August 14, 2025 7:21 PM

views 36

নলবাৰীত ৫৭৬ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এখন সেতুৱে কেৱল চৰকাৰৰ উন্নয়নমুখী পদক্ষেপকে প্রতিনিধিত্ব নকৰে বৰং মানুহৰ মাজৰ দুৰত্ব নোহোৱা কৰি ঐক্যবদ্ধ সমাজ নির্মাণতো বিশেষ ভূমিকা গ্ৰহণ কৰে। নলবাৰী জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে ৫৭৬ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁ কয় যে ৰাজ্যখনে অর্থনৈতিকভাৱে বিকাশৰ গতিৰে উজলি উঠিছে। যোৱা ৫ বছৰত হোৱা উন্নয়নে সমাজৰ সকলো শ্ৰেণীৰ লোকক সামৰি লৈছে বুলি মুখ্যমন্ত্ৰীযে উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যৰ প্ৰতি...

August 9, 2025 12:22 PM

views 26

নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰৰ বিভিন্ন পৰিকল্পনা গ্ৰহণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে গৃহমন্ত্ৰীগৰাকীয়ে অহা ২৯ আগষ্টত গুৱাহাটীত নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব। শ্ৰী শ্বাহে এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশ লব। গৃহমন্ত্ৰীগৰাকীয়ে সেইদিনাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে আয়োজন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ অনুষ্ঠ...

August 7, 2025 12:58 PM

views 18

উত্তৰ-পূৰ্বাঞ্চলত পৰিবহণ ব্যয়, আন্তঃগাঁথনি আৰু যোগাযোগ সম্পৰ্কীয় প্ৰথমখন বৈঠক অনুষ্ঠিত

উত্তৰ-পূৰ্বাঞ্চলত পৰিবহণ ব্যয়, আন্তঃগাঁথনি আৰু যোগাযোগ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কৰ্মবাহিনীৰ প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীত অনুষ্ঠিত হয়। কৰ্মবাহিনীৰ সদস্য, উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি আৰু ৰাজ্যখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী অধ্যাপক লালনীলাৱমাইও এই বৈঠকত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। তদুপৰি ছিকিমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী...

August 4, 2025 12:37 PM

views 22

বিটিচিত কোচ, কলিতা, ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

বিটিচিত জনজাতি, কোচ, কলিতা, ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ঘোষণা কৰিছে। তামুলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ চলাই কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপিয়ে এইবাৰ বিটিআৰ চৰকাৰ গঠন কৰি এখন নতুন বিটিআৰ গঢ় দিব। সকলো জাতি-জনগোষ্ঠীৰ সমিলমিলেৰে এখন সুস্থ বিটিআৰ গঠন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। আনহাতে ড° শৰ্মাই দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক...

August 1, 2025 11:22 AM

views 23

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে উৰিয়ামঘাট অঞ্চলত চলোৱা উচ্ছেদ অভিযানত ১০ হাজাৰৰো অধিক ভূমি দখলমুক্ত কৰা হৈছে। পূৰ্বতে ১ লাখ ২৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই লগতে উৰিয়ামঘাটত চলোৱা উচ্ছেদ অভিযানত সহযোগিতা কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ'ক ধন্যবাদ জ্ঞাপন কৰে। গু গুৱাহাটীৰ বনাঞ্চল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰ...

July 15, 2025 12:37 PM

views 33

ৰাজ্যত ক্রীড়াৰ পৰিৱেশ উন্নীত কৰাৰ বাবে আজি তৃতীয়টো উচ্চ মান সম্পন্ন ক্রীড়া প্ৰকল্পৰ উদ্বোধন

ৰাজ্যত ক্রীড়াৰ পৰিৱেশ উন্নীত কৰাৰ বাবে আজি বিয়লি চাৰে ৪ বজাত তৃতীয়টো উচ্চ মান সম্পন্ন ক্রীড়া প্ৰকল্পৰ উদ্বোধন কৰা হ'ব। কোকৰাঝাৰত ক্ৰীড়া প্রশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। তদুপৰি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগ, অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় ৰিফাইনেৰী লিমিটেড আদিৰ সহযোগত স্থাপন কৰা কেন্দ্ৰটোত উন্নত ক্ৰীড়া প্রযুক্তি, তৃণমূল পৰ্যায়ৰ এথলেটৰ বিভিন্ন সা-সুবিধা, তেওঁলোকৰ যোগ্যতা নিৰূপণ আদি ব্যৱস...

July 14, 2025 6:50 PM

views 32

দিছপুৰৰ লোকসেৱা ভৱনত স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন বৈঠকত অংশ লৈ ছেপ্তেম্বৰত হ’বলগীয়া স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক এই শিবিৰৰ বাবে সকলো কাম নিয়াৰিকৈ কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ১৮ বছৰ অনূর্ধ ল'ৰা-ছোৱালীৰ বাবে ৰাজ্যজুৰি ছেপ্তেম্বৰত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। এই শিবিৰত হৃদৰোগ, স্নায়ুৰোগ, জেনেটিক ৰোগ, যকৃৎ তথা বৃক্ক ৰোগ, চকু, কাণৰ ৰোগকে ধৰি ৫০ বিধ ৰোগ চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা লোৱা হ'ব।

July 12, 2025 7:00 PM

views 30

গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ ল’বলৈ কাইলৈ জিলাখনলৈ ৰাওনা মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ ল'বলৈ কাইলৈ জিলাখনলৈ ৰাওনা হ'ব। মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে আজি সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে চেৱাগুৰি ফিল্ডত হেলিপেডৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লয়। নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ ৫ খন ৰাজহ চক্ৰ আজি ৮ দিন ধৰি বানৰ কবলত আছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ ৩৩ টা সাহায্য শিবিৰ স্থাপন কৰি জিলা ...

July 12, 2025 6:14 PM

views 26

সোণাপুৰত দেশৰ প্ৰথমখন জল প্রযুক্তি উদ্যান মুকলি

ৰাজ্যত ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত মাছৰ উৎপাদন দুগুণলৈ বৃদ্ধি পাই ৪ লাখ ৯৯ হাজাৰ মেট্রিক টন হৈছে আৰু ৰাজ্যখনৰ সম্প্ৰতি দেশৰ চতুৰ্থ সর্ববৃহৎ মৎস্য উৎপাদনকাৰী হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ বগীবাৰীত আগশাৰী স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীৰ সহযোগিতাত দেশৰ প্ৰথমখন জল প্রযুক্তি উদ্যান বা একুৱাটেক পার্ক মুকলি কৰি এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে অসমে সকলো ক্ষেত্ৰত দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সমৰ্থ হ'ব। ড° শৰ্মাই কয় যে একুৱাটেক পার্কখনে ৰাজ্যত ...

July 3, 2025 7:57 PM

views 19

ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত এখন সমীক্ষা বৈঠকত মুখ্যমন্ত্রীৰ অংশগ্রহণ

পাঁচদিনীয়া বি টি চি ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আজি ওদালগুৰিত উপস্থিত হয়। ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বিভিন্ন কল্যাণকামী আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাৰ উপৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক গোবিন্দ বসুমতাৰী, চৰণ বড়ো আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্রী ডাঃ শৰ্মাই বৈঠকত আঁচনিসমূহৰ সুফল বি টি আৰৰ সৰ্বস্তৰৰ...