিগত খণ্ডত সংৰক্ষণ, নিৰ্বাচনৰ বাবে চৰকাৰী পুঁজি আহৰণ তথা ৰাজনৈতিক দলসমূহে উদ্যোগজগতৰ পৰা লাভ কৰা বৰঙণিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ আৰোপৰ বিষয়সমূহ সামৰি লৈছে। চিপিআই এমে ইস্তাহাৰত ক...

April 4, 2024 1:07 PM

views 76

৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু ৪০ শতাংশতকৈ অধিক শাৰিৰীক প্ৰতিবন্ধকতা লোকে ইচ্ছা কৰিলে ঘৰতে ভোটদান কৰিব পাৰিবঃ অনুৰাগ গোৱেল

♦ ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এতিয়ালৈকে নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগৰ ব্যৱস্থা কৰা হৈছে আৰু আন্তৰা...

April 3, 2024 8:55 PM

views 33

শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত নির্বাচন সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগৰ নির্দেশনা

নির্বাচন আয়োগে অবৈধ সুৰা, নগদ ধন, মাদক দ্রব্য, অস্ত্ৰ শস্ত্ৰ আৰু উপঢৌকনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে আন্তৰাজ্যিক আৰু আন্তৰাষ্ট্ৰীয় সীমান্তসমূহত চোকা নজৰ ৰাখিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানসকলক নির্দেশ দিছে। আয়োগে লগতে তেওঁলোকক শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত নির্বাচন সুনিশ্চিত কৰিবলৈও নির্দেশ দিয়ে। নির্বাচন আয়োগে আজি নতুন দিল্লীত আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা আৰু মূল্যায়নৰ অৰ্থে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। আয়োগে...

April 3, 2024 6:36 PM

views 49

দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলৱৎকাৰী সংস্থা সৈতে নির্বাচন আয়োগৰ বৈঠকৰ

♦ নির্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সৈতে জড়িত বিভিন্ন বিষয় পর্যালোচনা কৰাৰ বাবে আজি বিয়লি দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলৱৎকাৰী সংস্থাসমূহৰ সৈতে এখন বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকত সামগ্রিক আইন শৃংখলা পৰিস্থিতিৰ লগতে অবৈধ কার্যকলাপ প্রতিহত কৰা, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোকা দৃষ্টি ৰখা আৰু আইন বিৰুদ্ধ সা-সামগ্রী বাজেয়াপ্ত কৰা আদি বিষয়সমূহ গুৰুত্বসহকাৰে আলোচনা কৰা হ'ব। Read More : ভোটাৰ সজাগতাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়...

April 2, 2024 8:17 PM

views 87

বিভ্রান্তি বনাম বাস্তৱিকতা নামৰ বিশেষ পঞ্জী আৰম্ভ নির্বাচন আয়োগৰ

♦ নির্বাচন আয়োগে আসন্ন লোকসভা নিৰ্বাচনত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ ৰোধ কৰাৰ উদ্দেশ্যে বিভ্রান্তি বনাম বাস্তৱিকতা নামৰ বিশেষ পঞ্জী আৰম্ভ কৰিছে। নির্বাচন আয়োগে এখন বিজ্ঞপ্তিযোগে কৈছে যে, এই পঞ্জীৰ যোগেদি তথ্যৰ সত্যাসত্য নিৰূপনৰ লগতে বিভ্ৰান্তিকৰ তথ্যৰ প্ৰচাৰ ৰোধ কৰিব পৰা যাব। ইয়াৰ জৰিয়তে এইবাৰৰ নিৰ্বাচনৰ প্ৰধান বিষয়সমূহৰো তথ্য লাভ কৰিব পৰা যাব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই পঞ্জীত নিৰ্বাচনৰ সৈতে জড়িত বিভ্ৰান্তিকৰ তথ্য, চোচিয়েল মিডিয়াৰ অপপ্ৰচাৰ আৰু গুৰুত্বপূৰ্ণ বিষয় সম্পর্কে সাধাৰণতে ...

April 1, 2024 11:52 AM

views 32

নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় দৃষ্টিগোচৰৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ অনলাইন এপ্লিকেশ্বন মুকলি

ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় আয়োগৰ দৃষ্টিগোচৰ কৰোৱাৰ উদ্দেশ্যে নাগৰিকসকলৰ বাবে এটা অনলাইন এপ্লিকেশ্বন মুকলি কৰিছে। চি ভিজিল নামৰ এই এপ্লিকেশ্বনটোৰ জৰিয়তে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলে সক্ৰিয় আৰু দায়িত্বশীল ভূমিকা পালন কৰিব পাৰিব। এই সৃষ্টিশীল এপ্লিকেশ্বনটোৰ জৰিয়তে নাগৰিকসকলে নির্বাচনী আচৰণ বিধি ভংগ কৰিব পৰা যিকোনো বিষয় দৃষ্টিগোচৰ হোৱা মাত্ৰেই আয়োগক অৱগত কৰিব পাৰিব। এনেধৰণৰ বিষয় এটা চি ভিজিলৰ জৰিয়তে আয...

March 30, 2024 9:34 PM

views 61

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ দুখন বুজাবুজি চুক্তি

আসন্ন লোকসভা নিৰ্বাচনত ১০০ শতাংশ ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে আজি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। শ্রীগোৱেলে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলক অসমৰ সকলো ভোটাৰক ভোটদান সুনিশ্চিত কৰাৰ বাবে অধিক সক্রিয়ভাবে কাম কৰাৰ বাবে আহ্বান জনায়। বুজাবুজিৰ চুক্তি অনুসৰি এওঁলোকে ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাব...

March 28, 2024 6:43 PM

views 32

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ ৮৮ খন আসনৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ ২০ টা, কৰ্ণাটকৰ ১৪ টা, ৰাজস্থানৰ ১৩ টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ আঠটাকৈ, মধ্যপ্ৰদেশৰ ৭টা, অসম আৰু বিহাৰৰ ৫ টাকৈ, পশ্চিমবংগ আৰু ছট্টিশগড়ৰ তিনিটাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু-ক...