February 28, 2025 1:34 PM

views 18

ইউনটেক ফুণ্টশ্ব’ ড° অগস্তে ভানো কৌয়ামেৰৰ সৈতে ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ইউনটেক ফুণ্টশ্ব’ আৰু বিশ্ব বেংকৰ ভাৰতৰ সঞ্চালক ড° অগস্তে ভানো কৌয়ামেৰৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শৰ্মাই ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ফুন্টশ্বেৰ সৈতে হোৱা বৈঠকত ভাৰত আৰু ভূটানৰ মাজত কৃষি, বাণিজ্য, পর্যটন, শিক্ষা আৰু শক্তি খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। বিশ্ব বেংকৰ ভাৰতৰ সঞ্চালক অগস্তে ভানো কৌয়ামেৰ সৈতে হোৱা বৈঠকত ঔদ্যোগিক উদ্যানৰ আন্তঃগাঁথনি নিৰ্মাণ, কৃষি আৰু আনুষঙ্গিক খণ্ডসমূহক অ...

February 20, 2025 12:17 PM

views 21

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকৰ পঞ্জীয়ন

সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকে পঞ্জীয়ন কৰিছে। সন্মিলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰা এই সন্মিলনৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে এই সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ'বলগীয়া ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমুইৰ বিনন্দিন...

February 19, 2025 7:54 PM

views 32

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ৭ মাৰ্চৰ ভিতৰত ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ৭ মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পাছত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল, প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিন ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

February 14, 2025 12:49 PM

views 18

১০ লাখ কোটিৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে বিনিয়োগ অনুকূল নীতিত নতুন ৰূপ প্ৰদান কৰা বুলি মুখ্যমন্ত্রীৰ প্রকাশ

অসম চৰকাৰে ১০ লাখ কোটিৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে বিনিয়োগ অনুকূল নীতিত নতুন ৰূপ প্ৰদান কৰিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। এডভান্টেজ আচাম বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াসৰ অংশহিচাপে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কালত ছিংগাপুৰত দেশখনৰ আগশাৰীৰ উদ্যোগপতিৰ সৈতে হোৱা আলোচনাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে অসমৰ সম্পদ আৰু ভৌগোলিক স্থিতিৰ সুবিধাৰে ৰাজ্যখনে দেশৰ অন্যতম বিকশিত ৰাজ্য হোৱাৰ বিশত ...

February 12, 2025 8:04 PM

views 11

ছিংগাপুৰত উপ প্রধানমন্ত্রী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ উপ প্রধানমন্ত্রী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী গেন কিম য়ঙক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে উদ্ভাৱনমুখী অর্থনীতি, ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ সহযোগিতাৰ জৰিয়তে ভাৰত- এছিয়ান কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত উপ প্রধানমন্ত্ৰীগৰাকীৰ দায়...

February 10, 2025 12:51 PM

views 26

আজিৰে পৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া ছিংগাপুৰ ভ্ৰমণ

গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্রমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ, ডিপ টেকন'লজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহৰ বিভিন্ন দিশ আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপুৰৰ...

January 31, 2025 8:13 PM

views 24

বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সমউৎকৰ্ষ মহাশিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

শিক্ষাৰ্থীৰ সামগ্রিক বিকাশৰ মাধ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণত অগ্ৰসৰ হোৱা বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰই সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰথমবাৰৰ বাবে আয়োজন কৰা সমউৎকৰ্ষ মহাশিবিৰৰ সামৰণি অনুষ্ঠানত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ড° শৰ্মাই কয়, যে শিক্ষাৰ্থীসকলৰ শৰীৰ, মন আৰু আত্মাৰ আত্মসংযোগৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এই শিবিৰে তেওঁলোকক সাংস্কৃতিক মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি সজাগ কৰি তুলিব। শিক্ষাৰ্থীসকলক আত্ম উপলব্ধি, নাগৰিকৰ দায়বদ্ধতা, আৰু পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতন হ'...

January 29, 2025 12:41 PM

views 18

চলিত বছৰৰ ৩০ ছেপ্তেম্বৰৰ ভিতৰত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রীৰ ঘোষণা

চলিত বছৰৰ ৩০ ছেপ্তেম্বৰৰ ভিতৰত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি কোকৰাঝাৰত বি টি আৰ চুক্তিৰ পঞ্চম বর্ষপূর্তি উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অহা ৩০ ছেপ্তেম্বৰৰ পূৰ্বে অর্থাৎ শাৰদীয় দুর্গা পূজাৰ আগেয়ে বি টি চি নিৰ্বাচনৰ কাম-কাজসমূহ সম্পন্ন হ'ব। ২০২৬ চনত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছেপ্তেম্বৰৰ ভিতৰতেই এই নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লে...

January 27, 2025 8:10 PM

views 19

অহা ১ ফেব্ৰুৱাৰীত গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতাৰ তিনিদিন শীর্ষক বিশেষ কার্যসূচী

অহা ১ ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে গুৱাহাটী পৌৰ নিগমে স্বচ্ছতাৰ তিনিদিন শীর্ষক বিশেষ কার্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয়, যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৩০ জানুৱাৰীত পৌৰ নিগমৰ অন্তৰ্গত ৯ খনকৈ বজাৰ আৰু শতাধিক ৰাজহুৱা শৌচাগাৰ চাফ-চিকুণ কৰা হ'ব। একেদৰে ৩১ জানুৱাৰীত গুৱাহাটীৰ বিভিন্ন স্থানত থকা মহৎ লোকসকলৰ প্ৰতিমূৰ্তিসমূহ চাফ-চিকুণ কৰি বন্তি প্ৰজ্বলন কৰা হ'ব। পহিলা ফেব্ৰুৱা...

January 27, 2025 7:08 PM

views 14

জোনাই সমজিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকলে জোনাই সমজিলাৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে । ড° শৰ্মাই জোনাই ৰাজহচক্ৰত ২০৭ খন ৰাজহ গাঁও থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ ভূমি বিষয়ক কাম-কাজসমূহ ক্ষিপ্ৰতাৰে সমাপন কৰাত সহায় হোৱাকৈ এটা নতুন ৰাজহ চক্ৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিভাগটোৰ সংশ্...