May 29, 2025 9:18 PM May 29, 2025 9:18 PM

views 26

নির্বাচন আয়োগে আজি ৪খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৩৭৩ গৰাকী নিৰ্বাচন কৰ্মীক প্রশিক্ষণ প্ৰদান কাৰ্য আৰম্ভ কৰে

নির্বাচন আয়োগে আজি নতুন দিল্লীত ৪খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৩৭৩ গৰাকী নিৰ্বাচন কৰ্মীক প্রশিক্ষণ প্ৰদান কাৰ্য আৰম্ভ কৰে। অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে আইনমতে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন কৰ্মীসকলক এই প্ৰশিক্ষণ দিয়াটো অতি গুৰুত্বপূৰ্ণ তেওঁ লগতে কয়, যে এই প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে নির্বাচন সংক্রান্তীয় বহু বিষয় সন্দৰ্ভত অৱগত হ'ব পাৰিব। অংশগ্ৰহণকাৰীসকলক ভোটাৰৰ পঞ্জীকৰণ তথা অন্যান্য আনুসংগিক বিষয়ৰ লগতে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে...

April 7, 2025 6:37 PM April 7, 2025 6:37 PM

views 16

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নির্বাচন আয়োগৰ অধিসূচনা জাৰি

সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কোনো প্ৰাৰ্থীয়ে ফৌজদাৰী গোচৰত অভিযুক্ত হ'ব নোৱাৰিব বুলি শেহতীয়াকৈ ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা অধিসূচনাত উল্লেখ কৰিছে। কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে দুবছৰ বা ততোধিক কাৰাবাস খাটিব লগীয়া কোনো অভিযোগ থাকিব নোৱাৰিব বুলিও অধিসূচনাত কোৱা হৈছে। তদুপৰি লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়েও নিজৰ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ অৰ্হতা সন্দৰ্ভত শেহতীয়াকৈ নির...

March 20, 2025 8:10 PM March 20, 2025 8:10 PM

views 55

নির্বাচনী প্রক্রিয়া অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে নির্বাচন আয়োগে কেতবোৰ দৃঢ় পদক্ষেপ গ্ৰহণ

নির্বাচনী প্রক্রিয়া অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে যোৱা এটা মাহত নির্বাচন আয়োগে কেতবোৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। নির্বাচন আয়োগে আজি এখন বিজ্ঞপ্তি যোগে এই বুলি কৈছে যে, আয়োগে প্রায় এক কোটি নির্বাচনী বিষয়াৰ বাবে কেতবোৰ ডিজিটেল প্রশিক্ষণ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে। আয়োগে কৈছে যে, জ্ঞানেশ কুমাৰে নতুন মুখ্য নির্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ এমাহৰ ভিতৰতেই নিৰ্বাচনী আয়ুক্তদ্বয় ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীৰ সৈতে লগ লাগি সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ব্যাপক পৰিৱৰ্তন সাধন ক...

March 8, 2025 1:53 PM March 8, 2025 1:53 PM

views 12

নকল ভোটদাতা ফটো পৰিচয় পত্ৰঃ ৩ মাহৰ ভিতৰত সমস্যা সমাধানৰ সিদ্ধান্ত নির্বাচন আয়োগৰ

নির্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ অৰ্থাৎ ই পি আই চি নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা ৩ মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। কাৰিকৰী দল আৰু সংশ্লিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাৰ অন্তত আয়োগে নকল ই পি আই চি নম্বৰ থকা ভোটদাতাসকলৰ বাবে এটা ৰাষ্ট্ৰীয় ই পি আই চি নম্বৰ সুনিশ্চিত কৰাৰ সিদ্ধান্ত লয়। এই অনন্য ই পি আই চি নম্বৰৰ জৰিয়তে এতিয়াৰে পৰা নিৰ্দিষ্ট ভোট কেন্দ্ৰত নাম উল্লেখ থকা ভোটদাতাইহে সেই ভোটকেন্দ্ৰত ভোটদান কৰিব পাৰিব।...

March 4, 2025 6:30 PM March 4, 2025 6:30 PM

views 13

নতুন দিল্লীত আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলন

নির্বাচন আয়োগে আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীখনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন পৰিচালনা প্ৰতিষ্ঠানত এই সন্মিলন অনুষ্ঠিত হ'ব। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ পাছত এয়া হৈছে এনেধৰণৰ প্ৰথমখন সন্মিলন। এই দুদিনীয়া সন্মিলনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াবোৰৰ প্ৰত্যেককে বুদ্ধিমত্তা আৰু পাৰস্পৰিক শিকন অভিজ্ঞতা বিনিময়ৰ এখন মঞ্চ দিব...

March 4, 2025 10:17 AM March 4, 2025 10:17 AM

views 17

আজিৰেপৰা দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলন

■ নির্বাচন আয়োগে আজিৰেপৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ পাছত এয়া হৈছে এনেধৰণৰ প্ৰথমখন সন্মিলন। এই দুদিনীয়া সন্মিলনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াসকলক বুদ্ধিমত্তা আৰু পাৰস্পৰিক শিকন অভিজ্ঞতা গ্ৰহণৰ সুযোগ দিব। এই সন্মিলনত IT Architecture, ফলপ্রসূ যোগাযোগ ব্যৱস্থা, সামাজিক মাধ্যম ব্যৱহাৰৰ প্ৰসাৰ বৃদ্ধিৰ লগতে আধুনিক নির্বাচন ব্যৱস্থাপ...

January 30, 2025 5:13 PM January 30, 2025 5:13 PM

views 19

কেজৰিৱালক যমুনা নৈত বিহ মিহলি বুলি কৰা অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি পুৱা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক যমুনা নৈত বিহ মিহলি কৰা বুলি অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ দিছে। যমুনা নৈৰ পানীত এমনিয়াৰ পৰিমাণ বৃদ্ধি হোৱা বিষয়টোক লৈ অৰবিন্দ কেজৰিৱালে নৈৰ পানীত বিহ ঢলা বুলি অভিযোগ কৰিছিল। এই সন্দৰ্ভত নির্বাচন আয়োগে শ্ৰীকেজৰিৱাললৈ প্ৰেৰণ কৰা পত্ৰত অতি শীঘ্ৰে ইয়াৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। আয়োগে হাৰিয়ানা চৰকাৰে নৈৰ পানীত কি ধৰণৰ বিহু ঢালিছে আৰু এই কথা প্ৰমাণসহ উত্তৰ দিবলৈ কেজৰিৱালক নিৰ্দেশ দিছে। নদীৰ কোন অংশত বিষক্রিয়া হৈছে আৰু দিল্লীৰ...

January 7, 2025 8:41 PM January 7, 2025 8:41 PM

views 10

দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি কেন্দ্রীয় শাসিত অঞ্চল দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰে। সেই অনুসৰি ১০ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। ১৭ জানুৱাৰী হ'ব মনোনয়ন দাখিলৰ অন্তিম দিন। ১৮ জানুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ২০ জানুৱাৰী হ'ব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ কৰা হ'ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব আৰু সেই...

January 1, 2025 3:57 PM January 1, 2025 3:57 PM

views 42

২০২৪-২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰাৰ বাবে ৱেবছাইট মুকলি

ৰাজ্যিক নির্বাচন আয়োগে ২০২৪-২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত ভোটদাতাসকলে নিজৰ নাম পৰীক্ষা কৰাৰ বাবে এটা ৱেবছাইট মুকলি কৰিছে। ermssec.assam.gov.in ৱেবছাইটত গৈ ভোটদাতাসকলে ভোটাৰ তালিকা ডাউনলোড কৰি অথবা ভোটাৰ কাৰ্ডৰ নম্বৰৰ জৰিয়তে নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদ, গাঁও পঞ্চায়ত অথবা খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়লৈ গৈও ভোটদাতাসকলে তালিকাত তেওঁলোকৰ নাম পৰীক্ষা কৰিব পাৰিব। বয়সৰ হিচাপত আজিৰ ভিতৰত ভোট দিয়াৰ বাবে যোগ্য বিবেচিত যুৱক-যুৱতীসকলেও এই ৱেবছাইটৰ জৰিয়তে ...

December 30, 2024 8:34 PM December 30, 2024 8:34 PM

views 13

পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছত ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা

অসমত ৰাজ্যিক নির্বাচন আয়োগে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পাছতে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে পঞ্চায়ত নির্বাচন ব্যৱস্থাপনা সমিতি, ইস্তাহাৰ সমিতি ইত্যাদি গঠন কৰি বিভিন্ন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে। মিত্রদল অগপৰ সৈতে সাংগঠনিক জিলা অনুসৰি দলটোৱে আলোচনা অব্যাহত ৰাখিছে। আম আদমী পাৰ্টীয়েও আজি এখ...