November 18, 2025 1:15 PM

views 73

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

● নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী কৰা হ'ব। সেই অনুসৰি আজিৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ২২ নৱেম্বৰৰ পৰা বি এল অ' সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি- পত্ৰসমূহ পৰীক্ষা কৰিব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভ...

November 17, 2025 6:34 PM

views 60

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নির্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

নির্বাচন আয়োগে অসমতো ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আয়োগৰ নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে ধৰি এই সংশোধনী ঘটাব লাগিব। সেই অনুসৰি কাইলৈৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত সমন্বিত খছৰা ভোটাৰ তালিকা প্রস্তুত কৰিব লাগিব। ২৭ ডিচেম্বৰত খছৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত থকা দাবী আৰু আপত্তিসমূহ ২ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত নিষ্...

October 28, 2025 10:40 AM

views 69

দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

● দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত আজি দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হ'ব। অহা বছৰৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। অৱশ্যে এই ৰাজ্যসমূহৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, যে এই পৰ্যায়ত উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্রদেশ, চত্তিশগড়, ৰাজস্থান, তামিলনাড়ু, পশ্চিমবংগ, গোৱা, কেৰালা, পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তথা লাক্ষাদ্বীপত...

October 24, 2025 12:41 PM

views 36

মুখ্য নির্বাচনী বিষয়াসকলক ভোটাৰ তালিকাৰ প্রস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ভাৰতৰ নিৰ্বাচন আয়োগে মুখ্য নির্বাচনী বিষয়াসকলক নির্দিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত কালি মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি পৰে। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত নির্বাচন আয়ুক্ত ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীয়ে অংশ লয়। ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দর্ভত আয়োগৰ জ্যেষ্ঠ বিষয়াসকলে বিৱৰণী দিয়াৰ পাছত মুখ্য নির্বাচনী বিষয়াসকলে উত্...

October 23, 2025 12:09 PM

views 91

ভাৰতীয় নির্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ মুখ্য নির্বাচনী বিষয়াৰ সন্মিলন অনুষ্ঠিত

ভাৰতীয় নির্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মুখ্য নির্বাচনী বিষয়াৰ সন্মিলনত দেশজোৰা বিশেষ পুনৰীক্ষণ (SIR) অনুশীলনৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত এই সন্মিলনৰ সভাপতিত্ব কৰে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। বৈঠকত নির্বাচন আয়ুক্ত ড° সুখবীৰ সিং সন্ধু আৰু ড° বিবেক যোশীয়েও অংশগ্রহণ কৰে। এই সন্মিলনত আয়োগে জিলা নির্বাচনী বিষয়া, নির্বাচনী পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া, বুথ পৰ্যায়ৰ বিষ...

September 19, 2025 9:05 PM

views 68

শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে শেহতীয়াকৈ পঞ্জীয়নভুক্ত ৪৭৪টা অস্বীকৃত ৰাজনৈতিক দলৰ নাম আয়োগৰ তালিকাৰ পৰা কৰ্তন কৰিছে। আয়োগৰ নীতি-নিয়ম অমান্য কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নির্বাচন আয়োগে জানিবলৈ দিছে। ২০১৯ চনৰ পৰা এতিয়ালৈকে ৰাজনৈতিক দলসমূহে এবাৰো নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত নির্বাচন আয়োগে যোৱা মাহত ৩৩৪টা ৰাজনৈতিক দলৰ নাম বাতিল কৰিছিল। ইয়াকে লৈ এতিয়ালৈকে বিগত দুটা মাহত মুঠ ৮০৮টা পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ কৰ্তন কৰা হৈছে। আয়োগে জনোৱা ...

September 12, 2025 12:27 PM

views 37

দেশৰ সকলো মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ সৈতে নির্বাচন আয়োগৰ কৰ্মশালা

নির্বাচন আয়োগে দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মিডিয়া তথা যোগাযোগ বিষয়াসকলৰ বাবে এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰিব। এই কর্মশালাত দেশত সংবিধান অনুযায়ী নির্বাচন অনুষ্ঠিত কৰা আৰু আইনী, তথ্যগত আৰু নিয়ম আধাৰিত তথ্য সময়মতে আৰু সমন্বিতভাৱে প্ৰচাৰত গুৰুত্ব আৰোপ কৰা হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেছ কুমাৰে নিৰ্বাচন আয়ুক্ত ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীৰ উপস্থিতিত এই কর্মশালা উদ্বোধন কৰিব। নির্বাচন আয়োগে এটা বিবৃতি যোগে কৈছে, যে নির্বাচনী ...

September 3, 2025 12:38 PM

views 33

কংগ্ৰেছ নেতা পৱন খেৰালৈ নির্বাচন আয়োগৰ জাননী জাৰি

এটাতকৈ অধিক সমষ্টিত নির্বাচনী পঞ্জীয়ন থকা বাবে নির্বাচন আয়োগে কংগ্ৰেছ নেতা পৱন খেৰালৈ জাননী জাৰি কৰিছে। নতুন দিল্লী সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই অহা ৮ ছেপ্তেম্বৰৰ পুৱা ১১ বজাৰ আগতে নেতাগৰাকীক এই জাননীৰ উত্তৰ দিয়াৰ নিৰ্দেশ দিছে। নতুন দিল্লী আৰু জংপুৰা বিধানসভা সমষ্টিত ভোটদাতা হিচাপে নাম সন্নিৱিষ্ট থকা বাবে এই জাননী জাৰি কৰা হৈছে।

August 19, 2025 8:33 PM

views 70

নির্বাচনী প্ৰক্ৰিয়া নিয়াৰি কৰি তোলাৰ বাবে নির্বাচন আয়োগৰ ভালেমান পদক্ষেপ গ্ৰহণ

নির্বাচন আয়োগে নির্বাচনী প্ৰক্ৰিয়া নিয়াৰি কৰি তোলাৰ লগতে ইয়াৰ সংশোধনৰ বাবে বিগত ছমাহত ভালেমান পদক্ষেপ লৈছে। আয়োগে জনাইছে যে, এই পদক্ষেপসমূহে বিভিন্ন ৰাজনৈতিক দল আৰু নির্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট পক্ষসমূহক সামৰি লোৱাৰ লগতে নির্বাচনী প্রক্রিয়াক শক্তিশালী ৰূপত আগবঢ়াই নিয়া তথা শিক্ষণ ব্যৱস্থাৰ জৰিয়তে প্রযুক্তি বিদ্যাৰ ব্যৱহাৰেৰে ভোটদানৰ প্ৰক্ৰিয়াক সহজ কৰি তোলাৰ চেষ্টা কৰিছে। অ-স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলক বিচাৰি উলিয়াই নিৰ্বাচনত দলসমূহৰ অংশগ্রহণ বন্ধ কৰা, ভোটদান কেন্দ্ৰসমূহত ...

August 13, 2025 12:16 PM

views 30

নিৰ্বাচন আয়োগৰ সৈতে এন চি পিৰ এটা প্ৰতিনিধি দলৰ মত বিনিময়

নতুন দিল্লীত কালি এন চি পিৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ সৈতে মত বিনিময় কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ তথা নিৰ্বাচন আয়ুক্তদ্বয় ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীয়ে এন চি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ব্ৰীজমোহন শ্ৰীবাস্তৱৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সৈতে মত-বিনিময় কৰে। উল্লেখযোগ্য যে, বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ সভাপতিসকলৰ সৈতে নিৰ্বাচন আয়োগৰ মত-বিনিময় কাৰ্যসূচীৰ অংশ হিচাপেই এই বৈঠক অনুষ্ঠিত হয়। বিগত ১৫০ দিনত মুঠ ৪ হাজাৰ ৭১৯ খন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়, য’ত ৪০ ...