January 22, 2026 11:11 AM

views 20

পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। এই তালিকাত থকা বিসংগতিসমূহ চালিজাৰি চাই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এইবোৰৰ মীমাংসা কৰিবলৈ আয়োগে পশ্চিমবংগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে। তদুপৰি আয়োগে ৰাজ্য প্রসাশন আৰু আৰক্ষীক শুনানি মসৃনভাৱে সম্পাদন কৰিবলৈও কয়।

December 4, 2025 8:40 PM

views 23

ভোটদাতাসকলৰ মাজত ৫০ কোটি ৫৭ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছেঃ নিৰ্বাচন আয়োগ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৫৭ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে । বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯ দশমিক ৮-৩ শতাংশ। আয়োগে প্রকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৪৭ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত আৰম্ভ হৈছিল। ১৪ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই প্ৰক্ৰিয...

November 29, 2025 10:38 PM

views 42

বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

● নির্বাচন আয়োগে আজি প্ৰকাশ কৰিছে যে, বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰসকলৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জড়িয়তে প্রায় ৫১ কোটি মুঠ ভোটাৰৰ ৯৯.৫৩ শতাংশ ভোটাৰক এই পৰ্যায়ত সামৰি লোৱা হ 'ব। আয়োগে কয় যে এতিয়ালৈকে প্রায় ৪০ কোটি প্ৰ-পত্র ডিজিটেলাইজ কৰা হৈছে৷ উল্লেখযোগ্য যে ৪ নৱেম্বৰৰ পৰা দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন আৰম্ভ হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ...

November 24, 2025 8:49 PM

views 32

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছেঃ বিজেপি

দেশৰ কেইখনমান ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র শুধাংশু ত্রিবেদীয়ে কয় যে দেশত স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ অত্যন্ত প্রয়োজন। কংগ্ৰেছৰ নেতা আৰু ঝাৰখণ্ডৰ মন্ত্ৰী ইৰফান আনচাৰিয়ে বুথ পৰ্যায়ৰ বিষয়াসকলৰ সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি শ্রীত্রিবেদ...

November 23, 2025 8:12 PM

views 25

বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰ পিছৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৪৭ লাখতকৈ অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা বুলি নির্বাচন আয়োগৰ প্ৰকাশ

নির্বাচন আয়োগে কয় যে, বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰ পিছৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৪৭ লাখতকৈ অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। চলিত মাহৰ ৪ তাৰিখৰ পৰা ৯খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হৈছে। অহা বছৰৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ লগে লগে ভোটাৰ তালিকাৰ বৃহৎ পৰিসৰৰ পুনৰীক্ষণৰ সামৰণি পৰিব।

October 27, 2025 8:59 PM

views 86

নির্বাচন আয়োগে দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰম্ভ কৰিব

নির্বাচন আয়োগে দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰম্ভ কৰিব। অৱশ্যে এই ৰাজ্যসমূহৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই। আজি নতুন দিল্লীত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ভোটদাতাৰ তালিকা স্বচ্ছ আৰু ত্রুটিমুক্ত কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। এই পৰ্যায়ত অহা ৪ নৱেম্বৰৰ পৰা চত্তিশগড়, উত্তৰ প্ৰদেশ, গোৱা, কেৰালা, পুডুচেৰী, গুজৰাট, ৰাজস্থান, পশ্চিমবংগ, লাক্ষাদ্বীপ, আন্দামান নিকোবৰ...

October 19, 2025 7:59 PM

views 59

বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ বাবে পর্যবেক্ষণ কৰিবলৈ নির্বাচন আয়োগৰ কেন্দ্রীয় পর্যবেক্ষকসকলক নির্দেশ

নির্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ বাবে হ'বলগীয়া উপ-নির্বাচন স্বচ্ছ আৰু মুক্তভাবে অনুষ্ঠিত কৰাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো সূক্ষ্মভাবে পর্যবেক্ষণ কৰিবলৈ কেন্দ্রীয় পর্যবেক্ষকসকলক নির্দেশ দিছে। এটা বিবৃতিযোগে আয়োগে কৈছে যে, বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১২১ গৰাকী সাধাৰণ পৰ্যবেক্ষক আৰু ১৮ গৰাকী আৰক্ষী পৰ্যবেক্ষকক নিযুক্তি দিয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ বাবে ১২২ গৰাকী সাধাৰণ পর্যবেক্ষক আৰু ২০ গৰাকী আৰক্ষী পর্যবেক্ষক নিযুক্তি কৰিছে। উপ নির্বাচনৰ বাবে ৮ গৰাকী সাধাৰ...

October 13, 2025 2:35 PM

views 177

৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

● নির্বাচন আয়োগে ৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই বিধানসভা সমষ্টিকেইটা হৈছে জম্মু আৰু কাশ্মীৰৰ বুদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আণ্টা, ঝাৰখণ্ডৰ ভাটছিলা, তেলেংগানাৰ জুবিলি হিল্‌ছ, পাঞ্জাবৰ তৰ্ণ তাৰান, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নোৱাপাড়া। জম্মু-কাশ্মীৰ আৰু ওড়িশাৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২০ অক্টোবৰ ধাৰ্য কৰা হৈছে। একেদৰে ঝাৰখণ্ড, মিজোৰাম, পঞ্জাব, তেলেংগানা আৰু ৰাজস্থানৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ অক্টোবৰ ধাৰ্য কৰা হৈছে। এই ...

October 13, 2025 2:32 PM

views 97

বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

● নির্বাচন আয়োগে বিহাৰৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে ৰাজ্যখনৰ ২০ খন জিলাৰ ১২২ টা বিধানসভা সমষ্টিত মনোনয়ন প্রক্রিয়া আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত অহা ২০ অক্টোবৰ, মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ২১ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ২৩ অক্টোবৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। এই পৰ্যায়ৰ বাবে ১১ নৱেম্বৰ ভোটগ্ৰহণ কৰা হ'ব। দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব। নির্বাচন আয়োগে ...

October 8, 2025 9:25 PM

views 53

বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব। আয়োগে ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাসকলে পোষ্টেল বেলটযোগে ভোটদান কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰিছে। আয়োগে এটা বিবৃতিযোগে কৈছে যে এনে ভোটদাতাসকলে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱা ৫ দিনৰ ভিতৰত বুথ পৰ্যায়ৰ বিষয়াৰ জৰিয়তে ৰিটার্ণিং বিষয়াৰ ওচৰত ১২-ঘ প্ৰপত্ৰ দাখিল কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰি নিৰ্বাচনৰ দিনা অত্যাৱশ্যকীয় সেৱাৰ দায়...