January 30, 2025 5:13 PM

views 40

কেজৰিৱালক যমুনা নৈত বিহ মিহলি বুলি কৰা অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি পুৱা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক যমুনা নৈত বিহ মিহলি কৰা বুলি অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ দিছে। যমুনা নৈৰ পানীত এমনিয়াৰ পৰিমাণ বৃদ্ধি হোৱা বিষয়টোক লৈ অৰবিন্দ কেজৰিৱালে নৈৰ পানীত বিহ ঢলা বুলি অভিযোগ কৰিছিল। এই সন্দৰ্ভত নির্বাচন আয়োগে শ্ৰীকেজৰিৱাললৈ প্ৰেৰণ কৰা পত্ৰত অতি শীঘ্ৰে ইয়াৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। আয়োগে হাৰিয়ানা চৰকাৰে নৈৰ পানীত কি ধৰণৰ বিহু ঢালিছে আৰু এই কথা প্ৰমাণসহ উত্তৰ দিবলৈ কেজৰিৱালক নিৰ্দেশ দিছে। নদীৰ কোন অংশত বিষক্রিয়া হৈছে আৰু দিল্লীৰ...

January 7, 2025 8:41 PM

views 29

দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি কেন্দ্রীয় শাসিত অঞ্চল দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰে। সেই অনুসৰি ১০ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। ১৭ জানুৱাৰী হ'ব মনোনয়ন দাখিলৰ অন্তিম দিন। ১৮ জানুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ২০ জানুৱাৰী হ'ব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ কৰা হ'ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব আৰু সেই...

January 1, 2025 3:57 PM

views 112

২০২৪-২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰাৰ বাবে ৱেবছাইট মুকলি

ৰাজ্যিক নির্বাচন আয়োগে ২০২৪-২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত ভোটদাতাসকলে নিজৰ নাম পৰীক্ষা কৰাৰ বাবে এটা ৱেবছাইট মুকলি কৰিছে। ermssec.assam.gov.in ৱেবছাইটত গৈ ভোটদাতাসকলে ভোটাৰ তালিকা ডাউনলোড কৰি অথবা ভোটাৰ কাৰ্ডৰ নম্বৰৰ জৰিয়তে নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদ, গাঁও পঞ্চায়ত অথবা খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়লৈ গৈও ভোটদাতাসকলে তালিকাত তেওঁলোকৰ নাম পৰীক্ষা কৰিব পাৰিব। বয়সৰ হিচাপত আজিৰ ভিতৰত ভোট দিয়াৰ বাবে যোগ্য বিবেচিত যুৱক-যুৱতীসকলেও এই ৱেবছাইটৰ জৰিয়তে ...

December 30, 2024 8:34 PM

views 33

পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছত ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা

অসমত ৰাজ্যিক নির্বাচন আয়োগে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পাছতে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে পঞ্চায়ত নির্বাচন ব্যৱস্থাপনা সমিতি, ইস্তাহাৰ সমিতি ইত্যাদি গঠন কৰি বিভিন্ন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে। মিত্রদল অগপৰ সৈতে সাংগঠনিক জিলা অনুসৰি দলটোৱে আলোচনা অব্যাহত ৰাখিছে। আম আদমী পাৰ্টীয়েও আজি এখ...

December 26, 2024 8:38 PM

views 33

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰিসংখ্যা প্ৰকাশ

নির্বাচন আয়োগে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰিসংখ্যা প্ৰকাশ কৰিছে। সেই অনুসৰি বিগত লোকসভা নিৰ্বাচনত দেশৰ মুঠ ৬৪ কোটি ৬৪ লাখ ভোটদাতাই ভোটদান কৰিছিল। ইয়াৰ ভিতৰত ৬৫. ৭-৮ শতাংশ মহিলা ভোটাদাতা আছিল। আয়োগে প্ৰকাশ কৰা ৪২খন বিস্তাৰিত পৰিসংখ্যাগত প্ৰতিবেদনত কোৱা হৈছে যে এইবাৰ পঞ্জীয়নভুক্ত তৃতীয় লিংগ ভোটাদাতাৰ সংখ্যা ২৩. ৫ শতাংশ বৃদ্ধি পাইছে। ২০১৯ চনত তৃতীয় লিংগৰ ভোটাদাতা ২৭.৯ শতাংশ আছিল। ২০২৪ চনত এই ভোটাদাতাৰ সংখ্যা ১৪. ৬–৪ শতাংশলৈ বৃদ্ধি পায়। এই বৰ্ষৰ সাধাৰণ নিৰ্বাচনত ৪০টা কেন্দ্ৰত পু...

December 14, 2024 10:47 AM

views 46

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি খচৰা ভোটাৰ তালিকা প্রকাশ ৰাজ্যিক নির্বাচন আয়োগৰ

ৰাজ্যিক নির্বাচন আয়োগে সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি খচৰা ভোটাৰ তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীভুক্ত আৰু পৌৰ সভা এলেকাক বাদ দি ৰাজ্যৰ ২৭খন জিলা সামৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটৰ তালিকাত এক কোটি ৭৫ লাখ ৫৪ হাজাৰ ৫৮৯ জন ভোটাৰ অন্তৰ্ভুক্ত হৈছে। ৰাজ্যিক নির্বাচন আয়োগে ৩৯৭ খন জিলা পৰিষদ, ১৮১ খন আঞ্চলিক পঞ্চায়ত, ২,১৯৩ খন গাঁও পঞ্চায়ত আৰু ২১ হাজাৰ ৩৩০টা ৱাৰ্ড সামৰি এইবাৰৰ পঞ্চায়তৰ ভোটৰ তালিকাৰ খচৰা প্ৰকাশ কৰিছে। এইবাৰ পঞ্চায়ত নিৰ্ব...

November 8, 2024 12:35 PM

views 39

ঝাৰখণ্ডত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। ৰাঁচীত কালি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবিকুমাৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোটদাতাসকলক বিপথে পৰিচালিত কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে নির্বাচনী সভাত ব্যক্তিগত আক্রমণ এৰাই চলিবলৈও আহ্বান জনায়। তেওঁ কয় যে, ৰাজনৈতিক দলসমূহ নির্বাচনী আচৰণ বিধি মানি চলিবলৈ বাধ্য কিয়নো ৰাজনৈতিক দল আৰু ...

November 7, 2024 1:29 PM

views 28

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত ভোটদাতাক প্রলোভিত কৰাৰ বাবে অনা সামগ্ৰী, সুৰা, ড্ৰাগছ আৰু বহুমূলীয়া ধাতু জব্দ নির্বাচনী আয়োগৰ

নির্বাচনী আয়োগৰ সংস্থাসমূহে নির্বাচন হ'বলগীয়া মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড তথা উপ- নির্বাচন হ'বলগীয়া অন্যান্য ৰাজ্যসমূহত পাঁচশ আঠাৱন্ন কোটি টকা নগদ ধন, ভোটদাতাক প্রলোভিত কৰাৰ বাবে অনা সামগ্ৰী, সুৰা, ড্ৰাগছ আৰু বহুমূলীয়া ধাতু জব্দ কৰিছে। আয়োগে জনাইছে যে মহাৰাষ্ট্ৰত চলা অভিযানত প্রায় দুশ আশী কোটি টকা জব্দ কৰা হৈছে। আনহাতে ঝাৰখণ্ডৰ পৰা এতিয়ালৈকে প্ৰায় এশ আঠাৱন্ন কোটি টকা জব্দ কৰাৰ বাতৰি পোৱা গৈছে। আয়োগৰ তথ্য অনুসৰি ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত নির্বাচন হ'বলগীয়া ৰাজ্য দুখনত জব্দ কৰা ধনৰ পৰ...

November 4, 2024 7:58 PM

views 38

কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন সলনি

নির্বাচন আয়োগে কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ নিৰ্বাচনৰ দিন সলনি হোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি এতিয়া এই সমষ্টিকেইটাৰ বাবে ১৩ নৱেম্বৰৰ সলনি ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। এই ১৪ টা সমষ্টি হৈছে কেৰালাৰ পালাক্কাড় পাঞ্জাবৰ দেৰা বাবা নানক, চাবেবৱাল, গিদ্দ্ৰেবাহা, বার্নালা আৰু উত্তৰ প্ৰদেশৰ মীৰাপুৰ, কুন্দাৰ্কি, গাজিয়াবাদ, খাইৰ, কাৰহাল, চিশ্বামাও, ফুলপুৰ, কাৰ্টেহাৰী আৰু মাজহাৱান। এই সমষ্টিসমূহৰ ভোটগণনাৰ দিনৰ কোনো সালসলনি কৰা হোৱা নাই আৰু পূৰ্বৰ দৰে ২৩ ন...

October 29, 2024 6:00 PM

views 33

ৰাজ্যিক নির্বাচন আয়োগৰ ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নির্বাচন আয়োগে ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। ভোটদাতাসকলে বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত নিজৰ ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। আজিৰ পৰা ২৮ নৱেম্বৰৰ ভিতৰত নাগৰিকে দাবী বা আপত্তি দৰ্শাব পাৰিব। এই সময়ছোৱাত ৰাজ্যবাসীয়ে প্ৰ-পত্ৰ ৬, ৬(ক), ৭ আৰু ৮ পূৰণ কৰিব পাৰিব। ৰাজ্যিক নির্বাচন আয়োগে ৯, ১০, ১৬ আৰু ১৭ নৱেম্বৰত বিশেষ প্ৰচাৰৰ দিন ধাৰ্য কৰিছে। খচৰা ভোটাৰ তালিকা সন্দৰ্ভত দাবী আৰু আপত্তিসমূহ অহা ২৪ ডিচেম্বৰত নিষ্পত্তি কৰা হ'ব।