April 21, 2025 7:32 PM

views 33

ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যৰ নিৰ্বাচন হ'বলগীয়া জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত আয়োজিত নির্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দলীয় প্রার্থীক জয়ী কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনায়। নিজৰ ভাষণত ড° শৰ্মাই বিগত সময়ছোৱাত ৰাজ্য চৰকাৰৰ সফলতাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি এডভান্টেজ আছা...

April 2, 2025 11:55 AM

views 36

ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৰহাটত কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি যোৰহাটত প্ৰায় ১১১ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ৫৮১ মিটাৰ দৈৰ্ঘ্যৰ কমাৰবন্ধা আলি ৰে'লৱে উৰণ সেতু, সম্পূর্ণ স্বয়ংক্রিয় পৰীক্ষা আৰু অত্যাধুনিক সা-সঁজুলি সম্পন্ন স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ আৰু ১২০ খন আসনযুক্ত আলোচনা কক্ষ, সংবাদ সন্মিলন কক্ষ ইত্যাদি সংলগ্ন যোৰহাট সন্মিলন কেন্দ্ৰটো আজি ৰাইজলৈ উৎসৰ্গিত কৰিব। ইয়াৰে উৰণ সেতুখন ৭৮ কোটি ২৭ লাখ, যান-বাহন পৰীক্ষা কেন্দ্ৰটো ১২ কোটি ৫০...

March 21, 2025 7:52 PM

views 35

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ চৌহদত জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ডিব্ৰুগড় পৌৰসভা, চহৰ আৰু নগৰ পৰিকল্পনা বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। ড° শর্মাই নগৰখনত নিৰ্মাণ হৈ থকা মূল নলাৰ উপৰি অন্যান্য নলা-নৰ্দমাসমূহৰ নিৰ্মাণকাৰ্য শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। কৃত্রিম বানে যাতে জনসাধাৰণক বিপর্যস্ত কৰিব নোৱাৰে তাৰ বাবে...

March 20, 2025 6:10 PM

views 38

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। ডিব্ৰুগড় নগৰৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এই বৈঠকত ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি বিয়লিৰ ভাগত ডিব্ৰুগড়ত উপস্থিত হয়। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে ডিব্ৰুগড়ত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ আজিৰ এই বৈঠক বিশেষ গুৰুত্ব...

March 18, 2025 12:30 PM

views 40

সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ উত্তৰবহীত অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ উত্তৰবহীত পৰিক্ষাৰ্থীসকলক অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয়, যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখন জটিল হোৱা বুলি বৰপেটা, বৰদোৱা ভ্ৰমণ কৰাৰ সময়ত তেওঁক শিক্ষাৰ্থীসকলে ওজৰ-আপত্তি দিছিল। শিক্ষাৰ্থীসকলৰ এই অভিযোগৰ ভিত্তিত তেওঁ বিষয়টো পৰ্যালোচনা কৰিবলৈ ছেবাৰ অধ্যক্ষক পৰামৰ্শ দিয়া বুলি উল্লেখ কৰিছে...

March 17, 2025 7:35 PM

views 45

অহা মে’ত ৯ হাজাৰ স্নাতকোত্তৰ শিক্ষক পদ ফলাফল ঘোষণা

অহা মে'ত ৯ হাজাৰ স্নাতকোত্তৰ শিক্ষক পদ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূর্বে ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে অহা জুনত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত কঠিন আছিল বুলি শিক্ষার্থীসকলে কৰি অহা অভিযোগৰ পৰিপ্ৰেক্ষিতত সমাজ বিজ্ঞানত সকলোৰে বাবে অতিৰিক্ত নম্বৰৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যখনৰ বিভিন্ন...

March 17, 2025 7:31 PM

views 35

মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কার্যপ্রণালী মূল্যায়ন কৰিবলৈ মুখ্যমন্ত্রীৰ পর্যালোচনা বৈঠক

ৰাজ্যখনৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কার্যপ্রণালী মূল্যায়ন কৰিবলৈ আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন পর্যালোচনা বৈঠকত অংশ লয়। এই বৈঠকত সক্ৰিয় আৰু উৎসাহী কর্মশক্তি নিশ্চিত কৰাৰ বাবে শিক্ষকসকলৰ নিযুক্তি আৰু পাৰিশ্ৰম সম্পৰ্কত আলোচনা কৰা হয়। এই বৈঠকত শৈক্ষিক আন্তঃগাঁথনি, অনুকূল শিক্ষা পৰিবেশ সৃষ্টি, চাহ বাগিছা অঞ্চলত মানসম্পন্ন শিক্ষা প্ৰদানৰ লক্ষ্যৰে আদৰ্শ বিদ্যালয় স্থাপনকে ধৰি কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। দূৰণিবটীয়া এলেকাতসমূহত শিক্ষাৰ্থীৰ শিক্ষণ অভিজ্ঞতা বৃদ্ধিৰ বাবে বিদ্যাল...

March 17, 2025 6:48 PM

views 28

অহা ১৯ মাৰ্চত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকলক প্রথম কিস্তিৰ ধন বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু সম-জিলাৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকলক প্রথম কিস্তিৰ ধন বিতৰণ সন্দৰ্ভত আলোচনা কৰে। অহা ১৯ মাৰ্চত কামৰূপ জিলাৰ পলাশবাৰীত কেন্দ্ৰীয়ভাৱে এই যোজনাৰ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধনৰাশি অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰতিখন জিলা আৰু সম-জিলাত একে সময়তে এই অনুষ্ঠানৰ আয়োজন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আৰু সম-জিলা আয়ুক্তসকলক নির্দেশ জাৰি ...

March 6, 2025 7:44 PM

views 44

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বার্বাডোজৰ ৰাষ্ট্ৰপতিৰ ফ্রীডম অব বার্বাডোজ সন্মান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বার্বাডোজৰ ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা সন্মানীয় ফ্রীডম অব বার্বাডোজ সন্মান শ্ৰীমোদীৰ হৈ আজি ব্রিজটাউনত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই গ্ৰহণ কৰে। বার্বাডোজৰ ৰাষ্ট্ৰপতি চন্দ্ৰা মেছনে দেশখনৰ প্ৰধানমন্ত্ৰী মিয়া মটলীৰ উপস্থিতিত শ্ৰীমাৰ্ঘেৰিটাক এই সন্মান অৰ্পণ কৰে। উল্লেখযোগ্য যে কোভিড-১৯ৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ কৌশলগত নেতৃত্বৰ প্ৰতি স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে।

March 6, 2025 7:42 PM

views 41

অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল চাহৰ বাবেই নহয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেও পৰিচিত হ’ব- মুখ্যমন্ত্রী

অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল ঐতিহ্যপূৰ্ণ চাহৰ বাবেই নহয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেও পৰিচিত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আয়োজিত এটা অনুষ্ঠানত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই বছৰৰ শেষৰ ফালে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত কাম-কাজ আৰম্ভ হ'ব। মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত ১ লাখ কোটি টকা ব্যয়েৰে পথ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। এই বছৰৰ ছেপ্তেম্বৰৰ ভিতৰত গুৱ...