March 30, 2025 3:35 PM

views 28

ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

◆ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অন্যতম প্রধান নগৰ-ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত ডিব্ৰুগড়ৰ নাগৰিকসকলৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণীৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈৰ সহযোগত অনুষ্ঠানটো প্ৰযোজনা আৰু উপস্থাপন কৰিব ৰাজীৱ লোচন বৰঠাকুৰে।

March 30, 2025 2:13 PM

views 49

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে’লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে'লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিব। উৰণ সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট মিছন হাস্পতালৰ সমীপত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা। সেই উদ্দেশ্য কালি যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে সেতুখন পৰিদৰ্শন কৰি অন্তিম পৰ্যায়ৰ কামকাজ সন্দৰ্ভত বুজ লোৱাৰ লগতে সভাস্থলী পৰিদৰ্শন কৰে।

March 30, 2025 1:40 PM

views 22

বঢ়মপুৰ সমষ্টিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঢ়মপুৰ সমষ্টিত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব৷ কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত দিনৰ ২ বজাত আয়োজিত ৰাজহুৱা সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্রী পীযূষ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাত তাছা আৰু বিধায়ক জিতু গোস্বামীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কপিলী নৈৰ ওপৰৰ পুৰণি দলঙত ৱাকিং জ'ন আৰু কামপুৰ ৰে'লৱে উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰিব। ইয়াৰ পাছত তেওঁ কামপুৰ, চামগুৰি, কচুৱা, খাটোৱাল আৰু যমুনামুখ আৰক্ষী চ...

March 20, 2025 11:02 AM

views 27

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব: মুখ্যমন্ত্ৰী

■ ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে অহা ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। হিতাধিকাৰীসকলে বজাৰৰ দৰতকৈ দাইল আৰু চেনি কম মূল্যত লাভ কৰাৰ লগতে নিমখ ১০ টকা কম দামত ক্ৰয় কৰিব পাৰিব। তেওঁ লগতে কয়, যে ৰেচন কাৰ্ড থকা পাঁচজনীয়া পৰিয়ালে এই সামগ্ৰী লাভ কৰিব আৰু পাঁচজনতকৈ অধিক সদস্য থাকিলে এই সামগ্রী ২ কিলোগ্ৰামকৈ লাভ কৰিব। মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ যোগ্য মহিলাসকলক অহা ১ এপ্ৰিলৰ পৰা ১০ হাজাৰ টকাকৈ ...

March 19, 2025 6:56 PM

views 27

এপ্ৰিলৰ পৰা ছেপ্তেম্বৰৰ ভিতৰত আৰু ৩ লাখ হিতাধিকাৰীলৈ আবাস গৃহ প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্রী

ৰাজ্যত প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত ঘৰ বিতৰণৰ ক্ষেত্ৰত পূৰ্বতে উত্থাপিত দুৰ্নীতিৰ অভিযোগ নোহোৱা কৰি বৰ্তমান চৰকাৰে নোপোৱা মানুহখিনিৰো ঘৰৰ তালিকা সুন্দৰ ব্যৱস্থাৰে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ কেন্দ্ৰীয়ভাৱে প্ৰদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এনে ব্যৱস্থাৰ অংশ হিচাপে ঘৰ নোপোৱা লোকৰ জৰীপ চলোৱ...

March 19, 2025 6:12 PM

views 41

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩,৮৮,৩৫৮ হিতাধিকাৰীক গৃহ অনুমোদন পত্র প্ৰদান মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্র কেন্দ্রীয়ভাৱে প্ৰদান কৰে। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া, অসম চৰকাৰৰ মুখ্য সচিব ড° জে বি এক্কা, কামৰূপ জিলা আয়ুক্ত দেৱেন্দ্ৰ কুমাৰ মিশ্ৰৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিধানসভা সমষ্টি অনুসৰি গৃহ অনুমোদন পত্...

March 14, 2025 11:12 AM

views 30

বৰপেটাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

বৰপেটা জিলাৰ বৈষ্ণৱ ঐতিহ্যৰ সংৰক্ষণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে আজি এই উপলক্ষে বৰপেটাৰ শ্ৰীশ্ৰীপাটবাউসী সত্ৰত আয়োজিত এটা কাৰ্যসূচীত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে ৫০ লাখ টকা ব্যয় সাপেক্ষে পাটবাউসী সত্ৰৰ শ্ৰীশ্ৰীশংকৰদেৱ থানত নিৰ্মাণ কৰা সংগ্ৰহালয়টো মুকলি কৰিব। তেওঁ লগতে সত্ৰখনৰ দেৱ দামোদৰ গুৰুৰ আদিধাম, চূণপোৰা ভিঠি থান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বৰপেটাত পৰ্যটন আৰু তীৰ্থ ভ্ৰমণৰ সুবিধাৰ বিকাশৰ উপৰি সবল আন্তঃগ...

March 14, 2025 10:55 AM

views 519

১ এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ২৭ লাখ মহিলাক আঁচনিৰ চেক বিতৰণ

■ ৰাজ্যত অহা ১ এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ জৰিয়তে ২৭ লাখ মহিলাক আঁচনিৰ চেক বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই জনতা ভৱনত আয়োজিত এখন সংবাদমেলত এই কথা প্রকাশ কৰি কয়, যে বিহালীত ২৩ হাজাৰ মহিলাক চেক বিতৰণেৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। ৰাজ্য চৰকাৰৰ এই ধ্বজাবাহী আঁচনিখন দেশৰ ভিতৰতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এখন বৃহৎ আঁচনি বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্য হিচাপে থকা ৩৬ লাখ মহিলাৰ ভিতৰত প্ৰায় ২৭ লাখ মহিলা এই আঁচনিৰ যোগ্য বিবেচিত ...

March 11, 2025 8:08 PM

views 42

ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছেঃ মুখ্যমন্ত্ৰী

অসম বিধানসভাত আজি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছে। ২০১৫-১৬ বৰ্ষত এই ব্যয় ২ হাজাৰ ৯৫১ কোটি আছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ২৪ হাজাৰ ৯৬৪ কোটি টকালৈ বৃদ্ধি হৈছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যখন মূলধনী ব্যয়ৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতম ৰাজ্য হ'বলৈ সাজু হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ দেশৰ বৰ্তমান সামগ্ৰিক বিকাশৰ হাৰ ৯ শতা...

March 7, 2025 9:14 PM

views 28

কামৰূপ জিলাৰ ৰাণী চাপৰিত দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰাণী চাপৰিত দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে এক কোটি ৫০ লাখ টকা ব্যয সাপেক্ষে নিৰ্মাণ কৰা মজলী-ৰাণী চাপৰি সংযোগী ভাসমান সেতুৰ আধাৰশিলা স্থাপন কৰে। এই সেতুখনে যাত্ৰাৰ সময় আৰু পৰিবহন ব্যয় হ্ৰাস কৰাৰ লগতে কৃষি কৰ্ম আৰু থলুৱা অর্থনীতি বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। ড০ শৰ্মাই লগতে ৬ কোটি ৫৪ লাখ টকা ব্যয়সাপেক্ষে ৰাণী চাপৰিত বিজুলী যোগান ব্যৱস্থাৰো আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪ হাজাৰ বিঘা ভূমি সামৰি ল'বলগী...