January 28, 2025 7:01 PM

views 33

বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অসমত বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে তেওঁ হৰিণাগুৰিত নতুনকৈ নিৰ্মাণ কৰা বি টি চি ৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ আবাসিক চৌহদো মুকলি কৰে। তদুপৰি মুখ্যমন্ত্ৰীয়ে আজি কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ আধাৰশিলাও স্থাপন কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাই কোকৰাঝাৰত আয়োজন কৰা বাথৌ পূজাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযো...

January 27, 2025 8:55 AM

views 41

৪ খন উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি বিয়লি ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত আয়োজিত কার্যসূচীত ৪ খন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই ১৫৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া আমোলাপট্টী চাৰিআলি উৰণ সেতু, ৮৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া মানকটা পথ উৰুণ সেতু, ৭২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া লাহোৱাল-বৰডুবি-তিনিচুকীয়া পথ আৰু ৩৭ নম্বৰ পুৰণি ঘাইপথৰ সংযোগস্থল উৰণ সেতু, ৬২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া লেজাই কলাখোৱা পথ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰি ...

January 24, 2025 6:56 PM

views 3

জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপমন্ত্রী আকিকু ইকুইনা তথা কেইবাগৰাকীও উদ্যোগপতিক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ জাপান ভ্ৰমণৰ তৃতীয় দিনা দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপমন্ত্রী আকিকু ইকুইনাকে ধৰি কেইবাগৰাকীও শীৰ্ষ উদ্যোগপতিক সাক্ষাৎ কৰে। ড০ শৰ্মাই সংসদীয় উপমন্ত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকালত ভাৰত তথা অসমৰ যুৱ আৰু দক্ষ কৰ্ম শক্তিক জাপানত কাম কৰাৰ সুযোগ প্রদান সন্দৰ্ভত মত বিনিময় কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে দেশখনৰ এটা আগশাৰীৰ বিত্তিয় প্রতিষ্ঠান, মিঝুহু ছিকিউৰিটিজ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত অসম...

January 22, 2025 6:27 PM

views 37

জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিস্তৃত প্ৰসাৰ আৰু এই পদক্ষেপত বহিঃৰাষ্ট্ৰৰ পৰা সহযোগিতা লাভৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জাপানী প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱসায়িক উদ্যান স্থাপনৰ বাবে অসমৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই জাপান চৰকাৰৰ কাৰিকৰী শিক্ষানবীছ প্রশিক্ষণ আৰু নিৰ্দিষ্ট দক্ষতা কর্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰো...

January 16, 2025 11:02 AM

views 35

পুৱা ১০.৩০ বজাৰ পৰা মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

● মৰিগাঁৱত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত পুৱা ১০.৩০ বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত মৰিগাঁও জিলাৰ সামগ্রিক উন্নয়নৰ বাবে ভালেমান আঁচনি আৰু প্ৰকল্প গ্ৰহণ কৰা হ'ব। জিলাখনৰ ১০০ বছৰীয়া বিদ্যালয়, প্রাদেশিকৃত মহাবিদ্যালয় আৰু কেইবাখনো সত্ৰলৈ আজি বিত্তীয় অনুদান আগবঢ়োৱাৰো সম্ভাৱনা আছে। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত মন্ত্ৰীসভাৰ সদস্যসকলে জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব।

January 16, 2025 10:53 AM

views 32

ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৮ লৈ বৃদ্ধি পাবঃ মুখ্যমন্ত্ৰী

ৰাজ্যত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ উন্নয়ন সম্পৰ্কে বহুদিনৰ পৰা চিন্তা-চৰ্চা অব্যাহত আছে। ৰাজ্য চৰকাৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ নতুন ভৱন, নতুন আন্তঃগাঁথনি, স্মার্ট ক্লাছ আদিৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সুসজ্জিত কৰাৰ প্ৰয়াস কৰিছে। এনে প্ৰয়াসৰ প্ৰথম ফল বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে। কামৰূপ জিলাৰ বেজেৰা আদৰ্শ বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বৰ্ষত এনে আৰু ৪৯৯খন বিদ্যালয় মুকলি কৰ...

January 13, 2025 4:33 PM

views 51

আজি ভোগালী বিহুৰ উৰুকা

অসমত আজি ভোগালী বিহুৰ উৰুকাৰে দুদিনীয়া মাঘবিহু উদযাপন আৰম্ভ হৈছে। মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি চলিছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্রিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল, জলাশয়সমূহত আজি পুৱাৰ ভাগত ওচৰৰ গাঁওবাসীক ২ ঘণ্টাৰ বাবে মাছ ধৰিবলৈ উদ্যান কর্তৃ...

January 3, 2025 8:13 PM

views 21

ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ দুধনৈৰ উদয়পুৰত ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন কৰে। ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনিক প্রয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে পৰিষদৰ এটা সংগ্ৰহালয় আৰু ৰাভা ৰজা বীৰ পৰশুৰামৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। জনজাতীয় সমাজৰ উন্নয়নৰ বাবে উৎসৰ্গিত ৰাজ্য চৰকাৰে এই কাৰ্যসূচীসমূহৰ জৰিয়তে ৰাভা সমাজৰ ঐতিহ্য আৰু পৰিচয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি...

January 1, 2025 3:48 PM

views 32

গুৱাহাটী মহানগৰীত আৰক্ষী আৰু পৰিবহণ বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

পথ দুর্ঘটনা হ্রাস কৰাৰ লক্ষ্যৰে বছৰটোৰ শেষ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আৰক্ষী আৰু পৰিবহণ বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ত পৰিবহণ মন্ত্রী যোগেন মহন আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাস উপস্থিত থাকে। মহানগৰীৰ জি এছ ৰোডৰ এ বি চি পইণ্টৰ লগতে আৰ জি বৰুৱা পথ, চানমাৰি, শিলপুখুৰী আদি বিভিন্ন স্থানত পৰিবহণ মন্ত্ৰীগৰাকী উপস্থিত থাকি অভিযান পর্যবেক্ষণ কৰে। যিসকল চালকে সুৰাপান নকৰাকৈ গাড়ী চলাইছিল তেওঁলোকক পৰিবহণ বিভাগৰ তৰফৰ পৰা এপাহ গোলাপ ফুল আৰু চকলেট দি অভিনন্...