August 1, 2025 8:21 PM

views 34

৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব

নির্বাচন আয়োগে অহা ৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব বুলি আজি ঘোষণা কৰিছে। নির্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই নিৰ্বাচনৰ বাবে অহা ৭ আগষ্টত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ'ব। ২১ আগষ্টৰ ভিতৰত মনোনয়ন পত্র দাখিল কৰিব লাগিব আৰু প্ৰয়োজন হ'লে ৯ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিধি অনুযায়ী ভোটগ্রহণ সংসদ ভৱনত অনুষ্ঠিত হ'ব। লোকসভাৰ ৫৪২ গৰাকী নিৰ্বাচিত সাংসদ আৰু ৰাজ্যসভাৰ ২৩৩ গৰাকী নিৰ্বাচিত সাংসদে এই নির্বাচনত অংশগ্রহণ কৰিব পাৰিব। সমানুপাতিক প্ৰতিনিধিত...

July 14, 2025 7:44 PM

views 54

বড়ো ভাষাক সম ভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে এবছুৰ স্মাৰক পত্ৰ দাখিল

নিৰ্বাচনী ব্যৱস্থা আৰু ন্যায়িক নিযুক্তিৰ ক্ষেত্ৰত বড়ো ভাষাক সম ভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থা- এবছুৱে আজি ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ক দুখন স্মাৰক পত্ৰ দাখিল কৰে। সংগঠনটোৱে ৰাজ্যিক নির্বাচন আয়োগক দাখিল কৰা স্মাৰক পত্ৰত বিটিচিৰ ভোটাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাতো প্ৰকাশৰ বাবে দাবী জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰদান কৰা আনখন স্মাৰক পত্ৰত এবছুৱে ন্যায়ালয়ৰ অধীনৰ নিযুক্তি পৰীক্ষাসমূহত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। উল্লেখযো...

June 27, 2025 12:32 PM

views 59

৩৪৫টা পঞ্জীয়নভুক্ত স্বীকৃতি বিহীন ৰাজনৈতিক দলৰ মর্যাদা কৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে নির্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰত থকা ৩ শতাধিক ৰাজনৈতিক দলৰ স্বীকৃতি বাতিল কৰাৰ কাম আৰম্ভ কৰিছে। আয়োগে প্ৰথম পৰ্যায়ত ৩৪৫টা ৰাজনৈতিক দলৰ স্বীকৃতি বাতিল কৰিব আৰু পৰৱৰ্তী সময়তো এই প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰিছে। আয়োগে কালি এই সন্দৰ্ভত সবিশেষ তথ্য সদৰী কৰে। বিগত ৬টা বছৰত যিবোৰ ৰাজনৈতিক দলে কোনো নির্বাচনতেই প্রতিদ্বন্দ্বিতা কৰা নাই, নাইবা দুই-এটা দলে প্রার্থী প্ৰক্ষেপ কৰিলেও সফলতা অৰ্জন কৰিব পৰা নাই, তেনে দলবোৰৰ স্বীকৃতি প্রথম পৰ্যায়ত বাতিল কৰিব। দেশৰ আটাইবোৰ ৰাজ্য আৰু ...

May 31, 2025 12:12 PM

views 72

ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত হিচাপে অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই কাইলৈ কাৰ্যভাৰ গ্ৰহণ কৰিব

অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই কাইলৈ ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। শ্ৰী শৰ্মাই ৬৫ বছৰ বয়সলৈ এই পদত কাৰ্যনিৰ্বাহ কৰিব। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কালি এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে। ৰঞ্জন শৰ্মা অৱসৰৰ পাছত মুখ্যমন্ত্ৰী সচিবালয় আৰু ৰূপান্তৰ তথা উন্নয়ন বিভাগৰ বিশেষ আয়ুক্ত সচিব হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে আজি বৰ্তমানৰ নিৰ্বাচন আয়ুক্ত আলোক কুমাৰৰ কাৰ্যকালৰ অন্ত পৰিব।

May 29, 2025 9:18 PM

views 54

নির্বাচন আয়োগে আজি ৪খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৩৭৩ গৰাকী নিৰ্বাচন কৰ্মীক প্রশিক্ষণ প্ৰদান কাৰ্য আৰম্ভ কৰে

নির্বাচন আয়োগে আজি নতুন দিল্লীত ৪খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৩৭৩ গৰাকী নিৰ্বাচন কৰ্মীক প্রশিক্ষণ প্ৰদান কাৰ্য আৰম্ভ কৰে। অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে আইনমতে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন কৰ্মীসকলক এই প্ৰশিক্ষণ দিয়াটো অতি গুৰুত্বপূৰ্ণ তেওঁ লগতে কয়, যে এই প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে নির্বাচন সংক্রান্তীয় বহু বিষয় সন্দৰ্ভত অৱগত হ'ব পাৰিব। অংশগ্ৰহণকাৰীসকলক ভোটাৰৰ পঞ্জীকৰণ তথা অন্যান্য আনুসংগিক বিষয়ৰ লগতে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে...

April 7, 2025 6:37 PM

views 48

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নির্বাচন আয়োগৰ অধিসূচনা জাৰি

সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কোনো প্ৰাৰ্থীয়ে ফৌজদাৰী গোচৰত অভিযুক্ত হ'ব নোৱাৰিব বুলি শেহতীয়াকৈ ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা অধিসূচনাত উল্লেখ কৰিছে। কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে দুবছৰ বা ততোধিক কাৰাবাস খাটিব লগীয়া কোনো অভিযোগ থাকিব নোৱাৰিব বুলিও অধিসূচনাত কোৱা হৈছে। তদুপৰি লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়েও নিজৰ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ অৰ্হতা সন্দৰ্ভত শেহতীয়াকৈ নির...

March 20, 2025 8:10 PM

views 73

নির্বাচনী প্রক্রিয়া অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে নির্বাচন আয়োগে কেতবোৰ দৃঢ় পদক্ষেপ গ্ৰহণ

নির্বাচনী প্রক্রিয়া অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে যোৱা এটা মাহত নির্বাচন আয়োগে কেতবোৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। নির্বাচন আয়োগে আজি এখন বিজ্ঞপ্তি যোগে এই বুলি কৈছে যে, আয়োগে প্রায় এক কোটি নির্বাচনী বিষয়াৰ বাবে কেতবোৰ ডিজিটেল প্রশিক্ষণ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে। আয়োগে কৈছে যে, জ্ঞানেশ কুমাৰে নতুন মুখ্য নির্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ এমাহৰ ভিতৰতেই নিৰ্বাচনী আয়ুক্তদ্বয় ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীৰ সৈতে লগ লাগি সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ব্যাপক পৰিৱৰ্তন সাধন ক...

March 8, 2025 1:53 PM

views 39

নকল ভোটদাতা ফটো পৰিচয় পত্ৰঃ ৩ মাহৰ ভিতৰত সমস্যা সমাধানৰ সিদ্ধান্ত নির্বাচন আয়োগৰ

নির্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ অৰ্থাৎ ই পি আই চি নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা ৩ মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। কাৰিকৰী দল আৰু সংশ্লিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাৰ অন্তত আয়োগে নকল ই পি আই চি নম্বৰ থকা ভোটদাতাসকলৰ বাবে এটা ৰাষ্ট্ৰীয় ই পি আই চি নম্বৰ সুনিশ্চিত কৰাৰ সিদ্ধান্ত লয়। এই অনন্য ই পি আই চি নম্বৰৰ জৰিয়তে এতিয়াৰে পৰা নিৰ্দিষ্ট ভোট কেন্দ্ৰত নাম উল্লেখ থকা ভোটদাতাইহে সেই ভোটকেন্দ্ৰত ভোটদান কৰিব পাৰিব।...

March 4, 2025 6:30 PM

views 28

নতুন দিল্লীত আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলন

নির্বাচন আয়োগে আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীখনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন পৰিচালনা প্ৰতিষ্ঠানত এই সন্মিলন অনুষ্ঠিত হ'ব। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ পাছত এয়া হৈছে এনেধৰণৰ প্ৰথমখন সন্মিলন। এই দুদিনীয়া সন্মিলনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াবোৰৰ প্ৰত্যেককে বুদ্ধিমত্তা আৰু পাৰস্পৰিক শিকন অভিজ্ঞতা বিনিময়ৰ এখন মঞ্চ দিব...

March 4, 2025 10:17 AM

views 38

আজিৰেপৰা দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলন

■ নির্বাচন আয়োগে আজিৰেপৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ পাছত এয়া হৈছে এনেধৰণৰ প্ৰথমখন সন্মিলন। এই দুদিনীয়া সন্মিলনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াসকলক বুদ্ধিমত্তা আৰু পাৰস্পৰিক শিকন অভিজ্ঞতা গ্ৰহণৰ সুযোগ দিব। এই সন্মিলনত IT Architecture, ফলপ্রসূ যোগাযোগ ব্যৱস্থা, সামাজিক মাধ্যম ব্যৱহাৰৰ প্ৰসাৰ বৃদ্ধিৰ লগতে আধুনিক নির্বাচন ব্যৱস্থাপ...