July 14, 2025 6:50 PM July 14, 2025 6:50 PM

views 20

দিছপুৰৰ লোকসেৱা ভৱনত স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন বৈঠকত অংশ লৈ ছেপ্তেম্বৰত হ’বলগীয়া স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক এই শিবিৰৰ বাবে সকলো কাম নিয়াৰিকৈ কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ১৮ বছৰ অনূর্ধ ল'ৰা-ছোৱালীৰ বাবে ৰাজ্যজুৰি ছেপ্তেম্বৰত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। এই শিবিৰত হৃদৰোগ, স্নায়ুৰোগ, জেনেটিক ৰোগ, যকৃৎ তথা বৃক্ক ৰোগ, চকু, কাণৰ ৰোগকে ধৰি ৫০ বিধ ৰোগ চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা লোৱা হ'ব।

July 12, 2025 7:00 PM July 12, 2025 7:00 PM

views 16

গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ ল’বলৈ কাইলৈ জিলাখনলৈ ৰাওনা মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ ল'বলৈ কাইলৈ জিলাখনলৈ ৰাওনা হ'ব। মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে আজি সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে চেৱাগুৰি ফিল্ডত হেলিপেডৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লয়। নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ ৫ খন ৰাজহ চক্ৰ আজি ৮ দিন ধৰি বানৰ কবলত আছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ ৩৩ টা সাহায্য শিবিৰ স্থাপন কৰি জিলা ...

July 12, 2025 6:14 PM July 12, 2025 6:14 PM

views 15

সোণাপুৰত দেশৰ প্ৰথমখন জল প্রযুক্তি উদ্যান মুকলি

ৰাজ্যত ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত মাছৰ উৎপাদন দুগুণলৈ বৃদ্ধি পাই ৪ লাখ ৯৯ হাজাৰ মেট্রিক টন হৈছে আৰু ৰাজ্যখনৰ সম্প্ৰতি দেশৰ চতুৰ্থ সর্ববৃহৎ মৎস্য উৎপাদনকাৰী হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ বগীবাৰীত আগশাৰী স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীৰ সহযোগিতাত দেশৰ প্ৰথমখন জল প্রযুক্তি উদ্যান বা একুৱাটেক পার্ক মুকলি কৰি এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে অসমে সকলো ক্ষেত্ৰত দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সমৰ্থ হ'ব। ড° শৰ্মাই কয় যে একুৱাটেক পার্কখনে ৰাজ্যত ...

July 3, 2025 7:57 PM July 3, 2025 7:57 PM

views 11

ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত এখন সমীক্ষা বৈঠকত মুখ্যমন্ত্রীৰ অংশগ্রহণ

পাঁচদিনীয়া বি টি চি ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আজি ওদালগুৰিত উপস্থিত হয়। ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বিভিন্ন কল্যাণকামী আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাৰ উপৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক গোবিন্দ বসুমতাৰী, চৰণ বড়ো আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্রী ডাঃ শৰ্মাই বৈঠকত আঁচনিসমূহৰ সুফল বি টি আৰৰ সৰ্বস্তৰৰ...

July 2, 2025 8:04 PM July 2, 2025 8:04 PM

views 14

মুখ্যমন্ত্রী বাহনলৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত ৬ জন লোকক গ্ৰেপ্তাৰ

গোলাঘাটত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত এতিয়ালৈ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে আজি এখন সংবাদ মেলযোগে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত ৰাহুল ফুকনক জেললৈ প্ৰেৰণ কৰাৰ লগতে মূল অভিযুক্ত দীপাংকৰ ডেকা, ঋষিৰাজ বাৰতিয়াল, প্ৰাণ হৰি ফুকন, পংকজ গগৈ আৰু অৰিন্দম বৰিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাক লৈ আন এক গোচৰ ৰুজু কৰা হ'ব বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে সং...

July 2, 2025 7:14 PM July 2, 2025 7:14 PM

views 12

অহা ৫ জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু বি টি চি নির্বাচন সম্পর্কত মুখ্যমন্ত্ৰীৰ মত বিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ৫ জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু ৫টা মণ্ডলৰ কৰ্মকৰ্তাৰ সৈতে বি টি চি নির্বাচন সম্পর্কত মত বিনিময় কৰিব। জিলা প্রশাসনে এই কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে কয়, যে মুখ্যমন্ত্রী ড° শৰ্মাই অহা ৫ জুলাইত প্ৰথমে মুছলপুৰত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পর্যালোচনা সভাত অংশ ল'ব। ইয়াৰ পাছত তেওঁ জালাহৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত আয়োজিত সভাত ৫টা মণ্ডলৰ প্ৰায় ৩ হ...

July 2, 2025 6:58 PM July 2, 2025 6:58 PM

views 12

ৰাজ্যত চলি থকা আন্তঃগাঁথনি প্রকল্প সন্দৰ্ভত নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে আৰু ৰাজ্যত কাম চলি থকা আন্তঃগাঁথনি প্রকল্প সন্দৰ্ভত আলোচনা কৰে। বৈঠকত ৰাজ্যৰ ধবজাবাহী আন্তঃগাঁথনি প্রকল্পসমূহৰ পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে এই প্রকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সহযোগিতা কামনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে প্ৰকল্পসমূহৰ কাম নিৰ্ধাৰিত সময়ত আৰু দক্ষতাৰে সম্পূৰ্ণ কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ...

June 27, 2025 12:42 PM June 27, 2025 12:42 PM

views 8

আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন

গুৱাহাটীত আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হৈছে। খনি মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু কয়লা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সহযোগত গুৱাহাটীৰ মে' ফেয়াৰ স্ত্ৰীং ভেলী ৰিজৰ্টত অনুষ্ঠিত হৈছে। এইবাৰৰ এই সন্মিলনৰ মূল উদ্দেশ্যে হ'ল বহনক্ষম আৰু বৈজ্ঞানিক খনন কাৰ্যক উৎসাহ প্রদান, সম্পদ খণ্ডত ব্যৱসায়ৰ অগ্ৰগতি সাধন আৰু সুষম আঞ্চলিক উন্নয়নৰ বাবে কেন্দ্ৰ- ৰাজ্যৰ সমন্বয়ক সুদৃঢ়কৰণৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলক শক্তিশালী কৰি তোলা। সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় কয়লা...

June 24, 2025 8:08 PM June 24, 2025 8:08 PM

views 12

হাহিলা, উপদ আৰু কুমৰি বিলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ

ৰাজ্য চৰকাৰে গোৱালপাৰা জিলাৰ জৈৱ বৈচিত্ৰৰ ভাণ্ডাৰ হাহিলা, উপদ আৰু কুমৰি বিলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ উপৰি পৰ্যটন ক্ষেত্ৰ হিচাপে ৰূপায়ণৰ পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শেহতীয়াকৈ দখলকাৰীক উচ্ছেদ কৰা হাহিলা বিল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে কয়। ড° শৰ্মাই গোৱালপাৰা জিলাৰ জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত এই বিলকেইখনৰ অপৰিসীম গুৰুত্বত আলোকপাত কৰে। হাহিলা বিলৰ এটা বৃহৎ এলেকা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ বাবে অলপতে অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰ...

June 21, 2025 6:30 PM June 21, 2025 6:30 PM

views 10

ৰাজ্যৰ সকলো সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সদৌ অসম সত্ৰ মহাসভাৰ

সদৌ অসম সত্ৰ মহাসভাই ৰাজ্যৰ সকলো সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ দৃঢ় আৰু সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এখন সংবাদ মেলত সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা নগাঁৱৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে কয়, যে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ভাষা- সংস্কৃতি সুৰক্ষাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই লোৱা ভূমিকা সঁচাকৈয়ে প্ৰশংসনীয় আৰু আদৰণীয়। তেওঁ লগতে কয়, য...