July 2, 2025 8:04 PM

views 25

মুখ্যমন্ত্রী বাহনলৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত ৬ জন লোকক গ্ৰেপ্তাৰ

গোলাঘাটত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত এতিয়ালৈ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে আজি এখন সংবাদ মেলযোগে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত ৰাহুল ফুকনক জেললৈ প্ৰেৰণ কৰাৰ লগতে মূল অভিযুক্ত দীপাংকৰ ডেকা, ঋষিৰাজ বাৰতিয়াল, প্ৰাণ হৰি ফুকন, পংকজ গগৈ আৰু অৰিন্দম বৰিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাক লৈ আন এক গোচৰ ৰুজু কৰা হ'ব বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে সং...

July 2, 2025 7:14 PM

views 24

অহা ৫ জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু বি টি চি নির্বাচন সম্পর্কত মুখ্যমন্ত্ৰীৰ মত বিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ৫ জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু ৫টা মণ্ডলৰ কৰ্মকৰ্তাৰ সৈতে বি টি চি নির্বাচন সম্পর্কত মত বিনিময় কৰিব। জিলা প্রশাসনে এই কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে কয়, যে মুখ্যমন্ত্রী ড° শৰ্মাই অহা ৫ জুলাইত প্ৰথমে মুছলপুৰত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পর্যালোচনা সভাত অংশ ল'ব। ইয়াৰ পাছত তেওঁ জালাহৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত আয়োজিত সভাত ৫টা মণ্ডলৰ প্ৰায় ৩ হ...

July 2, 2025 6:58 PM

views 26

ৰাজ্যত চলি থকা আন্তঃগাঁথনি প্রকল্প সন্দৰ্ভত নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে আৰু ৰাজ্যত কাম চলি থকা আন্তঃগাঁথনি প্রকল্প সন্দৰ্ভত আলোচনা কৰে। বৈঠকত ৰাজ্যৰ ধবজাবাহী আন্তঃগাঁথনি প্রকল্পসমূহৰ পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে এই প্রকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সহযোগিতা কামনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে প্ৰকল্পসমূহৰ কাম নিৰ্ধাৰিত সময়ত আৰু দক্ষতাৰে সম্পূৰ্ণ কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ...

June 27, 2025 12:42 PM

views 11

আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন

গুৱাহাটীত আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হৈছে। খনি মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু কয়লা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সহযোগত গুৱাহাটীৰ মে' ফেয়াৰ স্ত্ৰীং ভেলী ৰিজৰ্টত অনুষ্ঠিত হৈছে। এইবাৰৰ এই সন্মিলনৰ মূল উদ্দেশ্যে হ'ল বহনক্ষম আৰু বৈজ্ঞানিক খনন কাৰ্যক উৎসাহ প্রদান, সম্পদ খণ্ডত ব্যৱসায়ৰ অগ্ৰগতি সাধন আৰু সুষম আঞ্চলিক উন্নয়নৰ বাবে কেন্দ্ৰ- ৰাজ্যৰ সমন্বয়ক সুদৃঢ়কৰণৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলক শক্তিশালী কৰি তোলা। সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় কয়লা...

June 24, 2025 8:08 PM

views 22

হাহিলা, উপদ আৰু কুমৰি বিলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ

ৰাজ্য চৰকাৰে গোৱালপাৰা জিলাৰ জৈৱ বৈচিত্ৰৰ ভাণ্ডাৰ হাহিলা, উপদ আৰু কুমৰি বিলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ উপৰি পৰ্যটন ক্ষেত্ৰ হিচাপে ৰূপায়ণৰ পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শেহতীয়াকৈ দখলকাৰীক উচ্ছেদ কৰা হাহিলা বিল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে কয়। ড° শৰ্মাই গোৱালপাৰা জিলাৰ জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত এই বিলকেইখনৰ অপৰিসীম গুৰুত্বত আলোকপাত কৰে। হাহিলা বিলৰ এটা বৃহৎ এলেকা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ বাবে অলপতে অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰ...

June 21, 2025 6:30 PM

views 14

ৰাজ্যৰ সকলো সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সদৌ অসম সত্ৰ মহাসভাৰ

সদৌ অসম সত্ৰ মহাসভাই ৰাজ্যৰ সকলো সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ দৃঢ় আৰু সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এখন সংবাদ মেলত সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা নগাঁৱৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে কয়, যে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ভাষা- সংস্কৃতি সুৰক্ষাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই লোৱা ভূমিকা সঁচাকৈয়ে প্ৰশংসনীয় আৰু আদৰণীয়। তেওঁ লগতে কয়, য...

June 21, 2025 6:27 PM

views 27

বাক্সাৰ নিকাচিত আৰু চিৰাঙৰ কাজলগাঁৱত জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাচিত জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নৱনিৰ্মিত জিলা কাৰাগাৰ মুকলি কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয়, যে বাক্সা জিলাৰ উন্নয়নৰ বাবে অসম মালা দ্বিতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত বৰ্মাৰ পৰা তামুলপুৰ আৰু নিকাচিলৈ পথ নিৰ্মাণ কৰি থকা হৈছে। কুৱাৰা চ’কৰ পৰা অঞ্চলীলৈ এটা নতুন পকীপথকে ধৰি মুঠ দুটা পকীপথ নিৰ্মাণৰ আঁচনি লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, জয়ন্ত মল্লবৰুৱা, উৰ্খাও গৌৰা...

June 16, 2025 1:48 PM

views 21

লখিমপুৰত আজি কেইবাটাও প্রকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত কেইবাটাও প্রকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বেবেজীয়াৰ কমাৰ্টুপ, অঞ্চলত ২৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰিব। ১৬ বিঘাৰো অধিক ভূমি সামৰি এই ৰান্ধনিঘৰটো নিৰ্মাণ কৰা হ'ব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে কালি ডিব্ৰুগড়ত এনে এটা সমূহীয়া ৰান্ধনী ঘৰ মুকলি কৰে। ড° শৰ্মাই ৬৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীযা দ্বিতীয় পৰ্যায়ৰ উত্তৰ লখিমপুৰ নগৰৰ ...

June 10, 2025 12:46 PM

views 19

মুখ্যমন্ত্ৰীৰ সৈতে ভূটানৰ গেলেফু মাইণ্ড ফুলনেছ চিটীৰ প্ৰতিনিধি দলটোৰ বৈঠক

অসম আৰু মেঘালয়ত ছদিনীয়া ভ্ৰমণসূচীৰে অহা ভূটানৰ গেলেফু মাইণ্ড ফুলনেছ চিটীৰ প্ৰতিনিধি দলটোৱে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ মুখ্য সচিব আৰক্ষী সঞ্চালকপ্ৰধান আৰু অন্য শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত দেশখনৰ সৈতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি, প্রযুক্তি, আধ্যাত্মিকতা আৰু ধৰ্মীয় যোগাযোগ স্থাপন সন্দৰ্ভত আলোচনা কৰা হ'ব। ৭ জুনত গুৱাহাটীত উপস্থিত হোৱা দলটোৱে এই ভ্ৰমণৰ প্ৰথমদিনা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে আই আই টি গুৱা...

June 10, 2025 12:35 PM

views 29

খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। অহা ১০০ বছৰলৈ জনজাতীয় লোকৰ ভূমি উচ্ছেদৰ বাবেও চৰকাৰে পৰিকল্পনা কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনজাতীয় লোকসকলে বাস কৰা চাহ বাগিচা অঞ্চলত চেটেলাইট টাউনশ্বিপ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰা বিষয়টো উত্থাপন কৰাত মুখ্যমন্ত্ৰীয়ে কয়, যে টাউনশ্বিপ গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাটো ভুল তথ্যৰ ওপৰত ভিত্তি ক...