January 31, 2025 8:13 PM January 31, 2025 8:13 PM

views 14

বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সমউৎকৰ্ষ মহাশিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

শিক্ষাৰ্থীৰ সামগ্রিক বিকাশৰ মাধ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণত অগ্ৰসৰ হোৱা বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰই সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰথমবাৰৰ বাবে আয়োজন কৰা সমউৎকৰ্ষ মহাশিবিৰৰ সামৰণি অনুষ্ঠানত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ড° শৰ্মাই কয়, যে শিক্ষাৰ্থীসকলৰ শৰীৰ, মন আৰু আত্মাৰ আত্মসংযোগৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এই শিবিৰে তেওঁলোকক সাংস্কৃতিক মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি সজাগ কৰি তুলিব। শিক্ষাৰ্থীসকলক আত্ম উপলব্ধি, নাগৰিকৰ দায়বদ্ধতা, আৰু পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতন হ'...

January 29, 2025 12:41 PM January 29, 2025 12:41 PM

views 10

চলিত বছৰৰ ৩০ ছেপ্তেম্বৰৰ ভিতৰত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রীৰ ঘোষণা

চলিত বছৰৰ ৩০ ছেপ্তেম্বৰৰ ভিতৰত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি কোকৰাঝাৰত বি টি আৰ চুক্তিৰ পঞ্চম বর্ষপূর্তি উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অহা ৩০ ছেপ্তেম্বৰৰ পূৰ্বে অর্থাৎ শাৰদীয় দুর্গা পূজাৰ আগেয়ে বি টি চি নিৰ্বাচনৰ কাম-কাজসমূহ সম্পন্ন হ'ব। ২০২৬ চনত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছেপ্তেম্বৰৰ ভিতৰতেই এই নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লে...

January 27, 2025 8:10 PM January 27, 2025 8:10 PM

views 7

অহা ১ ফেব্ৰুৱাৰীত গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতাৰ তিনিদিন শীর্ষক বিশেষ কার্যসূচী

অহা ১ ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে গুৱাহাটী পৌৰ নিগমে স্বচ্ছতাৰ তিনিদিন শীর্ষক বিশেষ কার্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয়, যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৩০ জানুৱাৰীত পৌৰ নিগমৰ অন্তৰ্গত ৯ খনকৈ বজাৰ আৰু শতাধিক ৰাজহুৱা শৌচাগাৰ চাফ-চিকুণ কৰা হ'ব। একেদৰে ৩১ জানুৱাৰীত গুৱাহাটীৰ বিভিন্ন স্থানত থকা মহৎ লোকসকলৰ প্ৰতিমূৰ্তিসমূহ চাফ-চিকুণ কৰি বন্তি প্ৰজ্বলন কৰা হ'ব। পহিলা ফেব্ৰুৱা...

January 27, 2025 7:08 PM January 27, 2025 7:08 PM

views 8

জোনাই সমজিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকলে জোনাই সমজিলাৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে । ড° শৰ্মাই জোনাই ৰাজহচক্ৰত ২০৭ খন ৰাজহ গাঁও থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ ভূমি বিষয়ক কাম-কাজসমূহ ক্ষিপ্ৰতাৰে সমাপন কৰাত সহায় হোৱাকৈ এটা নতুন ৰাজহ চক্ৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিভাগটোৰ সংশ্...

January 24, 2025 2:11 PM January 24, 2025 2:11 PM

views 15

৮০ গৰাকীতকৈও অধিক উদ্যোগপতিৰ সৈতে বার্তালাপত মিলিত ড° হিমন্ত বিশ্ব শর্মা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি জাপান ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ ৮০ গৰাকীতকৈও অধিক উদ্যোগপতিৰ সৈতে বার্তালাপত মিলিত হৈ এই কথা প্রকাশ কৰে। তেওঁ লগতে অসমক দেশৰ পৰৱৰ্তী অর্থনৈতিক কেন্দ্র হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্রী শর্মাই আজি তেওঁৰ জাপান ভ্রমণৰ তৃতীয় দিনা দেশখনৰ কেইবাগৰাকীও শীর্ষ উদ্যোগপতিক সাক্ষাৎ কৰিব। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে জাপানৰ বিনিয়োগকাৰীসকলক আমন্ত্রণ জনায়।

January 9, 2025 7:00 PM January 9, 2025 7:00 PM

views 11

অজন্তা নেওগৰ উপস্থিতিত ৰাজহ সৃষ্টিকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিত্ত মন্ত্রী অজন্তা নেওগৰ উপস্থিতিত লোকসেৱা ভৱনৰ সভাকক্ষত ৰাজহ সৃষ্টিকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বন, পৰিবহণ, আবকাৰী আদি বিভাগৰ বিগত বৰ্ষৰ তুলনাত ২০২৪-২৫ বিত্তীয় বৰ্ষত হোৱা কৰ সংগ্ৰহ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সম্ভাৱ্য কৰ সংগ্ৰহৰ বুজ লোৱাৰ লগতে এই বিভাগসমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনাও প্রদান কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ লগতে চৰকাৰৰ কল্যাণকামী আঁচনি আৰু পদক্ষেপসম...

January 9, 2025 6:57 PM January 9, 2025 6:57 PM

views 14

ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ অসম চৰকাৰ

অসম চৰকাৰ অহা বছৰৰ ভিতৰত ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শীঘ্ৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ ৪,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই চাকৰিসমূহৰ বাবে আবেদন প্রক্রিয়া অহা ১৫ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব। প্ৰাৰ্থীসকলে dee.assam.gov.in যোগে আবেদন কৰিব পাৰিব ।

January 9, 2025 6:48 PM January 9, 2025 6:48 PM

views 8

ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ অসম চৰকাৰ

অসম চৰকাৰ অহা বছৰৰ ভিতৰত ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শীঘ্ৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ ৪,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই চাকৰিসমূহৰ বাবে আবেদন প্রক্রিয়া অহা ১৫ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব। প্ৰাৰ্থীসকলে dee.assam.gov.in যোগে আবেদন কৰিব পাৰিব ।

January 7, 2025 1:20 PM January 7, 2025 1:20 PM

views 17

২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফৰ মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাতত সফলতা

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফে জেহাদী, অনুপ্ৰৱেশকাৰী আৰু মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। বিগত বছৰটোত আৰক্ষীয়ে চলোৱা অভিযানত ৫৯ কিলোগ্ৰামৰো অধিক হেৰ'ইন আৰু অন্যান্য বৃহৎ পৰিমাণৰ মাদকদ্রব্য জব্দ কৰা হয়। গুৱাহাটী মহানগৰীত যোৱা বছৰটোত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত ২৬৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হয় বুলি শ্ৰী সিঙে সংবাদমেলত প্ৰকাশ কৰে।

January 7, 2025 1:08 PM January 7, 2025 1:08 PM

views 12

ৰাজ্য চৰকাৰৰ ২৫ হাজাৰ কোটি টকাৰ উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা

অসমত বিনিয়োগ কৰিবলগীয়া কোম্পানীসমূহক আর্থিক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২৫ হাজাৰ কোটি টকাৰ এটা উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ অংশ হিচাপে কালি মুম্বাইত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীয়ে এই আহ্বান জনায়। তেওঁ এই অনুষ্ঠানতে উদ্যোগপতিসকলক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকক নিজৰ উদ্যোগত অনুপ্ৰৱেশকাৰীসকলক শ্রমিক বা কৰ্মচাৰী হিচাপে নিয়োগ নকৰিবলৈ আহ...