June 21, 2025 6:27 PM June 21, 2025 6:27 PM
19
বাক্সাৰ নিকাচিত আৰু চিৰাঙৰ কাজলগাঁৱত জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাচিত জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নৱনিৰ্মিত জিলা কাৰাগাৰ মুকলি কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয়, যে বাক্সা জিলাৰ উন্নয়নৰ বাবে অসম মালা দ্বিতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত বৰ্মাৰ পৰা তামুলপুৰ আৰু নিকাচিলৈ পথ নিৰ্মাণ কৰি থকা হৈছে। কুৱাৰা চ’কৰ পৰা অঞ্চলীলৈ এটা নতুন পকীপথকে ধৰি মুঠ দুটা পকীপথ নিৰ্মাণৰ আঁচনি লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, জয়ন্ত মল্লবৰুৱা, উৰ্খাও গৌৰা...