March 7, 2025 9:11 PM

views 28

মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কালাপাহাৰৰ ৰাধা গোবিন্দ বৰুৱা পথ, ড° ভূপেন হাজৰিকা পথ আৰু মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন কৰে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত ১৫ কোটি টকা ব্যয়সাপেক্ষ এই প্রকল্পকেইটা নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়াম, কালাপাহাৰ, ফটাশিল, কলনী বজাৰৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বিকল্প পথেৰে যাতায়াত কৰা যানবাহন আৰু যাত্ৰীৰ সুবিধা হ'ব। তদুপৰি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত ক্রিকেট খেলৰ ...

March 7, 2025 8:30 PM

views 34

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈ সন্মানীয় গোপাল আতা বঁটা বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰৰ

বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈ সন্মানীয় গোপাল আতা বঁটা আগবঢ়াইছে। আজি এখন সংবাদমেলযোগে এই কথা সদৰি কৰি সত্ৰ পৰিচালনা সমিতিয়ে কয়, যে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা গুৰুত্বৰ বাবেই তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও সমিতিয়ে প্ৰকাশ কৰে। সমাগত দৌল উৎসৱৰ সময়ছোৱাত অহা ১৪ বা ১৫ মাৰ্চত মুখ্যমন্ত্ৰী ড° শৰ্মাই সত্ৰলৈ আহি নিজ হাতে এই বঁটা গ্ৰহণ কৰিব বুলি সত্ৰ পৰিচালনা সমিতিয়ে জানিবলৈ ...

March 6, 2025 11:15 AM

views 31

মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে বহুকেইখন উদ্ভাৱনীমূলক আঁচনি গ্ৰহণ কৰিছেঃ মুখ্যমন্ত্ৰী

■ ৰাজ্যৰ মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে বহুকেইখন উদ্ভাৱনীমূলক আঁচনি গ্ৰহণ কৰিছে। মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত অসম, দেশৰ বাবে অন্যতম পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হৈছে আৰু চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ ভিতৰত কমেও ২৫ লাখ মহিলাক আর্থিক সাহায্য প্রদান কৰা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰি কয়, যে তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ২৫ লাখৰো অধিক ক্ষুদ্র মহিলা উদ্যোগীক অর্থনৈতি...

March 4, 2025 9:59 AM

views 17

গুৱাহাটীৰ চাৰিওফালে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ পোষকতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

● মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নিশা চলিত বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন বৈঠকৰ আয়োজন কৰে। এই বৈঠকত গুৱাহাটীৰ চাৰিওফালে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বিষয়তো আলোচনা কৰা হয়। তদুপৰি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে।

March 4, 2025 9:54 AM

views 26

যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে: মুখ্যমন্ত্রী

যোৰহাটৰ পৰা মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে আৰু এই দলংখনৰ বাবে এতিয়ালৈ প্ৰায় ২৮০ কোটি ৬৬ লাখ টকা ব্যয় কৰা হৈছে। লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত বিধায়ক ভৰত চন্দ্ৰ নৰহৰ এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই দলং নির্মাণ প্রকল্পৰ বাবে ৯২৫ কোটি ৪৭ লাখ টকা ব্যয়ৰ অনুমোদন জনোৱা হৈছিল যদিও এতিয়া এই ব্যয়ৰ প্ৰস্তাৱিত পৰিমাণ সংশোধিত কৰি ১,২৭৯ কোটি ৮৮ লাখ টকালৈ বৃদ্ধিৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্ত...

March 4, 2025 9:43 AM

views 25

ৰাজ্যত ক্ৰমাৎ‍ অপৰাধমূলক ঘটনা হ্ৰাস পাইছে: মুখ্যমন্ত্রী

ৰাজ্যত ক্ৰমাৎ‍ হত্যা, ধর্ষণকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। গৃহ বিভাগৰ দায়িত্বত থকা ড° শৰ্মাই আইন-শৃংখলা সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত বিগত কেইবাটাও বছৰৰ অপৰাধমূলক ঘটনাৰ তথ্য দাঙি ধৰি গুৱাহাটী মহানগৰীত সংঘটিত ধৰ্ষণৰ ঘটনাসমূহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষীৰ টহল বৃদ্ধি কৰিছে বুলি সদৰি কৰিছে। তদুপৰি বিভিন্ন হোটেল, বাৰ আদিত চকু ৰখাৰ উপৰি এনে ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ ব্যৱস্থা কৰি দোষীৰ ওপৰত আইন সংগত ব্যৱস্থা লোৱা হৈছে ব...

March 1, 2025 2:23 AM

views 23

৫ হাজাৰ আসনবিশিষ্ট সন্মিলনকেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাত নির্মীয়মান ৫ হাজাৰ আসনবিশিষ্ট সন্মিলনকেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। সন্মিলন কেন্দ্ৰটোত বাগিছা, প্রেক্ষাগৃহ, প্রদর্শনী স্থান, ৰেষ্টুৰেণ্ট, কাৰ্যালয় কক্ষ, জিৰণি কক্ষ, অতিথিশালা, অভ্যার্থনা কক্ষ, ব্যায়ামাগাৰ, ব্যৱসায়ীক কেন্দ্ৰ, বহুমুখী ভৱন, ৰাজ্যিক অতিথিশালা কক্ষ, সংবাদ মাধ্যম কক্ষ আদি বিভিন্ন সুবিধা থাকিব। মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়ত যথোচিতভাৱে সন্মিলন কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক যাৱত...

February 20, 2025 6:12 PM

views 30

কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনে সমাগত ৫০ বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছেঃ মুখ্যমন্ত্রী

অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই আলোচনাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে কোকৰাঝাৰত অনুষ্ঠিত অধিবেশনে অখণ্ডিত অসমৰ বার্তা দিছে। লগতে তেওঁ কয়, যে কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনে সমাগত ৫০ বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামৰ প্ৰসংগ...

February 17, 2025 6:51 PM

views 22

বিধানসভাত অসম লোকসেৱা আয়োগৰ ২০১৩-২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদন দাখিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদন দাখিল কৰে। প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত আয়োজন কৰা অসম বিধানসভা অধিৱেশনে বড়ো জনগোষ্ঠী আৰু বিটিআৰ এলেকাত বসবাস কৰা জনসাধাৰণৰ প্ৰতি থকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে সূচাইছে বুলি মুখ্যমন্ত্রী শর্মাই মত-ব্যক্ত কৰে। তেওঁ কয়, যে এই অধিৱেশনে জনমুখী সেৱাৰ প্ৰতি ৰাজ্য চৰকাৰৰ গুৰুত্ব প্ৰদানৰ দিশটোক পুনৰবাৰ প্ৰ...

February 14, 2025 7:31 PM

views 118

ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ বুলি প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ ভিত্তিক কাৰ্যসূচীৰ অংশ হিচাপে ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ আছিল বুলি উল্লেখ কৰিছে। এই শীৰ্ষ সন্মিলনৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰৰ কোম্পানীসমূহৰ অসমৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ জড়িয়তে নিয়োগ আৰু সুযোগ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰ ভ্ৰমণ সামৰি আজি গুৱাহাটীত উপস্থিত হয়।